September 14, 2024 2:58 PM

views 64

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৩ টা অচিনাক্ত সন্ত্রাসবাদী নিহত

কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত আজি পুৱা সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত তিনিটা অচিনাক্ত সন্ত্রাসবাদী নিহত হয়। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে ক্ৰীৰি অঞ্চলত সন্ত্ৰাসবাদী দলে সুৰক্ষা বাহিনীলৈ লক্ষ্য কৰি গুলি বৰ্ষণ কৰে। সুৰক্ষা বাহিনীয়েও গুলিৰে প্ৰত্যুত্তৰ দিয়ে। নিহত সন্ত্রাসবাদী কেইটাক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে।

September 6, 2024 7:13 PM

views 55

কংগ্ৰেছৰ অন্যান্য তাৰকা প্ৰচাৰকৰ জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, দলৰ প্ৰাক্তন মুৰব্বী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধী আৰু এ আই চি চিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ লগতে কংগ্ৰেছৰ অন্যান্য তাৰকা প্ৰচাৰকসকলে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে জয়ৰাম ৰমেশ, কে চি বেনুগোপাল, শচীন পাইলট, গুলাম আহমদ মীৰ, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং আৰু উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়েও দলৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে।

July 18, 2024 5:00 PM

views 48

জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি সংঘৰ্ষত ভাৰতীয় সৈন্য বাহিনীৰ দুজন জোৱান আহত

জম্মু-কাশ্মীৰত আজি পুৱা ডোডা জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ভাৰতীয় সৈন্য বাহিনীৰ দুজন জোৱান আহত হয়। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি কষ্টিগড় অঞ্চলৰ জদ্দন বাটা গাঁৱত এই সংঘৰ্ষ সংঘটিত হয়। অনুসন্ধান অভিযানৰ বাবে চৰকাৰী বিদ্যালয়ত স্থাপন কৰা অস্থায়ী নিৰাপত্তা শিবিৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ পাছত সুৰক্ষা বাহিনীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে। দুয়োপক্ষৰ মাজত এঘণ্টাতকৈও অধিক সময়জুৰি চলা গুলীচালনাত সেনা বাহিনীৰ দুজন জোৱান আঘাতপ্ৰাপ্ত হয়। উল্লেখযোগ্য যে যোৱা ...

June 13, 2024 4:29 PM

views 67

জম্মু-কাশ্মীৰৰ কাঠৱা আৰু ৰাছি জিলাত গুলীয়াগুলী আৰু আক্ৰমণৰ ঘটনা

জম্মু-কাশ্মীৰৰ কাঠৱা আৰু ৰাছি জিলাত বিগত ৪ দিনত ৫টা গুলীয়াগুলী আৰু আক্ৰমণৰ ঘটনাত দুটা সন্ত্ৰাসবাদীকে ধৰি এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান আৰু ৯ জন সাধাৰণ লোক নিহত হোৱাৰ লগতে আন ভালেমান লোক আহত হয়। আকাশবাণী জন্মৰ সংবাদদাতাই জনোৱা অনুসৰি ৭ জন নিৰাপত্তাৰক্ষী বিষয়াৰ ভিতৰত ৫ জন সৈনিক, এজন বিশেষ আৰক্ষী বিষয়া, এজন আৰক্ষী আৰু ৪২ জন সাধাৰণ লোক এই আক্ৰমণত আহত হয়। নিৰাপত্তাৰক্ষী বাহিনীৰ কালি দুজন অস্ত্র সম্বলিত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত কাঠৱা জিলাৰ হীৰানগৰত এজন চি আৰ পি এফ বিষয়াও নি...

May 30, 2024 2:52 PM

views 49

গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰত জীৱ-জন্তুসমূহক বোজা কঢ়িওৱা আৰু সামগ্ৰী টনা কামত নিয়োগ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা

জম্মু-কাশ্মীৰত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জম্মুৰ জিলা দণ্ডাধীশে দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত জীৱ-জন্তুসমূহক বোজা কঢ়িওৱা আৰু সামগ্ৰী টনা কামত নিয়োগ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে, জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ আৰু ১৯৬৫ অনুসৰি এনে নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰতি বছৰে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা কম কৰাৰ লগতে সিহঁতৰ আঘাত আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। তাপমান ৩৭ ডিগ্রী ছেণ্টিগ্রেডতকৈ বৃদ্ধি পালে এ...

May 11, 2024 2:40 PM

views 62

দক্ষিণ কাশ্মীৰৰ চপিয়ান জিলাত ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

■ দক্ষিণ কাশ্মীৰৰ চপিয়ান জিলাত আজি আৰক্ষীয়ে দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে চপিয়ানৰ মালিক চক ক্ৰচিঙত থকা এটা নিৰীক্ষণ চকীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, আৰক্ষী আৰু সেনাবাহিনীৰ ৪৪ ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানে যুটীয়াভাৱে অভিযান চলাই এই সন্ত্রাসবাদী দুটাক আটক কৰে। সন্ত্ৰাসবাদী দুটা চপিয়ানৰ বাবা মহল্লাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ হাতৰ পৰা ভালেমান আপত্তিজনক সমগ্ৰী উদ্ধাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত হিৰপোৰা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰাৰ লগতে তদন্ত আৰম্ভ ক...

April 2, 2024 7:02 PM

views 75

অমৰনাথ যাত্ৰা-২০২৪ৰ প্ৰস্তুতিৰ বুজ ল’বলৈ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল ডুল্লুৰ বৈঠক

◊ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল ডুল্লুৱে বাৰ্ষিক অমৰনাথ যাত্ৰা-২০২৪ৰ প্ৰস্তুতিৰ বুজ ল'বলৈ জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্রধান, প্রশাসনিক সচিব, উপ-আয়ুক্ত আৰু আন বিভাগসমূহৰ মুৰব্বী, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, দূৰসংযোগ সেৱা প্ৰদানকাৰী সংস্থা আৰু দুৰ্য্যোগ ব্যৱস্থাপনা সংস্থাসমূহৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈছে। মুখ্য সচিবগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, পেহেলগাম আৰু বালটাল পথ দুটাৰ সুৰক্ষা সন্দৰ্ভত বিভিন্ন সংস্থাৰ সৈতে আলোচনা কৰিছে।

April 1, 2024 12:03 PM

views 61

জম্মু আৰু উধমপুৰৰ বিভিন্ন স্থানত কাশ্মীৰি প্ৰব্ৰজনকাৰীসকলৰ বাবে বিশেষ সজাগতা শিবিৰ

জম্মু কাশ্মীৰত সাহায্য আৰু পুনৰ সংস্থাপন বিভাগে জম্মু আৰু উধমপুৰৰ বিভিন্ন স্থানত কাশ্মীৰি প্ৰব্ৰজনকাৰীসকলৰ বাবে বিশেষ সজাগতা শিবিৰৰ আয়োজন কৰিছে। ১২ চি তথা এম প্ৰ-পত্ৰসমূহৰ থলিতে প্রত্যায়নৰ লগতে প্ৰব্ৰজনকাৰীসকলৰ মাজত ভোটদানৰ আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই সজাগতা শিবিৰসমূহৰ আয়োজন কৰা হৈছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা অনুসৰি অহা ৩ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ নাগ্ৰতাত এনেধৰণৰ প্ৰথমটো শিবিৰ আৰু ৪ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ জাগতিক পৰৱৰ্তী শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি শিৱমন্দিৰৰ পুৰুখো শিব...