উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত আজি মকৰ সংক্রান্তি উপলক্ষে ত্রিবেণী সংগমত আয়োজিত অমৃত স্নান কাৰ্যসূচীত দিনৰ ১২ বজালৈকে ১ কোটি ৬০ লাখৰো অধিক লোকে স্নান কৰে। এই পৱিত্ৰ স্নান কাৰ্যসূচী বৰ্তমানেও নিয়াৰিকৈ চলি আছে। লক্ষাধিক ভক্তই এই স্নান সম্পন্ন কৰাৰ বাবে সেই স্থানত উপস্থিত হৈছে। স্নানৰ পাছত ভক্তসকলে ঘাটত পূজা অৰ্চনা আগবঢ়ায়। তেওঁলোকে লগতে পুৱাৰ ভাগত গংগা আৰতিটো অংশগ্রহণ কৰে। উৎসৱৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকে দুৰ্বল শ্ৰেণীৰ লোকসকলক বিভিন্ন সামগ্রী দান কৰে।
Assamese | January 14, 2025 2:20 PM | Maha Kumbh
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত ১ কোটি ৬০ লাখৰো অধিক লোকৰ স্নান