September 5, 2025 7:18 PM

views 141

ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে সন্মানিত বর্ষীয়ান ব্যক্তি ৰজত চন্দ্ৰ গোস্বামীক সম্বর্ধনা জ্ঞাপন ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যৰ

সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যই শিক্ষক দিৱস উপলক্ষে যোৰহাটৰ টীয়কৰ আধাৰসত্ৰত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে সন্মানিত বর্ষীয়ান ব্যক্তি ৰজত চন্দ্ৰ গোস্বামীক সম্বর্ধনা জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে শিক্ষকগৰাকীক সমাজৰ প্ৰতি আগবঢ়োৱা সেৱাৰ শলাগ লয়। মৰিগাওঁ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। মৰিগাওঁ মজলীয়া বিদ্যালয় আৰু মৰিসুঁতি টোপ নতুন প্ৰাথমি...

August 16, 2025 7:22 PM

views 100

যোৰহাট কৃষি মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাট জিলাৰ কৃষি মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেঁও কৃষি ক্ষেত্ৰৰ বিকাশত মহাবিদ্যালয়খনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যা সম্পৰ্কেও বুজ লয়। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাতো মুখ্য অতিথি হিচাপে অংশ লৈ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণ...

August 5, 2025 8:13 PM

views 95

যোৰহাট জিলাত ক্ৰীড়াৰ পৰিৱেশ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ

যোৰহাট জিলাত ক্ৰীড়াৰ পৰিৱেশ উন্নতি কৰিবলৈ যোৰহাট জিলা ক্ৰীড়া সন্থাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। নৱ প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ যোৰহাট জিলা ক্ৰীড়া সন্থাই আজি এ-ডিভিজন ফুটবল লীগত অংশগ্ৰহণ কৰা জিলাখনৰ দহটা দলক ফুটবল প্ৰদান কৰে। ইয়াৰ লগতে জিলাখনৰ দহটা উপ-ক্ৰীড়া সন্থাকো ফুটবল প্ৰদান কৰা হয়।  

August 4, 2025 7:55 PM

views 66

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই চুৰি গোচৰত ৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই আজি এটা চুৰি গোচৰত পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তিনি দিন আগতে তিতাবৰৰ মিহিৰাম শ‍ইকীয়া বিদ্যালয়ত সংঘটিত এটা চুৰিৰ গোচৰৰ পৰিপ্ৰেক্ষিতত ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ লগতে আৰক্ষীয়ে অভিযুক্তকেইজনৰ পৰা চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰে৷

August 1, 2025 8:42 PM

views 87

যোৰহাট জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা সেউজীয়া পাতৰ মূল্য নিৰীক্ষণ সমিতিৰ পর্যালোচনা সভা অনুষ্ঠিত

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত আজি জিলা সেউজীয়া পাতৰ মূল্য নিৰীক্ষণ সমিতিৰ এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। পর্যালোচনা সভাখনত যোৰহাট জিলাৰ চাহ উদ্যোগৰ সামগ্রীক উন্নয়নৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাখনত ভাৰতীয় চাহ সংস্থা, উত্তৰ পূৰ্বাঞ্চল চাহ সন্থা, ভাৰতীয় চাহ সন্থাৰ অসম শাখা, অসম চাহ ৰোপনকাৰী সন্থাৰ প্ৰতিনিধি, যোৰহাট জিলাৰ ক্ৰয় কৰা পাত কাৰখানাৰ মালিক আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভ...

July 14, 2025 11:40 AM

views 38

যোৰহাট ষ্টেডিয়ামত ১৫ বছৰ অনুৰ্ধ আন্তঃজিলা ছাব জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপ প্রতিযোগিতা

যোৰহাট ষ্টেডিয়ামত কালি ১৫ বছৰ অনুৰ্ধ আন্তঃজিলা ছাব জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপ প্রতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাত ল'ৰাৰ শ্ৰেষ্ঠ দল হিচাপে গুৱাহাটী বক্সিং দল নির্বাচিত হোৱাৰ লগতে লখিমপুৰৰ ছোৱালী বক্সিং দল ছোৱালীৰ শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়।

July 14, 2025 10:46 AM

views 65

যোৰহাটৰ তিতাবৰত ৪টা পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

■ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি যোৰহাট জিলাৰ তিতাবৰত ৪টা পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। অঞ্চলটোৰ চাহ বাগিচাসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে পৰিবহণ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ বাবে নাবাৰ্ডৰ পুঁজিৰ অধীনত তিতাবৰ বিধানসভা সমষ্টিৰ ৩৪ খন চাহ বাগিচাৰ বাবে মুঠ ২৩টা পেকেজ সামৰি ৩ হাজাৰ ৪৩ লাখতকৈ অধিক টকাৰ ব্যয় সাপেক্ষে ৪২ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৬৩টা পথ নিৰ্মাণ কৰা হ'ব। ৰাজ্যিক মন্ত্ৰীগৰাকীৰ লগত অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয...

July 11, 2025 5:51 PM

views 46

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত ২০২৪-২৫ বৰ্ষৰ খাৰিফ শস্যৰ বিপনণ বতৰৰ ধান ক্রয় সন্দৰ্ভত পর্যালোচনা বৈঠক অনুষ্ঠিত

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত ২০২৪-২৫ বৰ্ষৰ খাৰিফ শস্যৰ বিপনণ বতৰৰ ধান ক্রয় সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে অতিৰিক্ত জিলা আয়ুক্ত, খাদ্য আৰু অসামৰিক যোগান বিভাগ, জিলা কৃষি বিষয়া, ভাৰতীয় খাদ্য নিগমৰ সংমণ্ডল পৰিচালকৰ উপস্থিতিত জিলাখনত ধান ক্রয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। জিলাখনৰ অন্তৰ্গত ধান ক্রয় কেন্দ্ৰসমূহে বৰ্ষটোত পাঁচ হাজাৰ ২০০ মেট্রিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য লৈছিল যদিও পাঁচ হাজাৰ ১৩৫ মেট্রিকটন ধান ক্রয় কৰে বুলি বৈঠকত প্ৰকাশ কৰা হয়। এই বৈঠকত জিল...

June 30, 2025 6:43 PM

views 61

যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে ভিন্ন স্থানত গছপুলি ৰোপণ

যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু লোক নির্মাণ বিভাগৰ সৌজন্যত যোৰহাট পৌৰ সভা এলেকাৰ অন্তৰ্গত ক্লাব ৰোড, নআলি আৰু জিলাখনৰ কাকডোঙা নদীৰ সোঁ কাষৰ মথাউৰি আৰু পথত গছপুলি ৰোপণ কৰা হয়। জিলা আয়ুক্ত, তিতাবৰ সম-জিলা আয়ুক্ত আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়কৰ উপস্থিতিত পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ চেতনা প্রবহমান কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী হাতত লোৱা হয়। ইয়াৰ পূৰ্বে যোৰহাট পৌৰসভা এলেকাৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু গুৰুত্বপূৰ্ণ ৰাজহুৱা ...

June 21, 2025 7:14 PM

views 74

যোৰহাটত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ প্ৰতিনিধি দলৰ বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ প্ৰতিনিধি দলে আজি যোৰহাট জিলাৰ লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্রকল্প, অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। সমিতিৰ অধ্যক্ষ তথা বিধায়ক নুৰুল হুদাৰ নেতৃত্বত যোৱা দলটোৱে যোৰহাট এ টি ৰোডত গছপুলি ৰোপণ কৰাৰ লগতে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰে। অধ্যক্ষ হুদাৰ লগতে সমিতিৰ সদস্য ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কৰিমুদ্দিন বৰভূঞাসহ আন বিশেষজ্ঞসকলে আঁচনিৰ কাম-কাজ পৰিদৰ্শনৰ অন্তত যোৰহাট আৱৰ্ত ভৱনত এখন সভাত মিলিত হয়।