January 11, 2025 9:16 PM

views 70

মালয়েছিয়া অ’পেন বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ ভাৰতৰ সাত্বিকসাইৰাজ ৰনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটী

ভাৰতৰ সাত্বিকসাইৰাজ ৰনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীটো মালয়েছিয়া অ'পেন বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ভাৰতীয় যুটীটো আজি কোৱালালপুৰত অনুষ্ঠিত পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ ছিঅ' চ্যুংগ জি আৰু কিম ৱন হোৰ হাতত ১০-২১, ১৫-২১ গেমত পৰাজিত হয়।

January 9, 2025 5:00 PM

views 73

৫০ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাডী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ ছোৱালীৰ খেলত দিল্লীক পৰাজিত অসম দলৰ

উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ৫০ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাড়ী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ ছোৱালীৰ খেলত অসম দলে দিল্লীক পৰাজিত কৰিছে। অসমে ৪৪-২৪ ব্যৱধানত দলটোক পৰাজিত কৰে। অসম কাবাড়ী সন্থাই এই বিষয়ে প্ৰকাশ কৰিছে।

January 8, 2025 8:45 PM

views 83

মালয়েছিয়া অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এইছ এছ প্রণয়

ভাৰতৰ এইছ এছ প্রণয়ে কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি এখন বর্ষাবিঘ্নিত খেলত কানাডাৰ ব্ৰায়ন য়াঙক ২১–১২, ১৭– ২১, ২১-১৫ গেমত পৰাস্ত কৰে। প্ৰণয়ে কাইলৈ প্রি-কোৱাৰ্টাৰ ফাইনেলত চীনৰ শ্বি ফেং লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

January 2, 2025 10:12 AM

views 78

২০২৪-২৫ বৰ্ষৰ হকী ইণ্ডিয়া লীগত ছাৰাছী ৰাঢ় বেংগল টাইগাৰ্ছৰ গণাশিকা দলক ২-১ৰ ব্যৱধানত পৰাস্ত

ওড়িশাৰ ৰুৰকেলাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়ামত চলি থকা ২০২৪-২৫ বৰ্ষৰ হকী ইণ্ডিয়া লীগত দ্বিতীয়খন খেলত ছাৰাছী ৰাঢ় বেংগল টাইগাৰ্ছে গণাশিকা দলক ২-১ৰ ব্যৱধানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰলৈ বিজয় সাব্যস্ত কৰে।

January 2, 2025 10:10 AM

views 85

আই এছ এল ফুটবল প্রতিযোগিতাত মোহন বাগান ছুপাৰ জায়েণ্ট হায়দাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মোহন বাগান ছুপাৰ জায়েণ্ট আজি বিবেকানন্দ যুৱভাৰতী ক্রীড়াঙ্গনত হ'বলগীয়া আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত হায়দাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগান ছুপাৰ জায়েণ্টে বৰ্তমানলৈ ১৩খন খেলৰ পৰা ২৯ পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। হায়দাবাদ এফ চিয়ে ১৩খন খেলৰ পৰা মাত্র ৮ পইণ্ট লাভ কৰি দ্বাদশ স্থানত আছে।

December 19, 2024 8:59 PM

views 74

কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন

কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰা হৈছে বুলি ক্রীড়া মন্ত্ৰ্যালয়ে আজি জানিবলৈ দিয়ে। ৰাজ্যসভাত এটা লিখিত উত্তৰত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনাই যে, খেল' ইণ্ডিয়া কাৰ্যসূচীৰ উপৰি ক্ৰীড়া উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্রীড়া সংস্থাক সাহায্য প্রদান আঁচনি, আন্তঃৰাষ্ট্ৰীয় ক্রীড়াত বিজয়ী খেলুৱৈ আৰু প্ৰশিক্ষকক বিশেষ পুৰস্কাৰ তথা ৰাষ্ট্ৰীয় ক্রীড়া পুৰস...

December 19, 2024 8:55 PM

views 67

কেন্দ্ৰীয় চৰকাৰে দেশত খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ ১,২৫০ টা খেল’ ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে দেশত খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ ১,২৫০ টা খেল’ ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন দিছে। ৰাজ্যসভাত আজি লিখিত উত্তৰত কেন্দ্ৰীয় যুৱ-পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনাই যে, কেন্দ্ৰই বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যসমূহৰ খেলৰ আন্তঃগাঁথনি শক্তিশালী কৰি গঢ়ি তুলিবলৈ সহায় আগবঢ়াই আহিছে। খেল' ইণ্ডিয়া আঁচনিৰ অধীনত সমগ্ৰ দেশতে ৩২৩টা ক্রীড়া আন্তঃগাঁথনি প্ৰকল্পৰ অনুমোদন জনাইছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

December 19, 2024 5:32 PM

views 63

সন্ধিয়া ৭ বজাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেটৰ অন্তিমখন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ অন্তিমখন খেল আজি নবী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাত দুয়োটা দলেই এতিয়ালৈ একোখনকৈ খেলত জয়লাভ কৰিছে। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতে প্ৰথম খেলখনত ৪৯ ৰানত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত আলহী দলটো ৯ উইকেটত জয়ী হৈছিল।

December 18, 2024 1:27 PM

views 67

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট অমীমাংসিতভাৱে সমাপ্ত

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট আজি অমীমাংসিতভাৱে সমাপ্ত হৈছে। খেলখনৰ আজি অন্তিম দিনা ঘৰুৱা দলটোৱে দ্বিতীয় ইনিংছত ৭ উইকেটৰ বিনিময়ত ৮৯ ৰান কৰি নাটকীয়ভাৱে ইনিংছ সমাপ্তি ঘোষণা কৰে আৰু ভাৰতক দ্বিতীয় ইনিংছত ২৭৫ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি কোনো উইকেট নেহেৰুৱাকৈ ৮ ৰান কৰা অৱস্থাত বৰষুণৰ বাবে খেলৰ সমাপ্তি ঘোষণা কৰা হয়। ইয়াৰ আগতে ভাৰতে কালি ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২৫২ ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰ...

December 18, 2024 1:01 PM

views 66

মুম্বাই চিটি এফ চিৰ ১৩ অনূৰ্ধ্ব দলত অসমৰ দিশান্ত বৰঠাকুৰ

মুম্বাই নিবাসী অসমৰ উদীয়মান খেলুৱৈ দিশান্ত বৰঠাকুৰে দেশৰ আগশাৰীৰ ফুটবল ক্লাব মুম্বাই চিটি এফ চি ৰ ১৩বছৰ অনূৰ্ধ্ব দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বিগত দুবছৰ ধৰি ছকাৰষ্টাৰজ ফুটবল ক্লাবৰ অধীনত প্ৰশিক্ষণ লৈ থকা দিশান্তই এতিয়াৰে পৰা ক্লাবটোৰ হৈ আই লীগ আৰু মুম্বাই ফুটবল সন্থা (এম এফ এ)ৰ বিভিন্ন খেলত অংশ লোৱাৰ সুযোগ পাব। বাওঁ ভৰিৰ ৰাইট উইংগাৰ হিচাপে ইতিমধ্যে দক্ষতা প্ৰদৰ্শন কৰা দিশান্তই ড্ৰিবলিং, শ্বুটিং, আৰু লং পাছত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে। উল্লেখযোগ্য যে, ফুটবলৰ লগতে ক্ৰিকেট আৰু টেনিছৰ ক...