তেল আৰু প্ৰাকৃতিক গেছ নিগম অ’ এন জি চি কেতবোৰ নীতিৰ বিৰোধিতা কৰি আজি শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত অ’ এন জি চিত নিযুক্তি বন্ধ কৰা, লোকচানৰ অজুহাত দেখুৱাই তৈলক্ষেত্ৰসমূহ ব্যক্তিগত প্ৰতিষ্ঠানত অর্পন কৰা, শিৱসাগৰৰ পৰা বিভিন্ন কাৰ্যালয় স্থানান্তৰ কৰাকে ধৰি সিদ্ধান্তসমূহৰ সমালোচনা কৰা হয়।
সভাই প্রতিষ্ঠানটোত এশ শতাংশ থলুৱা নিযুক্তি নিশ্চিত কৰা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, পৰিবেশৰ ভাৰসাম্য ৰক্ষা, পৰম্পৰাগত কলা সংস্কৃতি সংৰক্ষণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। বিভিন্ন স্তৰৰ নাগৰিকে অংশ লোৱা এই সভাত গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্ত, অ এন জিচিৰ অৱসৰপ্ৰাপ্ত বিষয়া পোনাৰাম মিলি, সাংবাদিক মনোজ বৰঠাকুৰকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।