উত্তৰ প্ৰদেশ চৰকাৰে স্পেইনৰ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলাত মহাকুম্ভ মেলা ২০২৫ৰ প্ৰচাৰ কৰিব। মহাকুম্ভ মেলা মানৱতাৰ সাংস্কৃতিক ঐতিহ্য বুলি তুলি ধৰাৰ লগতে ইয়াৰ আধ্যাত্মিক, ঐতিহাসিক আৰু সাংস্কৃতিক দিশসমূহতো আলোকপাত কৰা হ’ব। উত্তৰ প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে মাদ্রিদত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলাত মহাকুম্ভৰ সবিশেষ তুলি ধৰিবলৈ আঁচনি প্রস্তুত কৰিছে। এই অনুষ্ঠানৰ অভিজ্ঞতা আহৰণ কৰিবলৈ আৰু উত্তৰ প্ৰদেশৰ অন্যান্য পর্যটন ক্ষেত্ৰ তথা ৰাজ্যখনৰ বিশেষ আকৰ্ষণসমূহৰ বিষয়ে সবিশেষ জনাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক আমন্ত্ৰণ জনোৱা হ’ব। এই উপলক্ষে আয়োজক দেশ, চুবুৰীয়া দেশ আৰু বিভিন্ন পর্যটন ক্ষেত্ৰৰ প্ৰতিনিধিৰ লগতে ট্যুৰ অপাৰেটৰসকলৰ সৈতেও যোগাযোগ কৰা হ’ব।
Assamese | January 5, 2025 10:55 AM | Maha Kumbh
স্পেইনৰ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলাত মহাকুম্ভ মেলা ২০২৫ৰ প্ৰচাৰৰ ব্যৱস্থা উত্তৰ প্ৰদেশ চৰকাৰৰ