January 9, 2025 4:08 PM

views 44

তিৰুপতিত ভক্তৰ হেঁচা ঠেলাত কেইবাগৰাকী লোকৰ মৃত্যুৰ ঘটনাক লৈ ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোকপ্রকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত ভক্তৰ হেঁচা ঠেলাত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গভীৰ শোকপ্রকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এটা শোকবার্তাত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ আশুআৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়সকললৈ সমবেদনা প্রকাশ কৰি কয়, যে ৰাজ্য চৰকাৰে এই ঘটনাত আঘাতপ্রাপ্ত লোকসকলক সম্ভা সকলো ধৰণৰ সহায় আগবঢ়াইছে। উল্লেখয...

January 9, 2025 2:56 PM

views 42

ভূৱনেশ্বৰত অষ্টাদশ প্রবাসী ভাৰতীয় দিৱসৰ অভিৱৰ্তনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ভূৱনেশ্বৰত আজি অষ্টাদশ প্রবাসী ভাৰতীয় দিৱসৰ অভিৱৰ্তনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। নিজৰ ভাষণত শ্রীমোদীয়ে প্রবাসী ভাৰতীয়সকলে বিশ্বত ভাৰতৰ ৰাষ্ট্ৰদূতৰূপে সেৱা আগবঢ়াই অহা বুলি প্ৰশংসা কৰে। তেওঁ কয়, যে বিশ্বৰ বিভিন্ন দেশত থকা এই ভাৰতীয়সকলে তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা মৰম আৰু সন্মানক তেওঁ কেতিয়াও পাহৰিব নোৱাৰে। শ্ৰীমোদীয়ে কয়, যে ভাৰতীয় সম্প্রদায়ে বিশ্বজুৰি নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ সফলতাই দেশক গৌৰৱান্বিত কৰে। প্ৰবাসী ভাৰতীয়সকলে বিশ্বজুৰি ...

January 3, 2025 10:10 PM

views 37

দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ অশোক বিহাৰৰ বস্তি এলেকাত বাস কৰা লোকৰ বাবে নিৰ্মাণ কৰা প্ৰায় ১,৭০০টা বাসগৃহ মুকলি কৰে আৰু যোগ্য হিতাধিকাৰী সকলক বাসগৃহৰ চাবি প্ৰদান কৰে। শ্রীমোদীয়ে বাসগৃহ লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে কথা-বতৰাত মিলিত হোৱাৰ লগতে বাসগৃহসমূহ পৰিদৰ্শনো কৰে। এই নৱনিৰ্মিত বাসগৃহসমূহৰ উদ্বোধনৰ লগে লগে দিল্লী উন্নয়ন প্ৰাধিকৰণৰ বস্তি এলেকাত পুনর্বাস প্ৰকল্পৰ দ্বিতীয় পর্যায় সম্পূৰ্ণ হ'ল। বস্তি এলেকাত বাস...

January 2, 2025 4:29 PM

views 43

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰী মোদীয়ে অশোক বিহাৰত প্ৰায় এহেজাৰ ৭০০টা নৱনিৰ্মিত ফ্লেট উদ্বোধন কৰি হিতাধিকাৰীসকলক ফ্লেটৰ চাবি প্ৰদান কৰিব। বস্তি অঞ্চলৰ লোকৰ পুনৰ সংস্থাপন প্ৰকল্পৰ অধীনত দিল্লী উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা এই ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে বস্তি অঞ্চলত বসবাস কৰা লোকসকলক উপযুক্ত সা-সুবিধা থকা এটা উন্নত আৰু স্বাস্থ্যকৰ পৰিৱেশ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে নৌৰ...

January 2, 2025 4:22 PM

views 36

ONDC-এ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৱলীকৰণ আৰু ই-বাণিজ্যৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছেঃ প্রধানমন্ত্ৰী

ডিজিটেল বাণিজ্যৰ বাবে মুকলি নেটৱৰ্ক ব্যৱস্থা অর্থাৎ ONDC-এ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৱলীকৰণ আৰু ই-বাণিজ্যৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয়, যে দেশৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত ই নির্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে এই সন্দৰ্ভত কয়, যে ভাৰতত ই-বাণিজ্যৰ গণতান্ত্ৰিকৰণৰ লক্ষ্যৰে ২০২১ চনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ONDC ব্যৱস্থা মুকলি কৰিছিল। বিগত তিনিটা বছৰত ...

January 2, 2025 4:02 PM

views 47

মহাৰাষ্ট্ৰ চৰকাৰে মাওবাদৰ কৱলত পৰা অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা

মহাৰাষ্ট্ৰ চৰকাৰে দূৰণিবতীয়া আৰু মাওবাদৰ কৱলত পৰা অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে। সামাজিক মাধ্যমযোগে এইবিষয়ে প্রকাশ কৰি শ্ৰী মোদীয়ে কয়, যে এনে পদক্ষেপসমূহে জীৱন ধাৰণৰ সূচলতা বৃদ্ধি কৰাৰ লগতে অধিক উন্নয়নৰ পথ মুকলি কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষকৈ ৰাজ্যখনৰ গড়চিৰৌলি আৰু ইয়াৰ সমীপৰ অঞ্চলসমূহৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে কালি গড়চিৰৌলিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাৱিজৰ সন্মুখত ১১ জন ...

January 2, 2025 10:05 AM

views 39

পদ্মশ্ৰী বঁটাপ্ৰাপক আৰু প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী ড০ কে এছ মনিলালৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পদ্মশ্ৰী বঁটাপ্ৰাপক আৰু প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী ড০ কে এছ মনিলালৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত শ্রীমোদীয়ে কয়, যে উদ্ভিদ বিজ্ঞানলৈ তেওঁ আগবঢ়োৱা অৱদান পৰৱৰ্ত্তী প্রজন্মৰ উদ্ভিদ বিজ্ঞানী আৰু গৱেষকসকলৰ বাবে পাথেয় হৈ ৰ'ব। শ্রীমোদীয়ে লগতে কয় যে কেৰালাৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি মনিলাল সমানে আগ্রহী আছিল।

December 24, 2024 3:46 PM

views 47

কাইলৈ অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী মোদী মধ্য প্ৰদেশলৈ যাব

প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মধ্য প্ৰদেশলৈ যাব। তেওঁ ৰাজ্যখনৰ খাজুৰাহোত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই ভ্রমণকালতে প্রধানমন্ত্রীয়ে অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰিব। শ্রী মোদীয়ে লগতে এহেজাৰ ১৫৩টা অটল গ্রাম সুশাসন ভৱনৰ আধাৰশিলা স্থাপন কৰিব।

December 24, 2024 3:33 PM

views 56

কেন্দ্রীয় বাজেট দাখিলৰ পূৰ্বে অর্থনীতিবিদৰ সৈতে আলোচনা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেন্দ্রীয় বাজেট দাখিলৰ পূৰ্বে একাংশ অর্থনীতিবিদৰ সৈতে আলোচনাত মিলিত হয়। এই বৈঠকত বিত্ত মন্ত্রী নির্মলা সীতাৰমণ, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্রমণিয়াম আৰু অন্যান্য জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰে।

December 24, 2024 10:28 AM

views 57

ৰোজগাৰ মেলা উপলক্ষে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰোজগাৰ মেলা উপলক্ষে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে বিগত ডেৰ বছৰত দেশত প্ৰায় ১০ লাখ লোকক চৰকাৰী সংস্থাপন দিয়া হৈছে বুলি সদৰী কৰে। তেওঁ কয়, যে এই নিযুক্তিসমূহ সম্পূর্ণ স্বচ্ছভাৱে প্ৰদান কৰা হৈছে আৰু নিযুক্তিপ্রাপ্তসকলে সম্পূর্ণ একাগ্ৰতাৰে দেশৰ সেৱাত ব্ৰতী হৈ আছে। দেশৰ মুঠ ৪৫টা স্থানত নিযুক্তি পত্র বিতৰণৰ বাবে ৰোজগাৰ মেলাৰ আয়োজন কৰা হয়। বিভিন্ন চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ৰ খালী পদ পূৰণৰ দিশত পদক...