July 15, 2026 11:44 AM

views 13

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত আজি পামী বৰঠাকুৰৰ সাক্ষ্য গ্ৰহণ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি পুনৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰৰ সাক্ষ্য লোৱা হ'ব। কালি সময়ৰ অভাৱৰ বাবে তেওঁৰ সাক্ষ্যগ্রহণ সম্পূর্ণ নহ'ল। সেয়েহে আজি তেওঁক পুনৰ আদালতত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। কালি প্ৰয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্রীকাকতিক প্রতি জেৰা কৰে। বিশেষকৈ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই তেওঁক জুবিন গাৰ্গৰ সৈতে ২০২২ চনত দোহা আৰু ২০২৩ চনত আমেৰিকালৈ একেলগে যোৱা, সময়মতে জুবিন গাৰ্গৰ...

July 14, 2026 7:17 PM

views 6

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত আদালতত আজি জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি প্রয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতিক প্ৰতি জেৰা কৰে। বিশেষকৈ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই তেওঁক জুবিন গাৰ্গৰ সৈতে ২০২২ চনত দোহা আৰু ২০২৩ চনত আমেৰিকালৈ একেলগে যোৱা, সময়মতে জুবিন গাৰ্গৰ ঔষধ খুওৱা হৈছিল নে নাই, আদি প্ৰশ্ন কৰে। শ্ৰীকাকতিয়ে ইয়াৰ যথাযথ উত্তৰ দিয়ে। এই সন্দৰ্ভত তেওঁ এইদৰে কয়। জয়ন্ত কাকতিৰ পাছত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিয়ে যদিও সময...

June 9, 2026 11:16 AM

views 29

ফাষ্টট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাৱিতা বৰকাকতি, বেবী বৰা আৰু ছাহিদ শ্বান হকক ফাষ্টট্ৰেক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰেপৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া ...

January 22, 2026 6:59 PM

views 52

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দর্ভত আজি শুনানি গ্রহণ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি অনুষ্ঠিত হয়। শুনানিকালত অভিযুক্ত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদন দুখন প্ৰত্যাহাৰ কৰাৰ বাবে অভিযুক্ত দুজনৰ অধিবক্তাই আদালতৰ অনুমতি বিচাৰে। অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা লোক অধিবক্তা জিয়াউল কামাৰে বিষয়টোৰ বিৰোধিতা নকৰাত আদালতে অভিযুক্ত দুজনৰ জামিন আবেদন প্রত্যাহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। ইয়াৰ পাছত এই গোচৰৰ আন ৩ জন অভিযুক্ত অমৃত প্রভা মহন্ত, ...

October 28, 2025 8:00 PM

views 59

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জন ব্যক্তিক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, অমৃতপ্রভা মহন্ত, শেখৰজ্যোতি গোস্বামী, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ষট পূজা উপলক্ষে আজি আদালতৰ কাম-কাজ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে কালিয়েই পাঁচোজন অভিযুক্তক ভার্চুবেল মাধ্যমেৰে আদালতত হাজিৰ কৰোৱা হয়। পাছত আদালতে আটাইকেইজন অভিযুক্তকে পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইপিনে বিশিষ...