ৰিয়েৰ এড্মিৰেল ৰাজেশ ধনকাৰৰ নেতৃত্বত ভাৰতীয় নৌসেনাৰ এটা প্ৰতিনিধি দলে কালি ইনফৰমেচন ফিউজন ছিংগাপুৰ ভ্ৰমণ কৰে। এই ভ্ৰমণৰ উদ্দেশ্যে হৈছে সামুদ্ৰিক সুৰক্ষা আৰু সহযোগিতা বৃদ্ধি আৰু ভাৰত আৰু ছিংগাপুৰৰ মাজত বন্ধুত্ব শক্তিশালী কৰি তোলা। ভ্ৰমণৰ সময়ছোৱাত প্ৰতিনিধি দলটোৱে অঞ্চলটোৰ বৰ্তমানৰ সামুদ্রিক নিৰাপত্তাৰ পৰিবেশ আৰু উত্থাপিত ভাবুকিসমূহ লাঘৱ কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে সামুদ্রিক প্রত্যাহ্বানসমূহ সহযোগিতাৰে সন্মুখীন হোৱাৰ ক্ষেত্ৰত আই এফ চি ছিংগাপুৰ আৰু ভাৰতীয় নৌসেনাৰ আই অ আৰৰ ভাবধাৰাসমূহ বিনিময়ৰ যোগেদি ৰূপায়ণ কৰাৰো পোষকতা কৰে।
Assamese | May 8, 2024 4:37 PM | India Govt. | Indian Navy
ৰিয়েৰ এড্মিৰেল ৰাজেশ ধনকাৰৰ নেতৃত্বত ভাৰতীয় নৌসেনাৰ প্ৰতিনিধি দলৰ ইনফৰমেচন ফিউজন ছিংগাপুৰ ভ্ৰমণ