ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাৱিতা বৰকাকতি, বেবী বৰা আৰু ছাহিদ শ্বান হকক ফাষ্টট্ৰেক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰেপৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া, আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ ৩৯৪ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে।
Assamese | June 9, 2026 11:16 AM | Justice for jubin garg
ফাষ্টট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ