জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি প্রয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতিক প্ৰতি জেৰা কৰে। বিশেষকৈ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই তেওঁক জুবিন গাৰ্গৰ সৈতে ২০২২ চনত দোহা আৰু ২০২৩ চনত আমেৰিকালৈ একেলগে যোৱা, সময়মতে জুবিন গাৰ্গৰ ঔষধ খুওৱা হৈছিল নে নাই, আদি প্ৰশ্ন কৰে। শ্ৰীকাকতিয়ে ইয়াৰ যথাযথ উত্তৰ দিয়ে। এই সন্দৰ্ভত তেওঁ এইদৰে কয়।
জয়ন্ত কাকতিৰ পাছত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিয়ে যদিও সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান প্রক্রিয়া সম্পূর্ণ নহ’ল। সেয়েহে আদালতে তেওঁক কাইলৈ পুনৰ উপস্থিত হবলৈ নির্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ অভিযুক্ত সন্দিপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব।
ইপিনে, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজি কোকৰাঝাৰৰ চন্দ্ৰপাৰাত বিটিচিৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া জুবিন উদ্যান ক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। অনুষ্ঠানত স্থানীয় শিল্পীসকলে জুবিন গাৰ্গৰ মায়াবিনি গীতটো পৰিৱেশন কৰে।