May 25, 2024 5:52 PM

views 68

কাইলৈ আই পি এলৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কাইলৈ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে, ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

May 25, 2024 11:42 AM

views 66

আই পি এল ক্রিকেটত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দাবাদৰ ফাইনেলত প্ৰৱেশ

ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । ৰাজস্থান ৰয়েলছে ১৭৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ ধ্রুব জুৰেলে ৩৫টা বলত ৫৬ ৰান কৰি আউট নোহোৱাকৈ থাকে। হায়দাবাদৰ শ্বাহবাদ আহমেদে তিনিটা আৰু অভিষেক শৰ্মাই দুটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দাবাদে প্ৰথমে বেট ধৰা...

May 23, 2024 1:30 PM

views 64

আই পি এল ক্রিকেটৰ এলিমিনেটৰ খেলখনত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়

ৰাজস্থান ৰয়েলছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখনত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক চাৰি উইকেটত পৰাস্ত কৰে। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৭২ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে ১৯ অভাৰত ছটা উইকেট হেৰুৱাই ১৭৪ ৰাণ কৰে। ৰাজস্থান ৰয়েলছে এতিয়া কাইলৈ হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দাবাদৰ সন্মুখীন হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে...

May 21, 2024 7:19 PM

views 69

আই পি এলৰ কোৱালিফায়াৰ-১ খেলত ছান ৰাইজাৰ্ছ হায়দাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

ছান ৰাইজাৰ্ছ হায়দাবাদ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ কোৱালিফায়াৰ ৱানত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াকৈ ফাইনেল খেলাৰ সুযোগ লাভ কৰিব। আনহাতে, পৰাজিত দলটোৱে শুকুৰবাৰে কোৱালিফায়াৰ টু-ত খেলাৰ যোগ্যতা অৰ্জন কৰিব। একেখন ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েল্‌ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত এলিমিনেটৰ খেলখন অনুষ্ঠিত হ'ব। এই খেলখনত বিজয়ী দলটোৱে কোৱালিফায়াৰ-টুত খেল...

May 19, 2024 1:26 PM

views 53

গুৱাহাটীৰ বৰ্ষাপাৰাৰ অনুষ্ঠিত আই পি এল ক্রিকেটৰ বাবে যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত আজি হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ টি- ২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়তৰ সুবিধা হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নি নির্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নির্দেশনা জাৰি কৰা হৈছে। সেই অনুসৰি আজি দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ...

May 19, 2024 1:17 PM

views 73

আই পি এল ক্রিকেটত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইপিনে হায়দৰাবাদত হ'বলগীয়া আন এখন খেলত পঞ্জাব কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩.৩০ বজাত আৰম্ভ হ'ব । একেদৰে বেংগালুৰৰ এম চিন্নাস্বামী ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক ২৭ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৫টা উইকেট ...

May 17, 2024 12:30 PM

views 63

১৯ মে’ত গুৱাহাটীত হ’বলগীয়া টি-২০ ক্রিকেট খেলখনৰ বাবে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নির্দেশনা জাৰি

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ অহা ১৯ মে’ত হ'বলগীয়া টি-২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নির্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়তৰ সুবিধা হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নি নির্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসাৰে অহা ১৯ মে'ত দিনৰ ৩ বজাৰ পৰা নিশা ১২ ...

May 17, 2024 12:28 PM

views 62

আই পি এল ক্রিকেটত আজি ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্রতিযোগিতাত প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছৰ মাজত কালি হ'বলগীয়া খেলখন বৰষুণৰ বাবে টছ নোহোৱাকৈয়ে পৰিত্যক্ত ঘোষণা কৰাত হায়দৰাবাদ দলটো প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰে। প্লে অফ পৰ্যায়ৰ চতুৰ্থ তথা অন্তিম স্থানৰ বাবে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু আ...

May 16, 2024 6:32 PM

views 50

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। হায়দৰাবাদে বৰ্তমানলৈকে ১৪ পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছ ১১ পইণ্টেৰে অষ্টম স্থানত আছে। আনহাতে, কলকাতা নাইট ৰাইডাৰ্ছ ১৯ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত আছে। গুৱাহাটীত যোৱানিশা অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাঞ্জাব কি...

May 16, 2024 11:29 AM

views 64

গুৱাহাটীত অনুষ্ঠিত আই পি এলৰ খেলত ৰাজস্থান ৰয়েলছক পাঞ্জাব কিংছৰ ৫ উইকেটত পৰাস্ত

পাঞ্জাব কিংছে যোৱানিশা গুৱাহাটীত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৪৪ ৰান কৰে। ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে ৩৪টা বলত ৪৮ ৰান কৰে। পাঞ্জাব কিংছে আৰম্ভণিতে ৰিলে ৰোচ'ৰ আৰু শশাংক সিঙৰ উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হয় যদিও ৪১টা বলত ৬৩ ৰান কৰি অপৰাজিত হৈ ৰোৱা ছেম কৰেন আৰু জিতেশ শৰ্মাৰ যুটীয়ে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দলটোৱে সহজে জয় লাভ কৰে। পাঞ্জাব কিংছে...