নগাঁও জিলাত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে। নগাঁও ক্রীড়া সন্থাৰ নুৰুল আমিন খেলপথাৰত নগাঁও আৰু বটদ্ৰৱা বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ হৈছে। ২০ ডিচেম্বৰলৈ হ‘বলগীয়া প্ৰতিযোগিতাখন আজি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই উদ্বোধন কৰি খেলুৱৈসকলক উৎসাহিত কৰে। ৰহা বিধানসভা সমষ্টিৰ প্ৰতিযোগিতাসমূহ ৰহা ক্রীড়া সন্থাৰ খেলপথাৰত আৰু ৰূপহীহাট বিধানসভা সমষ্টিভিত্তিক দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ জুৰীয়া বজাৰৰ সমীপৱৰ্তী বগৰিগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে।
Assamese | December 18, 2024 8:28 PM | khel maharon
নগাঁও জিলাত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত