January 30, 2025 4:45 PM

views 15

মহাকুম্ভ মেলাত অহা ৪ ফেব্ৰুৱাৰী পৰ্যন্ত বাহনৰ চলাচল শূন্য কৰি ৰখাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ সিদ্ধান্ত

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অহা ৪ ফেব্ৰুৱাৰী পৰ্যন্ত বাহনৰ চলাচল শূন্য কৰি ৰখাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত লৈছে। ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। আকাশবাণী বাতৰি বিভাগৰ সৈতে আচুতীয়া কথা-বতৰাত প্ৰয়াগৰাজৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অংশুমান মিত্রই প্রকাশ কৰা মতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনসমূহহে মেলালৈ চলাচলৰ অনুমতি দিয়া হ'ব। উল্লেখযোগ্য যে কালি মেলাথলীত পদপিষ্ট হৈ অসমৰ এগৰাকী ব্যক্তিৰ লগতে ৩০ গৰাকীৰো অধিক ব্যক্তি নিহত হয়। মহাকুম্ভ মেলাৰ মৌনী ...

January 27, 2025 2:20 PM

views 55

মহাকুম্ভ মেলাত মহিলা সবলীকৰণৰ উদ্দেশ্যে কেইবাটাও পেভেলিয়ন স্থাপন

প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলা মহিলা সবলীকৰণৰ মঞ্চ হৈ পৰিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি বিভিন্ন সংস্থা আৰু স্বেচ্ছাসেৱী অনুষ্ঠানে মহিলাসকলৰ বাবে মঞ্চ আগবঢ়াইছে। মহিলা সবলীকৰণৰ উদ্দেশ্যে কুম্ভমেলাত মহিলাসকলৰ অধিকাৰৰ হকে কেইবাটাও পেভেলিয়ন স্থাপন কৰা হৈছে। ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাসকলৰ অধিকাৰ সাব্যস্ত কৰিব পৰা আইন সম্বন্ধীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যে এটা পেভেলিয়ন স্থাপন কৰিছে। এই কুম্ভমেলাতে স্থানীয় আৰু গ্ৰামাঞ্চলৰ পৰা অহা মহিলাসকলে পৰাম্পৰাগত হস্তনির্মিত বস্ত্ৰ, শিল্প আৰু জৈৱিক সামগ্ৰী...

January 15, 2025 8:27 PM

views 61

মহাকুম্ভ মেলাত উপস্থিত থকা ভক্তসকলৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গুণসম্পন্ন খাদ্য যোগানৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ গুৰুত্ব

চৰকাৰে প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত থকা ভক্তসকলৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গুণসম্পন্ন খাদ্য যোগানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে। এই ব্যৱস্থাসমূহ সুনিশ্চিত কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক কৰ্তব্যত মকৰল কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে, এইবাৰৰ কুম্ভমেলাক ৫ টা ক্ষেত্র আৰু ২৫ টা খণ্ডত বিভক্ত কৰা হৈছে। কেন্দ্ৰীয় কাৰ্য্যালয়ে খাদ্য সুৰক্ষাৰ ব্যৱস্থাসমূহৰ সঞ্চালনা কৰি আছে। নিৰীক্ষণৰ কাৰ্য্যৰ বাবে বিভিন্ন স্থানীয় দলৰ ওপৰত দায়িত্ব অর্পণ কৰা হৈছে। বিভিন্ন ভ্ৰাম্যমান পৰীক্ষাগ...

January 14, 2025 7:31 PM

views 99

মকৰ সংক্ৰান্তি উপলক্ষে উত্তৰ প্ৰদেশৰ ত্রিবেণী সংগমৰ মহা কুম্ভত ৩ কোটি ৫০ লাখৰো অধিক লোকৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত আজি মকৰ সংক্ৰান্তি উপলক্ষে ত্রিবেণী সংগমত আয়োজিত অমৃত স্নান কার্যসূচীত ৩ কোটি ৫০ লাখৰো অধিক লোকে স্নান কৰে। এই পৱিত্ৰ স্নান কাৰ্যসূচী বর্তমানেও নিয়াৰিকৈ চলি আছে। লক্ষাধিক ভক্তই এই স্নান সম্পন্ন কৰাৰ বাবে সেই স্থানত উপস্থিত হয়। স্নানৰ পাছত ভক্তসকলে ঘাটত পূজা অৰ্চনা আগবঢ়ায়। তেওঁলোকে লগতে পুৱাৰ ভাগত গংগা আৰতিতো অংশগ্ৰহণ কৰে ৷ উৎসৱৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকে দুৰ্বল শ্ৰেণীৰ লোকসকলক বিভিন্ন সামগ্রী দান কৰে। আনহাতে, মহাকুম্ভ মেলাত অসমৰ মাজুলীৰ লগতে উত্তৰ-প...

January 14, 2025 2:20 PM

views 93

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত ১ কোটি ৬০ লাখৰো অধিক লোকৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত আজি মকৰ সংক্রান্তি উপলক্ষে ত্রিবেণী সংগমত আয়োজিত অমৃত স্নান কাৰ্যসূচীত দিনৰ ১২ বজালৈকে ১ কোটি ৬০ লাখৰো অধিক লোকে স্নান কৰে। এই পৱিত্ৰ স্নান কাৰ্যসূচী বৰ্তমানেও নিয়াৰিকৈ চলি আছে। লক্ষাধিক ভক্তই এই স্নান সম্পন্ন কৰাৰ বাবে সেই স্থানত উপস্থিত হৈছে। স্নানৰ পাছত ভক্তসকলে ঘাটত পূজা অৰ্চনা আগবঢ়ায়। তেওঁলোকে লগতে পুৱাৰ ভাগত গংগা আৰতিটো অংশগ্রহণ কৰে। উৎসৱৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকে দুৰ্বল শ্ৰেণীৰ লোকসকলক বিভিন্ন সামগ্রী দান কৰে।

January 5, 2025 10:55 AM

views 39

স্পেইনৰ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলাত মহাকুম্ভ মেলা ২০২৫ৰ প্ৰচাৰৰ ব্যৱস্থা উত্তৰ প্ৰদেশ চৰকাৰৰ

উত্তৰ প্ৰদেশ চৰকাৰে স্পেইনৰ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলাত মহাকুম্ভ মেলা ২০২৫ৰ প্ৰচাৰ কৰিব। মহাকুম্ভ মেলা মানৱতাৰ সাংস্কৃতিক ঐতিহ্য বুলি তুলি ধৰাৰ লগতে ইয়াৰ আধ্যাত্মিক, ঐতিহাসিক আৰু সাংস্কৃতিক দিশসমূহতো আলোকপাত কৰা হ'ব। উত্তৰ প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে মাদ্রিদত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলাত মহাকুম্ভৰ সবিশেষ তুলি ধৰিবলৈ আঁচনি প্রস্তুত কৰিছে। এই অনুষ্ঠানৰ অভিজ্ঞতা আহৰণ কৰিবলৈ আৰু উত্তৰ প্ৰদেশৰ অন্যান্য পর্যটন ক্ষেত্ৰ তথা ৰাজ্যখনৰ বিশেষ আকৰ্ষণসমূহৰ বিষয়ে সবিশেষ জনাবলৈ বিশ্বৰ বিভিন্ন প্ৰান...