চৰকাৰে প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত থকা ভক্তসকলৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গুণসম্পন্ন খাদ্য যোগানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে। এই ব্যৱস্থাসমূহ সুনিশ্চিত কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক কৰ্তব্যত মকৰল কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে, এইবাৰৰ কুম্ভমেলাক ৫ টা ক্ষেত্র আৰু ২৫ টা খণ্ডত বিভক্ত কৰা হৈছে। কেন্দ্ৰীয় কাৰ্য্যালয়ে খাদ্য সুৰক্ষাৰ ব্যৱস্থাসমূহৰ সঞ্চালনা কৰি আছে। নিৰীক্ষণৰ কাৰ্য্যৰ বাবে বিভিন্ন স্থানীয় দলৰ ওপৰত দায়িত্ব অর্পণ কৰা হৈছে। বিভিন্ন ভ্ৰাম্যমান পৰীক্ষাগাৰত খাদ্য পৰীক্ষা কৰা হৈছে আৰু দুৰ্গন্ধময় তথা বেয়া খাদ্য যাতে বিতৰণ কৰা নাযায়, তাৰ ওপৰত নজৰ ৰখা হৈছে। ইয়াৰ লগতে স্থানীয় হোটেল, ধাবা আৰু সৰু-সুৰা খাদ্যৰ বিপণীসমূহৰ খাদ্যসমূহো পৰীক্ষা কৰি থকা হৈছে। চৰকাৰে মহাকুম্ভ মেলাৰ ভক্তসকলে যাতে সুৰক্ষিত আৰু সন্তোষজনক অভিজ্ঞতা লৈ ঘৰলৈ ঘূৰি যাব পাৰে, তাৰ প্ৰতি বিশেষ গুৰুত্ব দিছে।
Assamese | January 15, 2025 8:27 PM | Maha Kumbh
মহাকুম্ভ মেলাত উপস্থিত থকা ভক্তসকলৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গুণসম্পন্ন খাদ্য যোগানৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ গুৰুত্ব