June 14, 2024 5:01 PM

views 54

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ’ব

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ'ব আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন ২৬ জুনত অনুষ্ঠিত হ'ব। প্ৰথম অধিবেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু এই অধিবেশনৰ সময়ছোৱাতে ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ আলোচনাও অনুষ্ঠিত হ'ব। ৰাজ্যসভাৰ অধিবেশন ২৭ জুনত আৰম্ভ হ'ব। সংসদৰ অধিবেশন ৩ জুলাইত সামৰণি পৰিব৷

June 12, 2024 2:10 PM

views 46

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰম্ভ হ’ব

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰম্ভ হ'ব। এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ, অধ্যক্ষ নির্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আদিকে ধৰি আন কেতবোৰ বিষয় আলোচনা কৰা হ'ব। আনহাতে ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশন ২৭ জুনত আৰম্ভ হ'ব আৰু ৩ জুলাইত অন্ত পৰিব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, দেশৰ জনসাধাৰণে তেওঁলোকৰ নেতা নির্বাচন কৰিলে আৰু এতিয়া দেশৰ সেৱা কৰাটোৱে হৈছে আমাৰ কৰ্তব্য। তেওঁ লগতে কয় যে, সংসদ হৈছে ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰ্ণ কৰাৰ বাবে আলোচনা, সমালোচনা তথা বিত...