আজি ভাৰতীয় সংবিধানৰ প্ৰণেতা, ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ ৬৯ সংখ্যক মৃত্যু বার্ষিকী। সমতা, ভাতৃত্ববোধ আৰু ঐক্যৰ আদৰ্শৰে এখন বৈচিত্রহীন সমাজৰ বুনিয়াদ ৰচনা কৰা আইনজ্ঞ, সুদক্ষ ৰাজনীতিবিদ আম্বেদকাৰক তেওঁৰ মৃত্যু বার্ষিকীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধাৰে স্মৰণ কৰিছে। জাতি গঠনৰ ক্ষেত্ৰত বাবা চাহেব আম্বেদকাৰক স্মৰণ কৰাৰ উদ্দেশ্যে দেশজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেইবাগৰাকী সাংসদ তথা অন্যান্য বিষয়ববীয়াই ভাৰতীয় সংবিধানৰ ৰূপকাৰ আম্বেদকাৰৰ স্মৃতিত নতুন দিল্লীত সংসদ ভৱনৰ প্ৰেৰণা স্থলত আজি শ্রদ্ধা জ্ঞাপন কৰিব।
Assamese | December 6, 2024 10:30 AM | Ambedkar | India
ভাৰতীয় সংবিধান প্ৰণেতা, ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ আজি ৬৯ সংখ্যক মৃত্যু বার্ষিকী