January 29, 2025 12:43 PM

views 50

শ্ৰীহৰিকোটাৰ পৰা এন ভি এছ- ০২ সফলতাৰে উৎক্ষেপন ইছৰোৰ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি পুৱা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এন ভি এছ- ০২ নামৰ নতুন প্রযুক্তিচালিত কৃত্ৰিম উপগ্ৰহটো সফলতাৰে উৎক্ষেপন কৰে। আজি পুৱা ৬ বাজি ২৩ মিনিটত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা জি এছ এল ভি এফ-15 নামৰ মহাকাশ যানেৰে উপগ্ৰহটো উৎক্ষেপন কৰা হয়। এই উৎক্ষেপনৰ দ্বাৰা ইছৰোৱে সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ১০০ সংখ্যক উৎক্ষেপনৰ গৌৰৱ অৰ্জন কৰিলে ।

January 12, 2025 6:44 PM

views 70

স্পাডেক্স কাৰ্যসূচীৰ অধীনত ডকিং কৰাৰ পূৰ্বে প্ৰেৰণ কৰা উপগ্ৰহ দুটা সুস্থিৰ কৰাৰ ক্ষেত্ৰত অগ্রগতি লাভ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই স্পাডেক্স কাৰ্যসূচীৰ অধীনত ডকিং কৰাৰ পূৰ্বে প্ৰেৰণ কৰা উপগ্ৰহ দুটা সুস্থিৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্রগতি লাভ কৰিছে। ই চেজাৰ আৰু টার্গেট উপগ্ৰহক ৩ মিটাৰ দূৰত্বত আনি পুনৰ নিৰাপদ দূৰত্বলৈ লৈ যোৱাত সফল হৈছে। ইছৰোয়ে তথ্য বিশ্লেষণ কৰিহে ডকিং প্রক্রিয়া সম্পন্ন কৰা হব বুলি সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে। আমেৰিকা, ৰাছিয়া আৰু চীনৰ পাছত এই কৃতিত্ব অর্জন কৰা চতুৰ্থখন দেশ হিচাপে ভাৰত পৰিগণিত হব। ইছৰোৰ দ্বাৰা বিকশিত থলুৱা ভাৰতীয় ডকিং ব্যৱস্থা সফল হ'লে ইয়াৰ প্ৰস্তাৱিত ভাৰতীয়...

December 31, 2024 12:58 PM

views 68

শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা স্পেডেক্স অভিযানৰ দুটা কৃত্রিম উপগ্রহ সফল উৎক্ষেপন

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান, ইছৰোৱে কালি নিশা স্পেডেক্স অভিযানৰ অধীনত সফলভাৱে দুটা কৃত্রিম উপগ্রহ উৎক্ষেপন কৰিছে। কালি নিশা ৯ বাজি ৫৮ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ উৎক্ষেপন স্থলীৰ পৰা উপগ্রহ দুটা মহাকাশলৈ প্ৰেৰণ কৰা হয়। পি এছ এল ভি C- 60 যানখনে Chaser অর্থাৎ SDX-01 আৰু TARGET অর্থাৎ SDX-02 নামৰ উপগ্ৰহ দুটা ৪৭০ কিলোমিটাৰৰ কক্ষপথত স্থাপন কৰে। এই দুয়োটা উপগ্রহ একেটা কক্ষপথতে ১০ ৰ পৰা ২০ কিলোমিটাৰৰ দূৰত্বত স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে, এই অভিযানৰ জৰিয়তে ভাৰত, 'ডকিং প্রয...

December 30, 2024 6:06 PM

views 61

শ্ৰীহৰিকোটাৰ সতীশ ধাৱান উৎক্ষেপন স্থলীৰ পৰা আজি ইছৰোৰ দুটা উপগ্রহ মহাকাশলৈ প্ৰেৰণ

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান, ইছৰোৱে আজি নিশা ৯ বাজি ৫৮ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান উৎক্ষেপন স্থলীৰ পৰা দুটা উপগ্রহ মহাকাশলৈ প্ৰেৰণ কৰিব। ইছৰোৰ এই অভিযানৰ উদ্দেশ্যে হ'ল এটা উপ-পথত মহাকাশ যান এখনৰ ডকিং আৰু আন ডকিং প্রক্রিয়াক প্রদর্শন কৰা। পি এছ এল ভি C-60 নামৰ যানখনে SDX-01 আৰু SDX-02 নামৰ উপগ্ৰহ দুটা ৪৭৬ কিলোমিটাৰৰ কক্ষপথত স্থাপন কৰিব তথা ডকিং আৰু আন ডকিং প্ৰক্ৰিয়াৰ পৰীক্ষা সম্পন্ন কৰিব। এই অভিযানৰ নাম দিয়া হৈছে স্পেটেক্স। অভিযানৰ মূল উদ্দেশ্য হৈছে, ভাৰতীয়সকলৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা ত...

December 29, 2024 11:50 AM

views 63

সোমবাৰে ইছৰোই স্পেদেক্স সম্পৰীক্ষাৰ সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তোলা বুলি  মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ প্ৰকাশ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই বাহ্যিক সাহায্য অবিহনে মহাকাশতে দুটা কৃত্রিম উপগ্রহক সংযুক্ত কৰাৰ সামৰ্থ্য প্ৰদৰ্শনৰ উদ্দেশ্যে সোমবাৰে ৰূপায়ণ কৰিবলগীয়া স্পেদেক্স সম্পৰীক্ষাৰ সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে। মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কালি এটা সাক্ষাৎকাৰত কয়, যে বছৰৰ শেষভাগৰ ইছৰোৰ এই অভিযান সঁচাকৈ ঐতিহাসিক, কাৰণ ইয়াৰ জৰিয়তে দুটাকৈ কৃত্ৰিম উপগ্ৰহক সংযুক্ত কৰা হ'ব। এই অভিযানেৰে দুটা কৃত্ৰিম উপগ্ৰহৰ মাজত যোগসূত্র স্থাপন কৰা বছা বছা দেশৰ মাজত ভাৰতৰ নামো অন্তৰ্ভুক্ত হ'ব ...

December 28, 2024 8:55 PM

views 50

স্পেদেক্স অভিযানৰ সকলো প্রস্তুতি সম্পূৰ্ণ ‘ইছৰো’ৰ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই বাহ্যিক সাহায্য অবিহনে দুটা কৃত্রিম উপগ্ৰহৰ মাজত যোগসূত্র স্থাপনৰ সামৰ্থ্য প্ৰদৰ্শনৰ উদ্দেশ্যে সোমবাৰে উৎক্ষেপণ কৰিবলগীয়া স্পেদেক্স অভিযানৰ সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্রী ড০ জিতেন্দ্র সিঙে আজি এটা সাক্ষাৎকাৰত কয়, যে বছৰৰ শেষভাগত উৎক্ষেপণ কৰিবলগীয়া ইছৰোৰ এই অভিযান সঁচাকৈ ঐতিহাসিক, কাৰণ ইয়াৰ জৰিয়তে দুটাকৈ কৃত্ৰিম উপগ্ৰহৰ মাজত যোগসূত্র স্থাপন কৰা হ'ব। এই অভিযানেৰে দুটা কৃত্ৰিম উপগ্ৰহৰ মাজত যোগসূত্র স্থাপন কৰা বছা বছা দেশৰ মাজত...

December 5, 2024 8:25 PM

views 59

বিয়লি ৪ বাজি ৪ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C59 উৎক্ষেপন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশ যান PSLV-C59 ৰ জৰিয়তে আজি বিয়লি ৪ বাজি ৪ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা থ্ৰী কৃত্রিম উপগ্ৰহ দুটা সফলতাৰে উৎক্ষেপন কৰা হয়। উৎক্ষেপনৰ পাছত সামাজিক মাধ্যমযোগে ভাৰতীয় মহাকাশ সংস্থাই প্ৰকাশ কৰে যে, PSLV-C59 ৰ জৰিয়তে ইছৰোৰ কাৰিকৰী বিশেষজ্ঞই নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ নেতৃত্বত ইউৰোপীয় মহাকাশ সংস্থাৰ উপগ্রহ প্রোবা থ্ৰী সফলতাৰে উৎক্ষেপন কৰে। উল্লেখযোগ্য যে নিউস্পেচ ইণ্ডিয়া লিমিটেড হৈছে ভাৰতীয় মহাকাশ গ...

December 5, 2024 8:10 PM

views 54

PSLV-C59 যানৰ সফল উৎক্ষেপন ইছৰোৰ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে আজি বিয়লি শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা থ্ৰী কৃত্রিম উপগ্রহ কঢ়িয়াই নিয়া PSLV-C59 যানখনৰ সফল উৎক্ষেপন সম্পন্ন কৰে। উৎক্ষেপন যানখনে বিয়লি ৪ বাজি ৪ মিনিটত মহাকাশলৈ উৰা মাৰে। ইছৰো উৎক্ষেপনৰ পাছত সামাজিক মাধ্যম এক্সযোগে কয়, যে PSLV-C59 যানখনে ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা-থ্রী শ্ৰেণীৰ এলানি কৃত্রিম উপগ্রহ নিৰ্ধাৰিত কক্ষপথত স্থাপন কৰাৰ লক্ষ্যৰে উৰা মাৰিছে। প্রোবা-থ্রী ইউৰোপীয় মহাকাশ সংস্থাৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যসূ...

December 4, 2024 12:05 PM

views 56

ইছৰোৰ নৱতম মহাকাশ যান PSLV-C59 আজি বিয়লি উৎক্ষেপন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশ যান PSLV-C59 আজি বিয়লি শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপন কৰা হ'ব। ইছৰোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি বিয়লি ৪ বাজি ৮ মিনিটত PSLV-C59 যানখনে ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা থ্রী উপগ্রহলানি মহাকাশত উৎক্ষেপন কৰিব। ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডে এই প্রোবা থ্রী উপগ্রহলানি মহাকাশত উৎক্ষেপন বাবে ইউৰোপীয় মহাকাশ সংস্থাৰ পৰা ফৰ্মাচ লাভ কৰিছে। প্রোবা থ্রি উপগ্রহসমূহ কক্ষপথত উপনীত হোৱাৰ পাছত দুটা ভাগত বিভক্ত হ'ব। এই উপগ্রহসম...

November 17, 2024 11:09 AM

views 68

আমেৰিকাৰ স্পেচএক্সৰ জৰিয়তে মঙলবাৰে উৎক্ষেপণ কৰা হব ভাৰতৰ উপগ্রহ GSAT-20

ভাৰতৰ যোগাযোগ উপগ্রহ GSAT-20 আমেৰিকাৰ উদ্যোগপতি ইলন মাস্কৰ স্পেচএক্সৰ জৰিয়তে মঙলবাৰে আমেৰিকাৰ কেপ কানাভেৰালৰ পৰা উৎক্ষেপণ কৰা হব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে প্রকাশ কৰা মতে স্পেচএক্সৰ ফেলকন-9 নামৰ ৰকেটটোৰ জৰিয়তে ইছৰোৰ GSAT-20 নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণ কৰা হ'ব। উপগ্ৰহটো ১৪ বছৰলৈকে কাৰ্যক্ষম হৈ থাকিব বুলি আশা কৰা হৈছে। এই উপগ্ৰহটোৰ জৰিয়তে দুর্গম অঞ্চলত ইণ্টাৰনেট সংযোগকে ধৰি সমগ্ৰ ভাৰততে যোগাযোগৰ অনান্য গুৰুত্বপূৰ্ণ সেৱা আৰম্ভ কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য...