September 6, 2024 8:05 PM

views 28

মাতৃভাষাত শিক্ষা গ্ৰহণৰ গুৰুত্বত প্রধানমন্ত্ৰী মোদীৰ আলোকপাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃভাষাত শিক্ষা গ্ৰহণৰ গুৰুত্বত আলোকপাত কৰিছে। নতুন দিল্লীৰ বাসগৃহত আজি বিয়লি ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰাপক শিক্ষক-শিক্ষয়িত্রীসকলৰ সৈতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰি শ্ৰীমোদীয়ে এই কথা সদৰী কৰে। তেওঁ শিক্ষকসকলে বিভিন্ন ভাষাত শিক্ষার্থীসকলক স্থানীয় সাধুকথা ক'বলৈ পৰামৰ্শ আগবঢ়ায়, যাতে শিক্ষার্থীসকলে ভিন ভিন ভাষা শিকিব পাৰে আৰু ভাৰতৰ সজীৱ সংস্কৃতিৰ পৰিচয় লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, শিক্ষক-শিক্ষয়িত্রীসকলে শিক্ষাৰ্থীসকলক দেশৰ ...

September 6, 2024 6:47 PM

views 54

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ চুৰাটত জল সঞ্চয় জন ভাগিদাৰী কাৰ্যসূচী মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ চুৰাটত জল সঞ্চয় জন ভাগিদাৰী কাৰ্যসূচী মুকলি কৰে। প্ৰধানমন্ত্ৰী মোদীৰ সহযোগিতামূলক জল ব্যৱস্থাপনাৰ দৃষ্টিভংগীৰে ৰূপায়ণ হৈ থকা জলশক্তি অভিযানঃ বৰষুণৰ পানী সংৰক্ষণ অনুসৰি এই কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে গুজৰাটৰ বৰষুণৰ পানী সংৰক্ষণৰ পৰিকাঠামো ৰূপায়ণৰ বাবে জনসাধাৰণ, স্থানীয় নিকায়, উদ্যোগ আৰু অন্য পক্ষসমূহক ঐক্যবদ্ধ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত সমূহীয়া সহযোগিতাৰে গুজৰাটৰ বিভিন্ন অংশত বৰষুণৰ ...

September 5, 2024 8:20 PM

views 67

ভাৰত-ছিংগাপুৰৰ মাজত ৪ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ছিংগাপুৰে স্বাস্থ্য আৰু ঔষধ, শিক্ষা আৰু দক্ষতা বিকাশ, ডিজিটেল প্ৰযুক্তি আৰু ভাৰত-ছিংগাপুৰ অৰ্ধপৰিবাহী প্রণালী বিষয়ক সহযোগিতা সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে লগতে উভয় দেশৰ মাজৰ সম্পৰ্কক সর্বাত্মক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ হকে সন্মতি প্ৰকাশ কৰে। ইয়াৰ ফলত ভাৰতৰ এক্ট ইষ্ট নীতিয়ে প্ৰসাৰ লাভ কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ মাজত আজি অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়...

September 5, 2024 6:17 PM

views 80

ভাৰত আৰু ছিংগাপুৰৰ মাজত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ছিংগাপুৰে স্বাস্থ্য আৰু ঔষধ, শিক্ষা আৰু দক্ষতা বিকাশ, ডিজিটেল প্রযুক্তি আৰু অৰ্ধপৰিবাহীৰ অৰ্থ ব্যৱস্থাৰ সহযোগিতা সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে সংহত কৌশলগত সহযোগিতাক অধিক ত্বৰান্বিত কৰাৰ হকে সন্মতি প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ভাৰতৰ এক্ট ইষ্ট নীতিয়ে গুৰুত্বপূৰ্ণ প্ৰসাৰ লাভ কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ মাজত আজি অনুষ্ঠিত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ছিংগাপুৰত অ...

September 5, 2024 6:05 PM

views 58

শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষকসকললৈ প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে এই দিনটো হৈছে দেশৰ যুৱ চামক গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষকসকলৰ অৱদানক কৃতজ্ঞতা জ্ঞাপনৰ এটা উপলক্ষ্য। শ্ৰী মোদীয়ে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্রয়াত সৰ্বেপল্লী ৰাধাকৃষ্ণণক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছে। তেওঁৰ স্মৃতি সুঁৱৰি আজিৰ দিনটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

September 3, 2024 5:34 PM

views 66

ব্রুনেইৰ ৰাজধানী বন্দৰ ছেৰী বিগৱানত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রুনেই আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি দুপৰীয়া ব্রুনেইৰ ৰাজধানী বন্দৰ ছেৰী বিগৱানত উপস্থিত হৈছেগৈ। ব্ৰুনেই বিমান বন্দৰত প্ৰধানমন্ত্ৰীক যুৱৰাজ হাজি অল মুহতাদী বিল্লাহে আনুষ্ঠানিকভাৱে অভ্যর্থনা জনায়। প্রথম দ্বিপাক্ষিক ভ্ৰমণসূচীৰে তেওঁ ব্রুনেইলৈ গৈছে। ভাৰত আৰু ব্রুনেই দুয়ো দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৪০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখন ভ্ৰমণ কৰিছে। ইয়াৰ আগেয়ে দ্বিদেশীয় ভ্রমণসূচীৰে ৰাওৱা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ব্ৰুনেই...

September 2, 2024 3:39 PM

views 46

প্রধানমন্ত্ৰী মোদীয়ে দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব। বিজেপিয়ে নতুন সদস্য ভর্তি আৰু দলটোৰ বৰ্তমানৰ সদস্যসকলক পুনৰ নবীকৰণ কৰাৰ লক্ষ্যৰে এই অভিযান হাতত লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলত তেওঁৰ সদস্য নবীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা প্ৰমাণ-পত্ৰ গ্ৰহণ কৰিব। আজিৰ পৰা অহা ১০ নৱেম্বৰলৈকে বিভিন্ন পর্যায়ত এই অভিযান চলোৱা হ'ব। সদস্য ভৰ্তি অভিযানৰ প্ৰথম পৰ্যায় অহা ২৫ ছেপ্তেম্বৰত সামৰণি পৰিব। আমাৰ সংবাদদাতাই জানিবলৈ দিছে যে ভাৰতী...

September 2, 2024 4:59 PM

views 41

প্রধানমন্ত্ৰী মোদীৰ ব্ৰুনেই আৰু ছিংগাপুৰ ভ্ৰমণ কাইলৈ আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত পূবৰ দায়িত্বত থকা সচিব জয়দ্বীপ মজুমদাৰে ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়াই প্রথম দ্বিপাক্ষিক ব্রুনেই যাত্ৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত আৰু ব্রুনেইৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৪০ সংখ্যক বাৰ্ষিকীৰ সময়ত প্রধানমন্ত্রী মোদী দেশখনলৈ যাব। শ্ৰী মজুমদাৰে কয় যে, ভাৰত এক্ট-ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ ক্ষেত্ৰত ব্রুনেই এটা গুৰুত্বপূৰ্ণ অং...

September 2, 2024 9:06 AM

views 54

চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ’ব প্রধানমন্ত্ৰী মোদী

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কয় যে, ব্রুনেইৰ চুলতান হাজী হছনল বোলকিয়াৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদী কাইলৈ ব্ৰুনেৰ ডাৰুচ্ছালামত উপস্থিত হ'ব৷ এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ব্রুনেই যাত্ৰা হ'ব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত আৰু ব্রুনেইৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৪০ সংখ্যক বাৰ্ষিকীৰ সময়ত প্রধ...

September 2, 2024 9:03 AM

views 65

অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাষাৰ বৰষুণৰ ফলত অভাৱনীয় পৰিস্থিতি

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱা হ'ব বুলি ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীক আশ্বাস প্ৰদান কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰীমোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱান্থ ৰেড্ডীৰ সৈতে প্ৰবল বৰষুণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা বান সন্দৰ্ভত টেলিফোনেৰে বাৰ্তালাপ কৰে। হায়দাবাদকে ধৰি তেলেংগানাৰ বিভিন্ন অংশত কালিও ধাৰাষাৰ...