May 31, 2024 7:06 PM

views 57

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ বাফলিয়াজ অঞ্চলৰ মাৰাহ গাঁৱত কালি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা অনুসৰি যোৱানিশা নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ সম্ভেদ লাভ কৰে। পাছত পুঞ্চ জিলাত ছুৰাণকোট উপ-সংমণ্ডলৰ ডেহৰা কী গলিৰ সমীপত বাফলিয়াজৰ মাৰাহ গাঁৱৰ বিশেষ অঞ্চলত আৰক্ষী আৰু সেনা বাহিনীয়ে অভিযান চলায়। দলটোলৈ উদ্দেশ্যি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ প্ৰত্যুত্তৰত নিৰপত্তা বাহিনীয়েও গুলীচালনা কৰে। পাছত সন্ত্ৰাসবাদীকেইট...

May 30, 2024 8:27 PM

views 48

জম্মু-কাশ্মীৰত তীর্থ যাত্রী কঢ়িয়াই নিয়া এখন বাছ দ’ খাৱৈত পৰাৰ ফলত ২০ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৫ গৰাকী আহত

জম্মু-কাশ্মীৰৰ জম্মু জিলাৰ আখৰ উপখণ্ডৰ টুংগি ম'ৰ অঞ্চলত আজি বিয়লি তীর্থ যাত্রী কঢ়িয়াই নিয়া এখন বাছ দ খাৱৈত পৰাৰ ফলত অতি কমেও ২০ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৫ গৰাকী যাত্ৰী আহত হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি আহত লোকসকলক আখনুৰৰ উপ-চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে আৰু গুৰুতৰভাৱে আহতসকলক জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আহত আৰু মৃত্যু হোৱা লোকসকলক এতিয়াও চিনাক্ত কৰা হোৱা নাই। উত্তৰ প্ৰদেশৰ পৰা সৰ্বাধিক তীর্থযাত্রী কঢ়িয়াই নিয়া বাছখন জন্মৰ পৰা ৰিছি জ...

May 30, 2024 2:52 PM

views 57

গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰত জীৱ-জন্তুসমূহক বোজা কঢ়িওৱা আৰু সামগ্ৰী টনা কামত নিয়োগ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা

জম্মু-কাশ্মীৰত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জম্মুৰ জিলা দণ্ডাধীশে দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত জীৱ-জন্তুসমূহক বোজা কঢ়িওৱা আৰু সামগ্ৰী টনা কামত নিয়োগ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে, জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ আৰু ১৯৬৫ অনুসৰি এনে নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰতি বছৰে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা কম কৰাৰ লগতে সিহঁতৰ আঘাত আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। তাপমান ৩৭ ডিগ্রী ছেণ্টিগ্রেডতকৈ বৃদ্ধি পালে এ...

May 26, 2024 7:24 PM

views 81

কাশ্মীৰ উপত্যকাৰ কুলগামত সংঘটিত পথ দূৰ্ঘটনাত তিনিজন লোকৰ প্রাণহানিৰ লগতে অন্য ৩ জন আহত

কাশ্মীৰ উপত্যকাৰ কুলগাম জিলাৰ নিপোৰাত কালি হোৱা এটা পথ দূৰ্ঘটনাত পাঞ্জাবৰ তিনিজন লোকে প্রাণ হেৰুৱাই আৰু অন্য ৩ জন আহত হয়। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, কাজিগুন্দৰ পৰা শ্ৰীনগৰ অভিমুখে গৈ থকা এখন বাহন নিপোৰা এলেকাৰ বিদ্যুৎ যোগান কেন্দ্ৰৰ সমীপত পথৰ পৰা বাগৰি পৰা বাবে এই অঘটন ঘটে। বাহনখনত পাঞ্জাবৰ গৰাকী পৰ্যটক আছিল। আহতসকলক ততাতৈয়াকৈ অনন্তনাগত চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎ‍সাধীন অৱস্থাত ৪ জন লোকক মৃত ঘোষণা কৰা হয়। আহত ৩ জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। উপৰাজ্যপ...

May 7, 2024 9:07 PM

views 105

কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তা বাহিনীৰে গুলিয়াগুলীৰ ঘটনাত দুটা সন্ত্ৰাসবাদী নিহত

কাশ্মীৰৰ কুলগাম জিলাৰ ৰেদৱানী পায়ী গাঁৱত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা এটা গুলিয়াগুলীৰ ঘটনাত দুটা সন্ত্ৰাসবাদী নিহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষী আৰু সেনা তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যৌথ দলে বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোত কালি নিশা অভিযান চলায় । দলটো কাষ চপাৰ লগে লগে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে দলটোক উদ্দেশ্যি গুলী চলায়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইয়াৰ প্ৰত্যুত্তৰত বাহিনীটোৱে কৰা গুলীচালনাত দুটা সন্ত্রাসবাদী নিহত হয়। পাছত ঘটনাস্থলীৰ পৰা সন্ত...

May 6, 2024 12:27 PM

views 68

দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাত সন্ত্ৰাসবাদী গোটৰ ২ সহযোগীক গ্ৰেপ্তাৰ

♦ কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত কালি নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ পৰা সন্ত্ৰাসবাদী গোটৰ দুটা সহযোগীক গ্ৰেপ্তাৰ কৰিছে৷ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে সেনা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সৈতে শ্বোপিয়ানৰ আলুৰা ইমাম চাহাব এলেকাত তালাচী চলাইছিল। অভিযানত গ্ৰেপ্তাৰ হোৱা দুই সন্ত্ৰাসবাদীৰ পৰা এটা মেগজিন, ৮জাই সক্রিয় গুলী, চীনত নিৰ্মিত দুটা গ্ৰেণেডৰ লগতে বহু আপত্তিজনক সামগ্রী জব্দ কৰা হৈছে। ইমাম চাহাব আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত ...

May 5, 2024 2:03 PM

views 89

জম্মু-কাশ্মীৰত গুলিয়াগুলীৰ ঘটনাত  শ্বহীদ বীৰ সৈনিক বিক্কি পহাড়েলৈ ভাৰতীয় বায়ু সেনা বাহিনীৰ শ্রদ্ধার্ঘ

সুৰক্ষা বাহিনীয়ে জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী পুঞ্চ জিলাত কালি বিয়লি ভাৰতীয় বায়ু সেনা বাহিনীৰ কনভয়ৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা সংক্রান্তত ৪ জন লোকক আটক কৰিছে। এই আক্ৰমণত বায়ু সেনা বাহিনীৰ এজন জোৱান শ্বহীদ হৈছিল আৰু ৫ জন আহত হৈছিল। গ্ৰেপ্তাৰ কৰা লোককেইজনে আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীক সহায় কৰা বুলি সন্দেহ কৰা হৈছে। আক্ৰমণৰ সংঘটিত হোৱাৰ সময়ত বায়ু সেনা বাহিনীৰ কনভয়টো শশীধৰ বনাঞ্চলৰ পৰা ছনাই টোপ অভিমুখে গৈ আছিল। ৰাষ্ট্ৰীয় ৰাইফলছে আক্ৰমণৰ সৈতে জড়িত সন্ত্রাসবাদী সকলক কৰায়ত্ত কৰাৰ বাবে অঞ্চলটোত ...

May 5, 2024 12:41 PM

views 64

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী পুঞ্চ জিলাত বায়ুসেনাৰ কনভয়ৰ ওপৰত কালি সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন পাঁচজন আহত হয়। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে পুঞ্চ জিলাৰ শ্বাহ চাত্তাৰ বনাঞ্চল এলেকাত এই আক্রমণ সংঘটিত হয়। এই আক্রমণ অঞ্চলটোত এই বছৰ সংঘটিত প্ৰথমটো গুৰুতৰ সন্ত্ৰাসবাদী আক্রমণ।

April 28, 2024 8:14 PM

views 62

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সন্ত্ৰাসবাদীৰে গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত

জম্মু-কাশ্মীৰৰ জম্মু খণ্ডৰ উধমপুৰ জিলাত আজি সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত হয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে উধমপুৰ জিলাৰ বসন্তগড় অঞ্চলত আজি পুৱা সন্ত্ৰাসবাদীৰ সৈতে আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ এটা যুটীয়া দলৰ গুলিয়াগুলীৰ সূত্ৰপাত হয় । নিহত লোকজনক খানেদৰ মহম্মদ শ্বৰীফ বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাৰ পাছতে উধমপুৰৰ পৰা সেনা বাহিনী, চি আৰ পি এফ আৰু আৰক্ষীৰ বিশেষ বাহিনী ততালিকে অঞ্চলটোলৈ ৰাওনা হয়। অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে আৰু পাকিস্...