September 3, 2024 8:10 PM

views 74

আজিৰে পৰা নতুন দিল্লীত ১২ দিনীয়াকৈ সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্যসকলৰ স্থল সৈনিক শিবিৰ অনুষ্ঠিত

নতুন দিল্লীত আজিৰে পৰা ১২ দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্যসকলৰ বাবে স্থল সৈনিক শিবিৰ অনুষ্ঠিত হৈছে। স্থলসৈনিক শিবিৰত বিশেষকৈ স্থল শাখাৰ সদস্যসকলৰ মাজত নেতৃত্ব আৰু দলীয় ভাৱনাৰে কাম কৰাৰ মানসিকতা, চাৰিত্ৰিক বিকাশ আদিৰ সামগ্ৰিক প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰৰ অংশগ্ৰহণকাৰীসকলৰ মাজত মানচিত্ৰৰ অধ্যয়ন বিভিন্ন প্ৰত্যাহ্বানৰ প্ৰশিক্ষণ আদিৰ সন্দৰ্ভত অৱগত কৰোৱা হ'ব। শাৰিৰীক সক্ষমতা, মানসিক দৃঢ়তা, দলীয় ভাৱনাৰে কাম কৰাৰ মানসিকতা আদিৰ ...

May 8, 2024 4:37 PM

views 51

ৰিয়েৰ এড্‌মিৰেল ৰাজেশ ধনকাৰৰ নেতৃত্বত ভাৰতীয় নৌসেনাৰ প্ৰতিনিধি দলৰ ইনফৰমেচন ফিউজন ছিংগাপুৰ ভ্ৰমণ

ৰিয়েৰ এড্‌মিৰেল ৰাজেশ ধনকাৰৰ নেতৃত্বত ভাৰতীয় নৌসেনাৰ এটা প্ৰতিনিধি দলে কালি ইনফৰমেচন ফিউজন ছিংগাপুৰ ভ্ৰমণ কৰে। এই ভ্ৰমণৰ উদ্দেশ্যে হৈছে সামুদ্ৰিক সুৰক্ষা আৰু সহযোগিতা বৃদ্ধি আৰু ভাৰত আৰু ছিংগাপুৰৰ মাজত বন্ধুত্ব শক্তিশালী কৰি তোলা। ভ্ৰমণৰ সময়ছোৱাত প্ৰতিনিধি দলটোৱে অঞ্চলটোৰ বৰ্তমানৰ সামুদ্রিক নিৰাপত্তাৰ পৰিবেশ আৰু উত্থাপিত ভাবুকিসমূহ লাঘৱ কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে সামুদ্রিক প্রত্যাহ্বানসমূহ সহযোগিতাৰে সন্মুখীন হোৱাৰ ক্ষেত্ৰত আই এফ চি ছিংগাপুৰ আৰু ভাৰতীয় নৌসেনাৰ আই অ আৰৰ ভাবধা...

May 1, 2024 9:36 PM

views 53

নৌসেনাৰ উপ-মুৰব্বী হিচাপে ভাইচ এডমিৰেল কৃষ্ণা স্বামীনাথনৰ কাৰ্য্যভাৰ গ্ৰহণ

ভাইচ এডমিৰেল কৃষ্ণা স্বামীনাথনে আজি নৌসেনাৰ উপ-মুৰব্বী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাছতে তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ৰাষ্ট্ৰৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। ১৯৮৭ৰ জুলাইত নৌসেনাত নিযুক্তি লাভ কৰা ভাইচ এডমিৰেল কৃষ্ণা স্বামীনাথন যোগাযোগ আৰু বৈদ্যুতিন যুদ্ধৰ বিশেষজ্ঞ।