October 28, 2025 11:20 AM

views 69

বিকশিত ভাৰত কুইজ প্রতিযোগিতাত যুৱক-যুৱতীসকলক অংশগ্রহণ কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বান

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক-যুৱতীসকলক বিকশিত ভাৰত কুইজ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত শ্রীমোদীয়ে কয়, যে ৰাষ্ট্ৰ গঠনৰ দিশত অৰিহণা আগবঢ়োৱাৰ ক্ষেত্ৰত দ্বিতীয় বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা এটা উত্তম সুযোগ। তেওঁ কয়, যে যুৱক-যুৱতীসকলৰ ধাৰণা আৰু অন্তর্দৃষ্টি, বিকশিত ভাৰত গঠনৰ পথ প্ৰশস্ত কৰিব পাৰে। জনসাধাৰণে অহা ৩১ অক্টোবৰ পৰ্যন্ত এই প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰিব পাৰিব। অহা ১০ৰ পৰা ১২ জানুৱাৰীলৈ বিকশিত ভাৰত কুইজ প্ৰতিযোগিতা অন...

October 24, 2025 9:07 PM

views 102

নিয়োগ মেলাসমূহ দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰ্ণৰ মাধ্যমৰূপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী

নিয়োগ মেলাসমূহ দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰ্ণৰ মাধ্যমৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাক উদ্দেশি দিয়া এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মত ব্যক্ত কৰে। অনুষ্ঠানত নিয়োগ মেলা উদ্যমৰ অধীনত বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। শ্ৰীমোদীয়ে কয় যে অকল এই নিযুক্তি মেলাসমূহৰ জৰিয়তে ১১ লাখৰো অধিক নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছ...

October 24, 2025 6:36 PM

views 86

সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাত দেশৰ ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাত অংশ গ্ৰহণ কৰি চৰকাৰৰ বিভিন্ন বিভাগত দেশৰ ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এটা ভিডিঅ' বার্তাযোগে কয়, যে নিয়োগ মেলা হৈছে দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰণ কৰাৰ এটা মাধ্যম। প্রধানমন্ত্ৰী শ্রীমোদীয়ে কয়, যে এইবাৰৰ মেলাৰ সৈতে চৰকাৰৰ বিভিন্ন বিভাগত এঘাৰ লাখতকৈও অধিক যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰা হৈছে। দেশত ৩ কোটি ৫ লাখ কর্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্...

October 22, 2025 2:57 PM

views 129

অহা ২৬ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কী বাত ১২৭ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০-১১-৭৮০০ বিনামূলীয়া নম্বৰত ফোন কৰি এই খণ্ডটিৰ বাবে দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ আৰু মাই গভ মুকলি মঞ্চৰ যোগেদিও দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব। ২৪ অক্টোবৰ পৰ্যন্ত আগবঢ়োৱা দিহা-পৰামৰ্শসমূহ গ্ৰহণ কৰা হ'ব। ৰাছিয়াই ইউক্রেইনৰ শক্তি প্রকল্পসমূহত কালি আক্ৰমণ কৰে। ইউক্রেইনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ...

October 14, 2025 11:40 AM

views 88

প্ৰধানমন্ত্ৰী মোদীক এগৰাকী ভাল বন্ধু বুলি অভিহিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ

● ইজিপ্তত অনুষ্ঠিত ধর্ম-অল-শ্বেখ শীৰ্ষ সন্মিলনত দিয়া ভাষণত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী ভাল বন্ধু বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতক এখন মহান দেশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীক বন্ধুৰ তালিকাত শীৰ্ষত থকা বুলি মন্তব্য কৰে। ট্রাম্পে কয়, যে প্রধানমন্ত্রী মোদীয়ে অভূতপূর্ব কাম কৰি দেখুৱাইছে। ৰাষ্ট্ৰপতি শ্ৰীটাম্পে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক সন্দৰ্ভত কয়, যে দুয়োখন দেশে মিলাপ্ৰীতিৰে থাকিব বুলি আশা ব্যক্ত কৰে। গাজাত ইজৰাইল আৰ...

October 13, 2025 2:30 PM

views 98

গতি শক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাৰ আজি ৪ বছৰ সম্পূৰ্ণ

● বহুমুখী সংযোগ সাধনৰ বাবে প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই আজি ৪ বছৰ সম্পূৰ্ণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ১৩ অক্টোবৰত ভিন্ন অর্থনৈতিক মণ্ডলত বহুমুখী আন্তঃগাঁথনিমূলক সংযোগ গঢ়ি তোলাৰ বাবে এই পৰিকল্পনা মুকলি কৰিছিল। এই পদক্ষেপৰ অধীনত পৰিবহণৰ বিভিন্ন মাধ্যমৰ জৰিয়তে দেশৰ সকলো প্ৰান্তৰ জনসাধাৰণক সুচল আৰু কাৰ্যকৰী সংযোগ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত প্রান্তীয় অঞ্চলত বাস কৰা লোকসকলৰ পৰিবহণৰ সময় হ্ৰাস পোৱাৰ লগতে সেই অঞ্চলসমূহৰ জনসাধাৰণৰ সৈতে যোগাযোগ সুচল ...

October 8, 2025 9:26 PM

views 79

অন্ধ্ৰপ্ৰদেশৰ কোনাচিমা জিলাত হোৱা দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

অন্ধ্ৰপ্ৰদেশৰ কোনাচিমা জিলাত হোৱা দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে দুৰ্ঘটনাত আঘাতপ্রাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। এনে জটিল সময়ত তেওঁ ঘটনাত ক্ষতিগ্ৰস্ত লোক তথা তেওঁলোকৰ পৰিয়ালৰ সৈতে সহমর্মিতা প্রকাশ কৰে।

October 8, 2025 9:11 PM

views 90

১৯,৬৫০ কোটি টকা ব্যয়সাপেক্ষে নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিমান পৰিবহন আন্তঃগাঁথনি খণ্ডত নতুন ইতিহাসৰ সূচনা কৰি নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰে। ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই বিমান বন্দৰটোৰ বাণিজ্যিক সেৱা অহা ডিচেম্বৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগে লগে একাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ থকা বিশ্বৰ বছা বছা চহৰৰ ভিতৰত মুম্বাইৰ নামও অন্তৰ্ভুক্ত হ'ল। বিমান বন্দৰটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বে প্রধানমন্ত্ৰীয়ে বন্দৰটো পৰিদৰ্শন কৰে আৰু যাত্ৰীসকলৰ বিভিন্ন সা-সুবিধাৰ বুজ ল...

October 8, 2025 7:15 PM

views 76

ভাৰতীয় মোবাইল মহাসভা-২০২৫ মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ য়শোভূমিত এছিয়াৰ সৰ্ববৃহৎ দূৰসংযোগ, মিডিয়া আৰু প্রযুক্তি সন্মিলন ভাৰতীয় মোবাইল মহাসভা-২০২৫ মুকলি কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয়, যে দূৰসংযোগ খণ্ডত দেশৰ সাফল্যই আত্ম-নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ শক্তিকে সূচায়। তেওঁ কয়, যে এসময়ত টু জি প্ৰযুক্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন জিলাতে সম্প্রতি ফাইভ জি সেৱাৰ প্ৰৱৰ্তন হৈছে। তেওঁ কয়, যে দেশৰ ডিজিটেল সংযোগ এতিয়া আৰু কোনো বিলাসিতা নহয়, বৰং ই প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱনৰ অবিচ্ছেদ্...

October 8, 2025 7:09 PM

views 94

ভাৰতলৈ আহিবলগীয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰক প্রধানমন্ত্ৰী মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম ঐতিহাসিক ভ্রমণসূচীৰে ভাৰতলৈ আহিবলগীয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰলৈ আদৰণি জনাইছে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে, যে তেওঁ শ্ৰীকীৰৰ সৈতে কাইলৈ হ'বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই আছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকী আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব। এই ভ্ৰমণকালত প্রধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে মুম্বাইত হ'বলগীয়া ষষ্ঠ গোলকীয় বিত্ত প্রযুক্তি মহোৎসৱত অংশগ্ৰহণ কৰিব।