December 7, 2024 8:47 PM

views 73

৩দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলোছ'ভৰ সৈতে মস্কোত যুটীয়াভাৱে সামৰিক আৰু সামৰিক প্ৰযুক্তি সহযোগিতা সম্বন্ধীয় ২১ সংখ্যক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰ আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। মন্ত্ৰী দুগৰাকীয়ে সামৰিক আৰু ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ মাজত থকা বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰিব। পাৰস্পৰিক স্বার্থজড়িত সমসাময়িক আঞ্চলিক আৰু বিশ্বত চলি থকা বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰিব। ভ্রমণসূচ...

December 7, 2024 7:34 PM

views 70

দেশজুৰি যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ১০০ দিনীয়া কাৰ্যসূচী গ্ৰহণ

২০২৫ৰ ভিতৰত ভাৰতবৰ্ষক যক্ষ্মা মুক্ত কৰাৰ উদ্দেশ্যে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে এশদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিক যক্ষ্মা আক্রান্ত ৰোগী থকা জিলাসমূহক কেন্দ্ৰ কৰি ৰোগটো নিৰ্মূল কৰিবলৈ হাতত লোৱা কাৰ্যসূচীত জনসাধাৰণৰ সক্ৰিয় সহযোগ আশা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে নতুন ঔষধ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু উন্নত নিদান প্ৰক্ৰিয়াৰ দ্বাৰা দেশবাসীয়ে যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছে বুলি অৱগত কৰে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে তেওঁ ৰোগ...

December 6, 2024 10:30 AM

views 83

ভাৰতীয় সংবিধান প্ৰণেতা, ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ আজি ৬৯ সংখ্যক মৃত্যু বার্ষিকী

আজি ভাৰতীয় সংবিধানৰ প্ৰণেতা, ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ ৬৯ সংখ্যক মৃত্যু বার্ষিকী। সমতা, ভাতৃত্ববোধ আৰু ঐক্যৰ আদৰ্শৰে এখন বৈচিত্রহীন সমাজৰ বুনিয়াদ ৰচনা কৰা আইনজ্ঞ, সুদক্ষ ৰাজনীতিবিদ আম্বেদকাৰক তেওঁৰ মৃত্যু বার্ষিকীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধাৰে স্মৰণ কৰিছে। জাতি গঠনৰ ক্ষেত্ৰত বাবা চাহেব আম্বেদকাৰক স্মৰণ কৰাৰ উদ্দেশ্যে দেশজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেইবাগৰাকী সাংসদ তথা অন্যান্য বিষয...

December 5, 2024 8:21 PM

views 81

তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ শপত গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নাবিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শিৱসেনাৰ একনাথ সিন্দে আৰু ৰাষ্ট্রবাদী কংগ্ৰেছ পাৰ্টীৰ অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰে। উল্লেখযোগ্য যে বিজেপি-শিৱসেনা-এন চি পি মিত্রজোঁটে মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা বিধানসভা নিৰ্বাচনত ২৮৮ খন আসনৰ ভিতৰত ২৩০ খন আসন লাভ কৰিছে।মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে শ্রীফাড়নাবিছক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰ...

December 5, 2024 8:12 PM

views 77

ভাৰত মণ্ডপমত কাইলৈৰ পৰা ৩ দিনয়াকৈ অষ্টলক্ষ্মী মহোৎসৱ

নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত কাইলৈৰ পৰা ৩ দিনয়াকৈ অষ্টলক্ষ্মী মহোৎসৱ অনুষ্ঠিত হ'ব। উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়, উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড আৰু ইনভেষ্ট ইণ্ডিয়াই প্ৰথম বাৰৰ বাবে আয়োজন কৰা এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ শিল্প কলা, চহকী বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ'ব। অষ্টলক্ষ্মী ৰূপে পৰিচিত উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যই দেশৰ সামাজিক, সংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। এই মহোৎসৱৰ সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত অঞ...

November 30, 2024 8:51 PM

views 61

বি এছ এফে চলিত বৰ্ষত বৰ্তমানলৈকে পাঞ্জাৱ সীমান্তৰে ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিছে

সীমান্ত সুৰক্ষা বাহিনী বি এছ এফে চলিত বৰ্ষত এতিয়ালৈকে পাঞ্জাৱ সীমান্তইদি ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিবলৈ সমৰ্থ হৈছে। বিগত বৰ্ষৰ তুলনাত জব্দ কৰা দ্ৰোণৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। বিগত বৰ্ষৰ ৪৪০ কিলোগ্ৰাম হেৰ’ইনৰ তুলনাত এইবাৰ ২৫৪ কিলোগ্রাম হেৰ’ইন জব্দ কৰা হৈছে। বি এছ এফৰ অহৰহ পহৰা দিয়াৰ ফলত চলিত বৰ্ষত এই পৰিমাণ হ্ৰাস পাইছে। বি এছ এফে লগতে পাঞ্জাৱ সীমান্তত ৩টা পাকিস্তানী অনুপ্ৰৱেশকাৰী আৰু দুটা সৰবৰাহকাৰীসহ ৩০ জন পাকিস্তানী নাগৰিকক কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছে...

November 30, 2024 8:39 PM

views 70

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে INS-বিক্রমাদিত্যৰ মেৰামতিৰ বাবে কোচিন শ্বিপয়ার্ড লিমিটেডৰ সৈতে ১,২০০ কোটিৰো অধিক টকা মূল্যৰ চুক্তি সম্পন্ন

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে INS-বিক্রমাদিত্যৰ মেৰামতিৰ বাবে কোচিন শ্বিপয়ার্ড লিমিটেডৰ সৈতে আজি ১,২০০ কোটিৰো অধিক টকা মূল্যৰ চুক্তি সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি এই প্ৰকল্পৰ ফলত কোচিন শ্বিপয়ার্ড লিমিটেডৰ মেৰামতিকে ধৰি আন আনুসংগিক কাৰ্যৰ বাবে দেশৰ ঔদ্যোগিক ব্যৱস্থাত এটা বিশেষ পদক্ষেপ গ্রহণ কৰিব পাৰিব। বিমান পৰিবাহী জাহাজ আই এন এছ বিক্রমাদিত্য ২০১৩ চনৰ নৱেম্বৰত ভাৰতীয় নৌসেনা বাহিনীত মকৰল কৰা হৈছিল৷

November 30, 2024 12:40 PM

views 66

কেন্দ্ৰীয় চৰকাৰ আৰু এছিয়ান ডেভলপমেণ্ট বেংকৰ ৯ কোটি ৮০ লাখ ডলাৰৰ ঋণ বুজাবুজি চুক্তিত স্বাক্ষৰ

কেন্দ্ৰীয় চৰকাৰ আৰু এছিয়ান ডেভলপমেণ্ট বেংকে (ADB) উদ্যান শস্যৰ সৈতে জড়িত খেতিয়কসকলৰ বাবে ৯ কোটি ৮০ লাখ ডলাৰৰ ঋণ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিয়ে কৃষকসকলক ৰোগমুক্ত, প্রমাণিত গছ পুলি ৰোপণ সামগ্ৰী প্ৰদান কৰা হ'ব আৰু তেওঁলোকৰ কৃষিজাত সামগ্ৰীৰ উৎপাদকতা, গুণগতমান আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব। অর্থনৈতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব জুহি মুখার্জী আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ ইণ্ডিয়া ৰেচিডেণ্ট মিছনৰ দায়িত্বত থকা বিষয়া কাই ৱেই য়েঅ'ই এই চুক্তিত স্বাক্ষৰ ...

November 20, 2024 9:04 PM

views 84

ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি বিয়লি সামৰণি পৰিছে। ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত আৰু অতি স্পৰ্শকাতৰ বুলি চিহ্নিত ৩১টা ভোটকেন্দ্ৰত অৱশ্যে আবেলি ৪ বজাতে ভোটগ্রহণৰ সামৰণি পৰে। শেহতীয়া তথ্য অনুসৰি ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান হয়। অৱশ্যে ভোট দানৰ প্ৰকৃত হাৰ ভোট গ্রহণ কেন্দ্ৰসমূহৰ পৰা অহা তথ্যৰ ভিত্তিত নিশাৰ ভাগলৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব। আজি মহাৰাষ্ট্ৰৰ নাণ্ডেড় লোকসভা সমষ্টি, পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰ...

November 16, 2024 6:17 PM

views 54

ঝাঁচি চিকিৎসা মহাবিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত নিহতৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ ২ লাখ টকাকৈ এককালীন সাহায্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ ঝাঁচি চিকিৎসা মহাবিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। ঘটনাত আঘাতপ্রাপ্তসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীমোদীয়ে ভুক্তভোগীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে উত্তৰ প্ৰদেশ চৰকাৰৰ অধীনত স্থানীয় প্রশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই নিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি নিশ্চয়তা প্ৰদান কৰে। ৰাষ্ট্ৰপতি শ্...