February 7, 2025 5:34 PM

views 50

জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ গুৰুত্ব আৰোপ

কেন্দ্ৰীয় চৰকাৰে জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। লোকসভাত এটা প্ৰশ্নৰ উত্তৰ দি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত চৰকাৰৰ পূৰ্ণ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিগৰাকী নাগৰিকে, বিশেষকৈ জনজাতীয় অঞ্চলসমূহত বসবাস কৰা লোকসকলে যাতে উৎকৃষ্ট চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে আন এটা প্ৰশ্নৰ উত্তৰত কয় যে বিগত ৩০ ব...

February 7, 2025 5:02 PM

views 53

লোকসভাত ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত

লোকসভাত আজি ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ সাংসদ ধৰ্মবীৰ গান্ধীয়ে দেশে সন্মুখীন হোৱা কৃষি প্ৰত্যাহ্বানসমূহ উত্থাপন কৰাত কেন্দ্ৰীয় বাজেট নিষ্ফল হৈছে বুলি অভিযোগ কৰে। তেওঁ লগতে কৃষকৰ আত্মহননৰ বিষয়টো সদনত উত্থাপন কৰে। শ্ৰী গান্ধীয়ে কয় যে চৰকাৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডক গুৰুত্ব দিয়া নাই আৰু বাজেটতো এই বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হোৱা নাই৷ দেশত দিনে দিনে গুণগত শিক্ষা অধিক ব্যয়বহুল হৈ পৰিছে বুলি উল্লেখ কৰি শ্ৰী গান্ধীয়ে কয় যে...

December 9, 2024 2:18 PM

views 62

লোকসভাৰ কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিতৰ পাছত দুপৰীয়া ১২ বজাত পুনৰ মিলিত হোৱাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতি অব্যাহত

এটা আগশাৰীৰ ব্যৱসায়ী গোটৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ গোচৰ আৰু কংগ্ৰেছ নেতাসকলৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাৰ সৈতে সম্পর্ক থকা বুলি উঠা অভিযোগকে ধৰি বিভিন্ন বিষয়লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি বাৰে বাৰে স্থগিত ৰাখিবলগীয়া হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত একেধৰণৰ পৰিস্থিতি অব্যাহত থাকে। কংগ্ৰেছ সাংসদসকলে ধবনি দি সদনৰ মজিয়ালৈ উঠি যায়। সেইসময়ত সদনৰ কামকাজৰ পৰিচালনাত থকা সভাপতিগৰাকীয়...

October 13, 2024 9:00 PM

views 57

আন্তঃসংসদীয় সংঘৰ ১৪৯ সংখ্যক বৈঠকত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাষণ দিব

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজিৰে পৰা ১৭ অক্টোবৰলৈ জেনেভাত হ'বলগীয়া আন্তঃসংসদীয় সংঘ আই-পি-ইউৰ ১৪৯ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া সংসদীয় প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰিব। শ্রীবিৰলাই বৈঠকত শান্তিপূৰ্ণ আৰু বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱণৰ ব্যৱহাৰ সন্দৰ্ভত ভাষণ দিব। তেওঁ লগতে আন্তঃসংসদীয় সংঘৰ পৰিচালনা পৰিষদৰ বৈঠকত ভাগ ল'ব আৰু কাইলৈ জেনেভাত প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিব। ইয়াৰ উপৰি তেওঁ বৈঠকত ভাগ লোৱাৰ সুযোগতে অন্য দেশত সংসদৰ অধ্যক্ষ সকলকো দেখা কৰিব। বৈঠকত অংশগ্ৰহণ কৰিবলগীয়...

September 28, 2024 7:29 PM

views 85

আইজলত স্বচ্ছতা অভিযানৰ অধীনত শ্রমদান কাৰ্যসূচীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অংশগ্ৰহণ

মিজোৰামত কমনৱেল্থ সংসদীয় সংঘৰ একবিংশ বাৰ্ষিক সমাৰোহত অংশ লোৱাৰ বাবে যোৱা বৃহস্পতিবাৰে ৰাজ্যখনত উপস্থিত হোৱা লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি আইজলত স্বচ্ছতা অভিযানৰ অধীনত শ্রমদান কাৰ্যসূচীত অংশ লয়। তেওঁ আইজলৰ বৰাবজাৰত কেন্দ্ৰীয় চৰকাৰৰ ভোকেল ফৰ লোকেল কাৰ্যসূচীক উৎসাহিত কৰাৰ বাবে বাঁহৰ পৰা উৎপাদিত সামগ্রী ক্রয় কৰে। অধ্যক্ষগৰাকীয়ে আইজলৰ বৰাবজাৰত কিছুসময় অতিবাহিত কৰাৰ লগতে থলুৱা বিক্ৰেতা আৰু হস্তশিল্পীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে অঞ্চলটোৰ স্থানীয় পঞ্চায়তৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় অন...

August 8, 2024 8:03 PM

views 50

ৱাফ সংশোধনী বিধেয়ক ২০২৪ যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ

ৱাফ সংশোধনী বিধেয়ক ২০২৪ যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰা হৈছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজুৱে আজি লোকসভাত বিধেয়কখন উত্থাপন কৰি কয় যে, চৰকাৰ বিধেয়কখন পুংখানুপুখভাবে চালি-জাৰি চাবলৈ সাজু। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰৰ অভিপ্ৰায় সুস্পষ্ট আৰু ইয়াৰ বিধেয়কখনক লৈ লুকাবলগীয়া একোৱেই নাই। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ধৰ্মীয় নিকায়সমূহৰ কাম-কাজত হস্তক্ষেপ কৰাটো বিধেয়কখনৰ অভিপ্ৰাণ নহয় আৰু মুছলমান সম্প্ৰদায়ৰ অনগ্ৰসৰ আৰু দুখীয়া শ্ৰেণীসমূহক ন্যায় প্ৰদান কৰাই বিধেয়কখনৰ উদ্দেশ্য বুলি ...

August 6, 2024 8:30 PM

views 58

লোকসভাত বিত্ত বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা আৰম্ভ

লোকসভাত বিত্ত বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ ড০ অমৰ সিঙে এইবাৰৰ কেন্দ্ৰীয় বাজেটে অকল উচ্চ আয়ৰ গোটসমূহকে সকাহ প্ৰদান কৰা বুলি আৰু বাজেটত মধ্য আৰু নিম্ন আয়ৰ লোকৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে, দেশত কৃষি ক্ষেত্ৰৰ বিকাশ ক্ৰমাৎ হ্রাস পাইছে। তেওঁ লগতে কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ বিষয় লৈ চৰকাৰক প্ৰশ্ন উত্থাপন কৰে। অন্য এগৰাকী কংগ্ৰেছ সাংসদ দীপেন্দ্র হুদাই কয় যে, দেশত প্ৰত্যক্ষ বিদেশী বিনিয়োগ অবিৰতভাৱে হ্ৰাস পাইছে। সাংসদগৰাকীয়ে ...

August 1, 2024 1:21 PM

views 72

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰে’ল মন্ত্ৰালয়ৰ অধীনৰ অনুদানৰ দাবী সন্দৰ্ভত লোকসভাত পুনৰ আলোচনা

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰে'ল মন্ত্ৰালয়ৰ অধীনৰ অনুদানৰ দাবী সন্দৰ্ভত কালি লোকসভাত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ সন্ধ্যা ৰায়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৰে'ল খণ্ডত অভূতপূর্ব উন্নয়ন দেখা গৈছে আৰু ইয়াৰ কাম-কাজ তীব্ৰগতিত চলি আছে। ইপিনে আৰ এছ পিৰ এন কে প্রেমাচন্দ্ৰনে কয় যে সাধাৰণ জনতাৰ বাবে ৰে'লেই হৈছে পৰিবহণৰ প্ৰধান মাধ্যম আৰু সেয়েহে ইয়াত অধিক গুৰুত্ব দিয়া উচিত। তেওঁ লগতে সুকীয়া ৰে'ল বাজেটৰ দাবী উত্থাপন কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ অনুৰাগ শৰ্মাই ...

July 29, 2024 7:55 PM

views 72

লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা

লোকসভাত আজিও ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জাতি পিয়ল অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কৃষকক উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য দিয়াৰ আইনী নিশ্চয়তা প্ৰদান কৰাৰ দাবী জনায়। তেওঁ কয় যে, এই সমর্থন মূল্যৰ ক্ষেত্ৰত আইনী নিশ্চয়তাই কৃষকসকলক নিশ্চিতভাৱে উপকৃত কৰিব। তেওঁ লগতে অগ্নিবীৰ আঁচনি সন্দৰ্ভতো প্রশ্ন তোলে। শ্ৰী গান্ধীয়ে ২০২৪-২৫ বৰ্ষৰ বাজেটে দেশৰ জনসংখ্যাৰ ৭৩ শতাংশ সামৰি লোৱা অনুসূচীত জাতি, অনুসূচীত জনজাত...

July 25, 2024 8:19 PM

views 58

লোকসভাত আজি কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ

লোকসভাত আজি কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ চৰণজিৎ সিং চন্নীয়ে এইবাৰৰ বাজেটে জনসাধাৰণক নিৰাশ কৰা বুলি অভিযোগ তোলে। তেওঁ লগতে সংসদ ভৱনৰ ডº বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থানান্তৰনৰ বিষয় লৈ প্ৰশ্ন উত্থাপন কৰে। এইবাৰৰ বাজেটত পাঞ্জাবৰ সৈতে মাহীআইৰ দৰে আচৰণ কৰা হৈছে বুলিও সাংসদগৰাকীয়ে তোলে। তেওঁ কয় যে, বাজেটত বান প্রভাবিত পাঞ্জাবৰ জনসাধাৰণৰ বাবে একোৱেই নাই। তেওঁ লগতে চৰকাৰ ৰক্ষা কৰাই এইবাৰৰ বাজেটত অভিপ্ৰায় বুলি মন্তব্য কৰে। শ্ৰী চন্নীয়ে চৰকাৰে এম জ...