June 10, 2025 9:19 PM

views 60

দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে গোলকীয় খেল মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত ভাৰতক আগুৱাই নিছেঃ প্ৰধানমন্ত্ৰী মোদী

দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে গোলকীয় খেল মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত ভাৰতক আগুৱাই নিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে আজি কয়, যে যুৱক-যুৱতীসকলক কেন্দ্ৰ হিচাপে লৈ দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ অভূতপূৰ্ব বিকাশ কৰা হৈছে। প্ৰৱন্ধটোত শ্ৰীমন্দাভিয়াই বিগত ১১ বছৰত ভাৰতত ক্ৰীড়া আন্তঃগাঁথনিৰ উল্লেখনীয় পৰিৱৰ্তন হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে বিগত এটা দশকত যুৱ ...

April 2, 2025 12:25 PM

views 54

আজিৰে পৰা খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা অনুষ্ঠিত

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা আজিৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত জিলা পৰ্যায়ত অনুষ্ঠিত খেলসমূহত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত খেলুৱৈসকলে ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাৰ একাধিক শাখাত অংশগ্ৰহণ কৰিব। সৰুসজাই ক্রীড়া প্রকল্প, নেহৰু ষ্টেডিয়াম, ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ চৌহদ আৰু সোণাপুৰৰ এল এন ই পিত প্রতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। ডাঃ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত সাঁতোৰ, তেতেলীয়াৰ চাকনিবাৰী খাটত চাইক্লিং প্রতিযোগিতা হ'ব। মুঠ ৭...

February 8, 2025 1:10 PM

views 51

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ জিলা আৰু মাণ্ডলিক পৰ্যায়ৰ খেলসমূহ সুকলমে অনুষ্ঠিত

ৰাজ্যৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজিত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ জিলা আৰু মাণ্ডলিক পৰ্যায়ৰ খেলসমূহ সুকলমে অনুষ্ঠিত হৈ যায়। দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ বাবে এথলেটিকছ, ফুটবল, কাবাডী, ভলীবল, ডবা আৰু চাইক্লিং আদি শিতানত নাম পঞ্জীয়ন কৰা খেলুৱৈৰ সংখ্যা ৫৫ লাখলৈ বৃদ্ধি পাইছে।

December 18, 2024 8:28 PM

views 44

নগাঁও জিলাত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত

নগাঁও জিলাত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে। নগাঁও ক্রীড়া সন্থাৰ নুৰুল আমিন খেলপথাৰত নগাঁও আৰু বটদ্ৰৱা বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ হৈছে। ২০ ডিচেম্বৰলৈ হ'বলগীয়া প্ৰতিযোগিতাখন আজি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই উদ্বোধন কৰি খেলুৱৈসকলক উৎসাহিত কৰে। ৰহা বিধানসভা সমষ্টিৰ প্ৰতিযোগিতাসমূহ ৰহা ক্রীড়া সন্থাৰ খেলপথাৰত আৰু ৰূপহীহাট বিধানসভা সমষ্টিভিত্তিক দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ জুৰীয়া বজাৰৰ সমীপৱৰ্তী বগৰিগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খ...

November 13, 2024 6:32 PM

views 51

আজি ৰাজ্যজুৰি খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ

অসমৰ ক্ৰীড়া ইতিহাসৰ আটাইতকৈ বৃহৎ ক্রীড়া প্রতিযোগিতা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আজি ৰাজ্যজুৰি আৰম্ভ হৈছে। তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাসমূহক বিকাশৰ মঞ্চ হিচাপে গ্ৰহণ কৰা এই প্ৰতিযোগিতাত ৭টা শাখাত প্রায় ৬৪ লাখ প্রতিযোগীয়ে অংশগ্ৰহণ কৰিছে। খেল মহাৰণ উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই পদক্ষেপে অসমৰ বিশাল ক্রীড়া সম্ভাৱনা বৃদ্ধিৰ লগতে ক্রীড়া সংস্কৃতি বিকাশত পুনৰ এক নতুনত্বৰ সূচনা কৰিব।

November 3, 2024 12:29 PM

views 45

খেল মহাৰণৰ দ্বিতীয় পর্যায়ে যোৱা বৰ্ষৰ নাম পঞ্জীয়নৰ অভিলেখ ভংগ কৰি এক মাইলৰ খুটি স্থাপন কৰিছে

খেল মহাৰণৰ দ্বিতীয় পর্যায়ে যোৱা বৰ্ষৰ নাম পঞ্জীয়নৰ অভিলেখ ভংগ কৰি এক মাইলৰ খুটি স্থাপন কৰিছে। খেল মহাৰণৰ জৰিয়তে ক্রমান্বয়ে মানুহৰ মাজত গঢ় লৈ উঠা ক্রীড়া মানসিকতাই ৰাজ্যত ক্রীড়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমত এটা পোষ্টত কয় যে, যোৱাবাৰ এই কাৰ্যসূচীত ৫২ লাখ ৭৬ হাজাৰ লোকে নাম পঞ্জীয়ন কৰাৰ বিপৰীতে এইবাৰ কালিলৈ ৫৩ লাখ ৫৮ হাজাৰ লোকে নাম পঞ্জীয়ন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাসমূহক বিকাশৰ বাবে এখন মঞ্চ দিয়াৰ বাব...

November 1, 2024 7:58 PM

views 45

খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে বৰ্তমানলৈকে ৫৩ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন

ৰাজ্যত অহা ১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে ৫৩ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন হৈছে। এইবাৰৰ খেল মহাৰণ প্ৰতিযোগিতা এথলেটিকছ, ফুটবল, ভলীবল, দবা, সাঁতোৰ, কাবাড়ী আৰু চাইক্লিং এই ৭টা শাখাত অনুষ্ঠিত হ'ব। খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে পুৰুষৰ সমানে মহিলাসকলেও নিজৰ নাম পঞ্জীয়নভুক্ত কৰিছে।

November 1, 2024 1:07 PM

views 57

খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে ৪৯ লাখতকৈও অধিক পঞ্জীয়ন

ৰাজ্যত অহা ১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে ৪৯ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেলৰ প্ৰতি থকা এনেধৰণৰ অভূতপূর্ব সঁহাৰিয়ে অসমৰ ক্ৰীড়া সংস্কৃতিক উৎসাহ যোগোৱাৰ লগতে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বিকাশক প্ৰতিফলিত কৰিছে বুলি সামাজিক মাধ্যমযোগে অৱগত কৰিছে। এইবাৰৰ খেল মহাৰণ প্ৰতিযোগিতা এথলেটিকছ, ফুটবল, ভলীবল, দবা, সাঁতোৰ, কাবাড়ী আৰু চাইক্লিং এই ৭টা শাখাত অনুষ্ঠিত হ'ব। খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে পুৰুষৰ সমানে মহিলাসকলেও ...