‘যোগে বিশ্বজুৰি ব্যাপক জনপ্রিয়তা লাভ কৰিছে’ – প্ৰধানমন্ত্ৰী মোদী

যোগে বিশ্বজুৰি ব্যাপক জনপ্রিয়তা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে তেওঁ আজি প্রথম বিশ্ব যোগাসন ক্রীড়া প্রতিযোগিতা ২০২৬৩ ভার্চুৱেলী অংশ ল’ব।

গুজৰাটৰ আহমেদাবাদত হ’বলগীয়া এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ যোগাভ্যাসকাৰীয়ে অংশ ল’ব। প্ৰধানমন্ত্ৰীয়ে এই প্রতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগাভ্যাসক ক্ৰীড়াৰ মৰ্যাদা প্ৰদানৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে।

তেওঁ এই কাৰ্যসূচী আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে।