December 29, 2025 12:08 PM

views 58

ৰাজ্যসমূহক ভাৰতক গোলকীয় সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহক নিৰ্মাণ আৰু সুগম ব্যৱসায়িক বৃদ্ধি তথা ভাৰতক গোলকীয় সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত অনুষ্ঠিত মুখ্যসচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্রীমোদীয়ে উল্লেখ কৰে যে ভাৰতে অতি শীঘ্ৰে ৰাষ্ট্ৰীয় নিৰ্মাণ অভিযান আৰম্ভ কৰিব আৰু প্ৰতিখন ৰাজ্যই ইয়াক অগ্ৰাধিকাৰ দিয়াৰ উপৰি বিশ্বৰ বিভিন্ন কোম্পানীসমূহক আকর্ষণ কৰাৰ বাবে আন্তঃগাঁথনি গঢ়ি তুলিব লাগিব। তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনত বিকশ...

December 27, 2025 7:06 PM

views 64

প্রধানমন্ত্ৰী মোদীয়ে দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিছে। তেওঁ কাইলৈও সন্মিলনত অধ্যক্ষৰ দায়িত্ব পালন কৰিব। ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত নিৰন্তৰ আলোচনাৰ মাধ্যমেৰে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা সুদৃঢ় কৰাই এই সন্মিলনৰ মূল উদ্দেশ্য। সন্মিলনত এটা উমৈহতীয়া উন্নয়নমূলক কাৰ্যসূচী চূড়ান্ত কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ দৃষ্টিভংগী অনুযায়ী আয়োজন কৰা এই সন্মিলন...

December 26, 2025 9:05 PM

views 111

ৰাষ্ট্ৰ গঠনত যুৱ প্ৰজন্মই যাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ বাবে যুৱক- যুৱতীসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি নতুন নীতিসমূহ প্ৰস্তুত কৰি থকা হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ গঠনত যুৱ প্ৰজন্মই যাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ বাবে যুৱক- যুৱতীসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি নতুন নীতিসমূহ প্ৰস্তুত কৰি থকা হৈছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অনুষ্ঠিত বীৰ বাল দিৱস কাৰ্যসূচীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীমোদীয়ে কয় যে জেনেৰেচন জেড আৰু জেন আলফাৰ যুৱশক্তিয়ে ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশক আগবঢ়াই লৈ যোৱা হ'ব। তেওঁ কয় যে যুৱ প্ৰজন্মৰ সৰ্বাংগীন দিশৰ উন্নয়নৰ প...

December 22, 2025 7:54 PM

views 66

প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিগত এঘাৰ বছৰত দেশত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যান দপ্তৰৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত দেশত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে প্ৰাথমিকৰ পৰা স্বাস্থ্য যতন ব্যৱস্থাক তিনি গুণ ৰূপান্তৰ সাধন কৰিছে। নতুন দিল্লীৰ বৰ্ধমান মহাবীৰ চিকিৎ‍সা মহাবিদ্যালয় আৰু চফদৰ্জং চিকিৎসালয়ৰ সপ্তম সমাৱৰ্তনত সম্বোধন কৰি তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে সকলোৰে বাবে স্বাস্থ্য সেৱা ব্যয় সাধ্য কৰি তুলিছে। তেওঁ কয় যে চৰকাৰে দৰিদ্ৰ আৰু আ...

December 18, 2025 4:36 PM

views 47

বিচিত্ৰতা ভাৰতীয় সংস্কৃতিৰ শক্তিশালী ভেটি: প্ৰধানমন্ত্ৰী মোদী

বিচিত্ৰতা ভাৰতীয় সংস্কৃতিৰ শক্তিশালী ভেটি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ত্রিদেশীয় ভ্রমণসূচীৰ অন্তিম পৰ্যায়ত আজি অ’মানৰ মাছকাটত প্ৰবাসী ভাৰতীয় আৰু শিক্ষাৰ্থীসকলক উদ্দেশি ভাষণ দি প্রধানমন্ত্রী মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতীয়সকলৰ বাবে প্ৰতিটো দিনে নতুন ৰং, প্ৰতিটো ঋতু নতুন উৎসৱ আৰু প্ৰতিটো পৰম্পৰা নতুন অৱধাৰণা স্বৰূপ। এইবাবে ভাৰতীয়সকল য’লৈকে যায়, তেওঁলোকে সেই ঠাইৰ বিবিধতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আজি পুৱা ভাৰত-অ’মান ব্যৱসায় ...

December 18, 2025 12:16 PM

views 70

২০ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী

● দুদিনীয়া ভ্ৰমণসূচীৰে অহা ২০ ডিচেম্বৰত অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব। প্রধানমন্ত্রী মোদীয়ে ২১ ডিচেম্বৰত জাতীয় জীৱন সংগ্ৰামৰ অমৰ ছহিদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৬০ গৰাকী বীৰ ছহিদক প্ৰণিপাত জনাই ছহিদ বেদীত পুষ্পাঞ্জলি অর্পণ কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া বৰাগাঁৱত উপস্থিত হৈ যা...

December 6, 2025 2:52 PM

views 86

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ

● ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত কালি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়ী মঞ্চৰ বৈঠকত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে দুয়োপক্ষৰ প্ৰৱল সম্ভাৱনাই নিৰ্ধাৰিত সময়ৰ পূৰ্বেই যে দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্যত উপনীত হ'ব পৰা যাব তাকেই সূচাইছে। তেওঁ কয় যে ব্যৱসায়ৰ বাবে সৰল আৰু সহজে অনুমেয় ব্যৱস্থা গঢ়ি তোলা হৈছে। ভাৰত আৰু ইউৰেছিয় অর্থনৈতিক সংঘৰ মাজত মুক্...

December 5, 2025 12:22 PM

views 65

দুদিনীয়া ভ্রমণসূচীৰে ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২০ ডিচেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। প্রধানমন্ত্ৰীয়ে এই ভ্রমণকালত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। একেদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে গুৱাহাটীত এখন জনসভাত অংশগ্রহণ কৰিব। শ্রীমোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ নামৰূপত স্থাপন হ'বলগীয়া এম’নিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নি...

December 4, 2025 8:38 PM

views 61

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত প্রধানমন্ত্ৰী মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে প্রাক্তন ৰাজ্যপালগৰাকী এগৰাকী প্ৰসিদ্ধ অধিবক্তা আছিল আৰু তেওঁ অভাৱগ্ৰস্ত লোকৰ জীৱনৰ উন্নয়নৰ বাবে আইনী পেছাৰ ব্যৱহাৰত বিশ্বাস কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ দেশৰ কনিষ্ঠতম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ৰাজ্যপালৰ কাৰ্যকালত মিজোৰামৰ জনমানসত মচিব নোৱাৰা চাপ এৰি থৈ যাবলৈ সমৰ্থ হৈছিল। সাংসদ হিচাপে স্বৰাজ...

December 3, 2025 11:41 AM

views 103

সমাগত বিধানসভা নির্বাচন সন্দৰ্ভত অসমৰ সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

● ৰাজ্যৰ সমাগত বিধানসভা নির্বাচন সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসমৰ সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নতুন দিল্লীৰ সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসমৰ সাংসদসকলে ৰাজ্যখনৰ উন্নয়নকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে। প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া, সাংসদ প্ৰদান বৰুৱা, ৰঞ্জিত দত্ত, ৰামেশ্বৰ তেলী, কৃপানাথ মাল্লা, পৰিমল শ...