May 25, 2024 7:50 PM

views 93

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত আন চার্টেইন ৰিগার্ড প্রাইজ শিতানত ভাৰতীয় অভিনেত্রী অনাসুয়া সেনগুপ্তালৈ শ্রেষ্ঠ অভিনেত্ৰী বঁটা

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত আন চার্টেইন ৰিগার্ড প্রাইজ শিতানত ভাৰতীয় অভিনেত্রী অনাসুয়া সেনগুপ্তালৈ শ্রেষ্ঠ অভিনেত্ৰী বঁটা আগবঢ়োৱা হৈছে। তেওঁ দা শ্বেইমলেছ ছবিত অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। অনাসুয়াই বুলগেৰিয়াৰ চলচ্চিত্র নির্মাতা কনষ্টেণ্টিন বোজানোভ পৰিচালিত ছবিখনত ৰেণুকাৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে শ্যাম বেনেগালৰ মন্থন ছবিখনে চলচ্চিত্ৰ মহোৎসৱত বিশেষ প্ৰদৰ্শনী লাভ কৰে।

May 25, 2024 5:46 PM

views 64

আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত ভাৰতৰ সোণৰ পদক

ভাৰতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীৰে গঠিত ভাৰতীয় দলটোৱে ফাইনেলত তুৰ্কীৰ দলটোক পৰাস্ত কৰে। আনহাতে জ্যোতি সুৰেখা ৱেন্নম আৰু প্ৰিয়াংশে কম্পাউণ্ড মিক্সড্ টীম শাখাত ৰূপৰ পদক লাভ কৰিছে। ফাইনেলত জ্যোতি আৰু প্ৰিয়াংশৰ যুটীটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলিভিয়া ডীন আৰু ছয়াৰ ছুলিভানৰ হাতত পৰাস্ত হয়।

May 25, 2024 5:21 PM

views 51

চেন্নাই আৰু আন্দামানৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমানৰ চলাচল আজিৰ দিনটোৰ বাবে বাতিল

চেন্নাই আৰু আন্দামানৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমানৰ চলাচল আজিৰ দিনটোৰ বাবে বাতিল কৰা হৈছে। এটা বিবৃতি অনুসৰি সাগৰীয় ধুমুহা ৰেমালৰ পৰিপ্ৰেক্ষিততে কলকাতা-আন্দামান আৰু অন্ধ্র-প'ৰ্টব্লেয়াৰৰ মাজত বিমান সেৱাও বাতিল কৰা হৈছে।

May 25, 2024 5:14 PM

views 72

ৰেমালৰ নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, পূব-মধ্য বংগোপ সাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা আছে। এটা বিবৃতিত বিভাগে প্ৰকাশ কৰা অনুসৰি ৰেমাল নামৰ এই বতাহজাকে কাইলৈ মাজনিশাৰ ভিতৰত বাংলাদেশ আৰু পশ্চিম বংগৰ উপকূল অতিক্ৰম কৰি বিপজ্জনক সাগৰীয় ধুমুহাত পৰিণত হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগৰ বিভিন্ন স্থানত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ওড়িশাৰ উত্তৰ উপকূল অঞ্চলত প্ৰবল বৰষুণৰ আগজাননী দিয়া হৈছে। একেদৰে ইয়াৰ প্ৰভাৱত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো প্ৰবল ...

May 17, 2024 6:54 PM

views 54

দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হয়। উচ্চ ৰক্তচাপ প্ৰতিৰোধ, নিয়ন্ত্ৰণ তথা এই সন্দৰ্ভত সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আজি এই দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই অংশগ্ৰহণ কৰে। চিকিৎসালয়ত সমবেত লোকসকলক উচ্চ ৰক্তচাপ সন্দৰ্ভত সজাগ কৰিবলৈ প্ৰয়াস চলোৱা হয়।

May 17, 2024 5:20 PM

views 67

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটৰ সমাবেশৰ আয়োজন

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটে আজি সমাবেশৰ আয়োজন কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, এন চি পিৰ জ্যেষ্ঠ নেতা শাৰদ পাৱাৰ, উদ্ধৱ থাকৰে আৰু আই এন ডি আই মিত্ৰজোঁটৰ আন আন নেতাসকলেও এই সমাবেশত অংশ ল'ব।

May 17, 2024 5:02 PM

views 83

ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ দ্বাদশ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ আজি সামৰণি

মংগোলিয়াৰ উলানবাটাৰত অনুষ্ঠিত ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ দ্বাদশ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ আজি সামৰণি পৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব অমিতাভ প্ৰসাদ আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা বিভাগৰ যুটীয়া সচিব ব্রিগেডিয়াৰ জেনেৰেল গানখুয়াগ ডাবাগোডজে যুটীয়াভাৱে এই বৈঠকত অধ্যক্ষতা কৰে। মংগোলিয়াত ভাৰতৰ ৰাষ্ট্রদূত অতুল মালহাৰি গটছুৰভেও এই বৈঠকত অংশগ্রহণ কৰে। দুদিনীয়া বৈঠকৰ এই সময়ছোৱাত দুয়ো পক্ষই উভয় ৰাষ্ট্ৰৰ মাজৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে সন্তোষ ব্যক্ত কৰে। প্ৰতিৰক্ষা মন্...

May 11, 2024 4:51 PM

views 57

দোহা ডায়মণ্ড লীগ ২০২৪, প্রতিযোগিতাত দ্বিতীয় স্থান নিশ্চিত নীৰজ চোপ্ৰাৰ

ভাৰতীয় জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই দোহা ডায়মণ্ড লীগ ২০২৪ প্রতিযোগিতাত দ্বিতীয় স্থান নিশ্চিত কৰিছে। জেভলিনৰ শীৰ্ষ স্থানৰ খেলুৱৈ জাকোব জাদলেজতকৈ মাত্র দুই চেণ্টিমিটাৰ কম জেভলিন দলিয়াই তেওঁ দ্বিতীয় স্থান লাভ কৰে। বতাহৰ পৰিপ্ৰেক্ষিতত নীৰজে একেৰাহে দ্বিতীয়বাৰৰ বাবে দোহাত চূড়ান্ত বিজয়ীৰ খিতাপ দখলত ব্যৰ্থ হয়। 

May 11, 2024 2:51 PM

views 46

দিল্লীত উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন হোৱা কাৰ্য বাহিনীৰ পঞ্চমখন বৈঠক সম্পন্ন

● উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন হোৱা কাৰ্য বাহিনীৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হৈ যায়। এই বৈঠকত পৰ্যটন বিকাশৰ বাবে সামর্থ বিকাশ, প্রশিক্ষণ নীতি, বিপণন আৰু প্ৰচাৰৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বৈঠকখনত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে। তদুপৰি বৈঠকত কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতিনিধি ভাৰতীয় উদ্যোগ সংঘ আৰু অন্যান্য ব্যক্তিগত খণ্ডৰ প্ৰতিনিধিও উপস্থিত থাকে।

May 11, 2024 2:48 PM

views 76

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ খচৰা প্ৰস্তাবৰ সপক্ষত ভোটদানেৰে পেলেষ্টাইনক পূর্ণ সদস্যৰ মৰ্যদাত সমৰ্থন ভাৰতৰ

■ ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ খচৰা প্ৰস্তাবৰ সপক্ষে ভোটদান কৰি পেলেষ্টাইনক পূর্ণ সদস্যৰ মৰ্যদা প্ৰদানৰ সমৰ্থন আগবঢ়াইছে। ১৯৩ খন সদস্য ৰাষ্ট্ৰৰে গঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ কালি অনুষ্ঠিত এখন জৰুৰী বিশেষ অধিৱেশনৰ বৈঠকত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই এই প্ৰস্তাৱ উত্থাপন কৰিছিল। এই প্ৰস্তাৱৰ সপক্ষে ১৪৩ খন দেশে মতদান কৰাৰ বিপৰীতে ৯খন দেশে ইয়াৰ বিৰোধিতা কৰে। ইপিনে ২৫ খন দেশে মতদানৰ পৰা বিৰত থাকে। সম্প্ৰতি পেলেষ্টাইন ৰাষ্ট্ৰসংঘৰ সদস্য নহয় যদিও পর্যবেক্ষক হিচাপে আছে । ২০১২ চনত সাধাৰণ সভাই পেলেষ্টাইনক...