জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি পুনৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰৰ সাক্ষ্য লোৱা হ’ব। কালি সময়ৰ অভাৱৰ বাবে তেওঁৰ সাক্ষ্যগ্রহণ সম্পূর্ণ নহ’ল। সেয়েহে আজি তেওঁক পুনৰ আদালতত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।
কালি প্ৰয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্রীকাকতিক প্রতি জেৰা কৰে। বিশেষকৈ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই তেওঁক জুবিন গাৰ্গৰ সৈতে ২০২২ চনত দোহা আৰু ২০২৩ চনত আমেৰিকালৈ একেলগে যোৱা, সময়মতে জুবিন গাৰ্গৰ ঔষধ খুওৱা হৈছিল নে নাই, আদি প্ৰশ্ন কৰে। শ্ৰীকাকতিয়ে ইয়াৰ যথাযথ উত্তৰ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি অভিযুক্ত সন্দিপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব।