কাশ্মীৰ উপত্যকাৰ কুলগাম জিলাৰ নিপোৰাত কালি হোৱা এটা পথ দূৰ্ঘটনাত পাঞ্জাবৰ তিনিজন লোকে প্রাণ হেৰুৱাই আৰু অন্য ৩ জন আহত হয়। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, কাজিগুন্দৰ পৰা শ্ৰীনগৰ অভিমুখে গৈ থকা এখন বাহন নিপোৰা এলেকাৰ বিদ্যুৎ যোগান কেন্দ্ৰৰ সমীপত পথৰ পৰা বাগৰি পৰা বাবে এই অঘটন ঘটে। বাহনখনত পাঞ্জাবৰ গৰাকী পৰ্যটক আছিল। আহতসকলক ততাতৈয়াকৈ অনন্তনাগত চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাত ৪ জন লোকক মৃত ঘোষণা কৰা হয়। আহত ৩ জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। উপৰাজ্যপাল মনোজ সিনহাই এই দূৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।
Assamese | May 26, 2024 7:24 PM | Jammu & Kashmir
কাশ্মীৰ উপত্যকাৰ কুলগামত সংঘটিত পথ দূৰ্ঘটনাত তিনিজন লোকৰ প্রাণহানিৰ লগতে অন্য ৩ জন আহত