খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা আজিৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ‘ব। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত জিলা পৰ্যায়ত অনুষ্ঠিত খেলসমূহত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত খেলুৱৈসকলে ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাৰ একাধিক শাখাত অংশগ্ৰহণ কৰিব। সৰুসজাই ক্রীড়া প্রকল্প, নেহৰু ষ্টেডিয়াম, ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ চৌহদ আৰু সোণাপুৰৰ এল এন ই পিত প্রতিযোগিতাসমূহ অনুষ্ঠিত হ‘ব। ডাঃ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত সাঁতোৰ, তেতেলীয়াৰ চাকনিবাৰী খাটত চাইক্লিং প্রতিযোগিতা হ‘ব। মুঠ ৭ হাজাৰ ৯৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাৰ অহা ৬ এপ্ৰিলত সামৰণি পৰিব। অংশগ্ৰহণকাৰীসকলে dsyw assam.com/khel ত লগ ইন কৰি তেওঁলোকৰ পঞ্জীয়ন নম্বৰ বা নাম পূৰণ কৰি পি এম অ‘ৰ দ্বাৰা অনুমোদিত অংশগ্ৰহণৰ প্ৰমাণপত্ৰ ডাউনলোড কৰিব পাৰিব।
Assamese | April 2, 2025 12:25 PM | khel maharon
আজিৰে পৰা খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা অনুষ্ঠিত