অ’ এন জি চিয়ে শিৱসাগৰৰ ভটিয়াপাৰত ৰীগৰ পৰা গেছ নির্গমন নিয়ন্ত্ৰণ কৰাত অগ্রগতি লাভ কৰা বুলি প্ৰকাশ কৰিছে। অ’ এন জি চিয়ে গেছ নির্গমনৰ হাব যথেষ্ট হ্ৰাস পোৱা বুলি জানিবলৈ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষজ্ঞ দলে কালি নির্গমনস্থলীৰ পৰিস্থিতিৰ প্ৰাৰম্ভিক মূল্যায়ণ কৰে আৰু বৰ্তমানলৈ অ’ এন জি চিৰ দলে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা চলায়। গেছ নির্গমন নিয়ন্ত্ৰণৰ বাবে পৰৱৰ্তী ব্যৱস্থাৰ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে। খাদৰ পৰা নলী আঁতৰোৱাৰ কাম আৰম্ভ হৈছে আৰু সম্প্ৰতি ৰীগৰ তলীৰ পৰা নলী আঁতৰোৱাৰ বাবে ক্রেন প্ৰেৰণ কৰা হৈছে।
Assamese | June 22, 2025 11:25 AM | ongc sivsagar
শিৱসাগৰৰ ভটিয়াপাৰত ৰীগৰ পৰা গেছ নির্গমন নিয়ন্ত্ৰণ কৰাত অগ্রগতি লাভ কৰা বুলি অ’ এন জি চিৰ প্ৰকাশ