October 14, 2025 7:09 PM

views 159

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৭ গৰাকী প্ৰবাসী অসমীয়াৰ এছ আই টিৰ আগত ভাষ্য প্ৰদান

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা প্রবাসী অসমীয়াসকলৰ ৭ গৰাকীয়ে এই পর্যন্ত অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলৰ আগত ভাষ্য দিছে। আজি অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন নামৰ ব্যক্তি দুগৰাকী উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈ ভাষ্য প্রদান কৰে। আৰক্ষী বিষয়াই দুয়োকে বহু সময় ধৰি সোধা-পোছা কৰে। ইয়াৰ আগেয়ে কালি চাৰিগৰাকী প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰিক্ষিত শৰ্মা, সিদ্ধার্থ বৰা আৰু জিঅ'লাংছাত নাৰ্জাৰী নামৰ লোক তিনিজনক এছ আই টিয়ে সোধা-প...

October 14, 2025 7:03 PM

views 131

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে এছ আই টিৰ বৈঠক

 জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে আজি ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে কিছু সময় পূর্বে বৈঠকত মিলিত হয়। বৈঠকত ডাঃ শুভ্রকিংকৰ গোস্বামী, সঞ্জীৱ ফুকন, অতনু ভূঞা, প্রাঞ্জল শইকীয়া, ডাঃ হিতেশ বৰুৱা আৰু শিৱাণু বৰা উপস্থিত আছিল। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আটাইকেইগৰাকী ব্যক্তিয়ে কয়, যে এছ আই টিয়ে তেওঁলোকক তদন্ত প্রক্রিয়া অগ্রগতি সম্পর্কে অৱগত কৰে যদিও মৰণোত্তৰ পৰীক্ষা বা তেনে কোনোধৰণৰ গোপনীয় তথ্য তেওঁলোকক প্ৰদান কৰা নাই। ছিংগাপুৰতো সমান্তৰালভাৱে এই ঘটনাৰ তদন্ত চলি থকা বুলি এছ আ...

October 14, 2025 11:08 AM

views 87

জুবিন গাৰ্গৰ অন্তিম সময়ৰ মোবাইলত আবদ্ধ দৃশ্যসমূহ পুনৰ উদ্ধাৰ এছ আই টিৰ

● ছিংগাপুৰৰ সমুদ্ৰত জুবিন গাৰ্গৰ অন্তিম সময়ৰ মোবাইলত আবদ্ধ কৰা দৃশ্যসমূহ এছ আই টিয়ে পুনৰ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। অভিযুক্ত অমৃত প্রভা মহন্তই মচি পেলোৱাৰ পাছত অসম আৰক্ষীৰ তথ্য প্রযুক্তি বিশেষজ্ঞই এই ভিডিঅ'সমূহ উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। মৰমী দাসৰ নেতৃত্বত এছ আই টিৰ এটা দল কালি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন সম্পৰ্কে পৰিয়ালক অৱগত কৰে। অৱশ্যে এই প্রতিবেদন সন্দৰ্ভত আৰক্ষীয়ে ৰাজহুৱাকৈ কোনো তথ্য সদৰি কৰা নাই। এই তদন্ত প্রক্রিয়া ক্ষীপ্ৰ গতিত আগবাঢ়িছে বুলি...

October 13, 2025 7:09 PM

views 67

ছিংগাপুৰৰ ৩ জন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ তিনিজন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰিক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জাঅ’লাংছাত নাৰ্জাৰী নামৰ এই লোককেইজনক এছ আই টিয়ে সোধা-পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰোৱা হয়। ইপিনে মৰমী দাসৰ নেতৃত্বত এছ আই টিৰ এটা দল আজি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ ভিছাৰা পৰীক্ষাৰ প্ৰতিবেদন সম্পর্কে পৰিয়ালক অৱগত কৰিছে। অৱশ্যে এই প্রতিবেদন সন্...

October 13, 2025 1:14 PM

views 112

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আজি এছ আই টিৰ ওচৰত ছিংগাপুৰৰ চাৰিজন প্রবাসী অসমীয়াৰ সাক্ষ্য প্ৰদান

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ চাৰিজন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি নিশা ফে'চবুক লাইভযোগে এই কথা প্ৰকাশ কৰি কয়, যে ভাষ্য দিবলৈ নহাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। তেওঁ ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলক স্ব-ইচ্ছাৰে আহি ভাষ্য দি আইনী প্রক্রিয়া সম্পূৰ্ণ কৰাত সহযোগ আগবঢ়াবলৈ আহ্বান জনায়। ড° শৰ্মাই কেন্দ্ৰীয় ফৰেণচিক বিজ্ঞান গবেষণাগাৰে জুবিন গাৰ্গৰ ভিছেৰা প্ৰতিবেদন দিয়াৰ পাছত এছ আই টিয়ে তদন্তৰ নির...

October 10, 2025 8:00 PM

views 81

জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তকাৰী গোটে আজি প্রয়াত শিল্পীগৰাকীৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছতে বিশেষ তদন্তকাৰী গোটে দুয়োগৰাকীকে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত দেহৰক্ষীদ্বয়ত ৫ দিনৰ বাবে তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বেংক একাউণ্টৰ যোগেদি বিগত বছৰত কোটি টকাৰ লেন-দেন হোৱাটো ধৰা পৰিছিল। সেই সন্দৰ্ভত তদন্তকাৰী গোটটোৱে কেইবাদিনো ধৰি কৰা সোধা...

October 10, 2025 12:56 PM

views 102

ছিংগাপুৰৰ অসম এচ’ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত সহযোগিতা আগনবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত বিশেষ অনুসন্ধানকাৰী গোটে ছিংগাপুৰৰ অসম এচ'ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি কৰিছে। প্ৰাৰম্ভিক অৱস্থাত এছ আই টিয়ে অসম এচছিয়েছনৰ ৮ জনলৈ চমন জাৰি কৰিছিল যদিও ইয়াৰে কেৱল ৰূপকমল কলিতাহে যোৱা মঙলবাৰে এছ আই টিৰ সন্মুখত হাজিৰ হয়। সোধা-পোচাৰ সময়ত কলিতাই আৰক্ষীক তদন্তত সহযোগিতাৰ আশ্বাস দিয়ে। ইপিনে এছ আই টিয়ে কলিতাক সোধা-পোচা কৰাৰ পাছত দুৰ্ঘটনা সন্দৰ্ভত বহু নতুন তথ্য লাভ কৰিছে। বিশেষকৈ ছিংগাপুৰৰ সাগৰলৈ যোৱাৰ সময়ত য়'টত জুবিন...

October 10, 2025 1:42 PM

views 94

শ্যামকানু মহন্তৰ বিৰুদ্ধে আয়কৰ বিভাগৰ গোচৰ ৰুজু

■ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নাম সাঙুৰ খোৱাৰ পাছত এইবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগত বিধিবলৱৎকাৰী সঞ্চালকালয় আৰু আয়কৰ বিভাগে গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে চি আই ডিয়ে বিত্তীয় অনিয়মৰ অভিযোগত গোচৰ ৰুজু কৰি মহন্তৰ বিৰুদ্ধে তদন্ত চলাই আছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ বাসগৃহত চি আই ডিয়ে চলোৱা অভিযানত ২৮ টাকৈ চৰকাৰী-বেচৰকাৰী বিভাগ তথা বিষয়াৰ ছীল-মোহৰৰ লগতে বিত্তীয় জালিয়াতিৰ বহু নথিপত্ৰ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ বৰ...

October 8, 2025 6:14 PM

views 96

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক ১৪ দিনৰ জিম্মাত বিচাৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। অৱশ্যে আদালতে ৭ দিনৰ বাবে সন্দীপনক তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ-ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গৰ সৈতে তেওঁ একেলগে যোৱাৰ উপৰি ছিংগাপুৰৰ সাগৰত জুবিন গাৰ...

October 7, 2025 7:27 PM

views 94

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্রক্রিয়া অব্যাহত আছে। ১৯ ছেপ্তেম্বৰত ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্রবাসী অসমীয়া ৰূপকমল কলিতা আজি উলুবাৰীস্থিত চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। আৰক্ষীয়ে তেওঁক প্রায় ছঘণ্টা ধৰি সোধা-পোচা কৰাৰ অন্তত যাবলৈ দিয়ে। উল্লেখযোগ্য যে এই গোচৰ সন্দৰ্ভত এছ আই টিয়ে ছিংগাপুৰত থকা ৮জন প্রবাসী অসমীয়াক ৬ অক্টোবৰত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছিল। এইসকলৰ ভিতৰত কেবল ৰূপকমল কলিতাহে আজি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। ইপিনে, চৰকাৰীভাবে নিয়ো...