November 30, 2024 8:39 PM | Defence Minister | India

printer

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে INS-বিক্রমাদিত্যৰ মেৰামতিৰ বাবে কোচিন শ্বিপয়ার্ড লিমিটেডৰ সৈতে ১,২০০ কোটিৰো অধিক টকা মূল্যৰ চুক্তি সম্পন্ন

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে INS-বিক্রমাদিত্যৰ মেৰামতিৰ বাবে কোচিন শ্বিপয়ার্ড লিমিটেডৰ সৈতে আজি ১,২০০ কোটিৰো অধিক টকা মূল্যৰ চুক্তি সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি এই প্ৰকল্পৰ ফলত কোচিন শ্বিপয়ার্ড লিমিটেডৰ মেৰামতিকে ধৰি আন আনুসংগিক কাৰ্যৰ বাবে দেশৰ ঔদ্যোগিক ব্যৱস্থাত এটা বিশেষ পদক্ষেপ গ্রহণ কৰিব পাৰিব। বিমান পৰিবাহী জাহাজ আই এন এছ বিক্রমাদিত্য ২০১৩ চনৰ নৱেম্বৰত ভাৰতীয় নৌসেনা বাহিনীত মকৰল কৰা হৈছিল৷