জম্মু-কাশ্মীৰৰ জম্মু খণ্ডৰ উধমপুৰ জিলাত আজি সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত হয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে উধমপুৰ জিলাৰ বসন্তগড় অঞ্চলত আজি পুৱা সন্ত্ৰাসবাদীৰ সৈতে আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ এটা যুটীয়া দলৰ গুলিয়াগুলীৰ সূত্ৰপাত হয় । নিহত লোকজনক খানেদৰ মহম্মদ শ্বৰীফ বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাৰ পাছতে উধমপুৰৰ পৰা সেনা বাহিনী, চি আৰ পি এফ আৰু আৰক্ষীৰ বিশেষ বাহিনী ততালিকে অঞ্চলটোলৈ ৰাওনা হয়। অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে আৰু পাকিস্তানৰ পৰা সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিছে বুলি ধাৰণা কৰা হৈছে ।
Assamese | April 28, 2024 8:14 PM | Jammu & Kashmir
জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সন্ত্ৰাসবাদীৰে গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত