June 11, 2025 8:31 PM

views 50

সামাজিক মাধ্যমত ১১ বছৰৰ সামগ্রিক বিকাশ আৰু দেশৰ সমৃদ্ধি সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীৰ প্ৰৱন্ধ প্ৰকাশ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমত ১১ বছৰৰ সামগ্রিক বিকাশ আৰু দেশৰ সমৃদ্ধি সন্দৰ্ভত এটা প্ৰৱন্ধ ছেয়াৰ কৰিছে। দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই প্ৰৱন্ধটো লিখিছে। পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীমোদীয়ে বিগত ১১ বছৰত দেশৰ সামগ্রিক বিকাশত উল্লেখযোগ্য পৰিৱৰ্তন আৰু দেশক সমৃদ্ধিশালী আৰু উন্নত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য দিশসমূহৰ কথা উল্লেখ কৰে।

June 10, 2025 9:22 PM

views 74

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ মোদী এপ্ অথবা নমো এপৰ জৰিয়তে আৰম্ভ কৰা জন-মন সমীক্ষাৰ প্ৰথম দিনতে সমগ্ৰ দেশৰ ৫ লাখৰো অধিক লোকে এই সমীক্ষাৰ জৰিয়তে প্রতিক্রিয়া জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশবাসীক বিগত ১১ বছৰত দেশৰ বিকাশ যাত্ৰা সন্দৰ্ভত নমো এপৰ জৰিয়তে সমীক্ষাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। এই সমীক্ষাই জনসাধাৰণৰ সৈতে চৰকাৰক পোনপটীয়াকৈ প্ৰতিক্ৰিয়া আৰু দিহা-পৰামৰ্শ আগবঢ়োৱাৰ মঞ্চ প্ৰদান কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিক্ৰিয়া সংগ্ৰহেৰে এই সমীক্ষাৰ ...

June 10, 2025 7:12 PM

views 62

বিগত ১১ বছৰত দেশৰ প্ৰতিৰক্ষা খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰত দেশৰ প্ৰতিৰক্ষা খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে প্ৰতিৰক্ষা উৎপাদনত সম্প্রতি আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰতাক গুৰুত্ব দিয়া হৈছে। তেওঁ কয়, যে দেশক শক্তিশালী কৰাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবাসীয়ে ঐক্যবদ্ধহৈ কাম কৰিছে।

June 6, 2025 8:24 PM

views 71

জম্মু-কাশ্মীৰৰ বিকাশৰ যাত্ৰাত নতুনকৈ উদ্বোধন কৰা বৃহৎ প্রকল্পসমূহে বিশেষ গুৰুত্ব বহন কৰিছেঃ প্রধানমন্ত্ৰী

জম্মু-কাশ্মীৰৰ বিকাশৰ যাত্ৰাত নতুনকৈ উদ্বোধন কৰা বৃহৎ প্রকল্পসমূহে বিশেষ গুৰুত্ব বহন কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। কাট্ৰাত চেনাব দলং আৰু আঞ্জি খাদ দলং উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়, যে এই অত্যাধুনিক চেনাব দলঙে জম্মু আৰু শ্ৰীনগৰৰ মাজৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰিব। প্ৰধানমন্ত্ৰীয়ে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে এতিয়া সমগ্ৰ দেশ ৰে'লৱে নেটৱৰ্কেৰে সংযোজিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, যে উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে'ল লাইন প্রকল্প হৈছে, এখন নতুন আৰু শক...

June 6, 2025 6:39 PM

views 89

জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধেনুভেৰীয়া দলংখন আনুষ্ঠানিকভাবে উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধেনুভেৰীয়া দলংখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি কাট্ৰাত আঞ্জি খাদ দলঙো উদ্বোধন কৰে। কাশ্মীৰ উপত্যকাক দেশৰ বাকী অংশৰ সৈতে ৰে'ল সংযোগ ঘটোৱাৰ বাবে আৰম্ভ কৰা এই ৪২ বছৰ পুৰণি প্ৰকল্পটোৰ অন্তিম পৰ্যায়ত এই চেনাব দলংখন উদ্বোধন কৰাৰ লগে লগে এই অভিলাষী প্রকল্প সম্পূৰ্ণ হ'ল। ইয়াৰ ফলত এহেজাৰ ৪৪৮ কোটি টকা ব্যয় সাপেক্ষ ২৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে'ল পথৰ নিৰ্মাণৰ কামো ...

June 3, 2025 9:27 PM

views 69

প্রধানমন্ত্ৰী মোদীয়ে অহা ৬ জুনত জম্মু-কাশ্মীৰত চেনাব দলং উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৬ জুনত জম্মু-কাশ্মীৰত চেনাব দলং উদ্বোধন কৰিব বুলি কেন্দ্রীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ সিঙে কয়, যে বিশ্বৰ সৰ্বোচ্চ এই ৰে'ল দলং নৱ ভাৰতৰ শক্তি আৰু দৰ্শনৰ প্ৰতিক হিচাপে থিয় দিছে। তেওঁ লগতে কয়, যে উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে'ল যোগাযোগ প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰা চেনাব ৰে'ল দলংখন অতি কঠিন প্রাকৃতিক প্ৰত্যাহ্বানৰ মাজতো অটল হৈ থাকিব পৰাকৈ অত্যাধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।

June 3, 2025 7:04 PM

views 59

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপত অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ লয়। আজি আগবেলা প্রধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে হোৱা টেলিফোন বাৰ্তালাপত বানত ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু পুনৰসংস্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাই অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতি আৰু ৰাজ্যখনৰ বিভিন্ন অঞ্চলত পৰা ইয়াৰ প্ৰভাব সন্দৰ্ভত প্রধানমন্ত্ৰীক অৱগত কৰে। ...

June 2, 2025 8:50 PM

views 67

ভাৰতৰ বিমান পৰিবহন খণ্ডই বিশ্বৰ বিমান পৰিবহন উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

ভাৰতৰ বিমান পৰিবহন খণ্ডই বিশ্বৰ বিমান পৰিবহন উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি সন্ধিয়া আন্তৰাষ্ট্ৰীয় আকাশ পৰিবহন সংস্থাৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সন্মিলনত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্ব মহাকাশ-বিমান ক্ষেত্ৰত ভাৰতে নেতৃত্ব বহন কৰিছে। উড়ান আঁচনিৰ সফলতাই ভাৰতৰ অসামৰিক বিমান পৰিবহন খণ্ডত সোণালী অধ্যয়ৰ সূচনা কৰিছে। বৰ্তমান ভাৰতে বিশ্বৰ ঘৰুৱা বিমান পৰিবহন খণ্ডত তৃতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে বুলি শ্ৰীমোদীয়ে প্ৰকা...

June 2, 2025 8:49 PM

views 67

ভাৰত আৰু পাৰাগুৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যমত পোষণ কৰিছেঃ প্ৰধানমন্ত্ৰী

সেউজ শক্তি, সেউজ হাইড্ৰজেন আৰু জৈৱ ইন্ধনৰ দৰে খণ্ডসমূহত ভাৰত আৰু পাৰাগুৱেৰ নিজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনা পালাচিঅ'চৰ মাজত সম্পন্ন হোৱা প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত দুয়োখন দেশে চাইবাৰ অপৰাধ, ড্ৰাগছ সৰবৰাহ আদিৰ বিৰুদ্ধে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু পাৰাগুৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যমত...

June 2, 2025 10:02 AM

views 57

পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছেণ্টিয়াগ পেনা পালাছিয়ছৰ আজিৰে পৰা ৩ দিনীয়াকৈ ভাৰত ভ্ৰমণ

পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছেণ্টিয়াগ পেনা পালাছিয়ছে আজিৰে পৰা তিনিদিনীয়াকৈ ভাৰত ভ্ৰমণ কৰিব। তেওঁৰ সৈতে মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধিকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো থাকিব। এই ভ্ৰমণৰ সময়ছোৱাত দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তৃত পর্যালোচনা কৰাৰ সম্ভাৱনা আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে জনাইছে যে ৰাষ্ট্ৰপতি পেনাৰ এয়া হ'ব প্ৰথমটো ভাৰত ভ্ৰমণ আৰু কোনো এগৰাকী পাৰাগুৱেৰ ৰাষ্ট্ৰপতিৰ বৰ্তমানলৈকে দ্বিতীয়টো ভাৰত ভ্ৰমণ। যাত্ৰাৰ প্ৰথম দিনা ৰাষ্ট্ৰপতি পেনাই প্রধানমন...