দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হয়। উচ্চ ৰক্তচাপ প্ৰতিৰোধ, নিয়ন্ত্ৰণ তথা এই সন্দৰ্ভত সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আজি এই দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই অংশগ্ৰহণ কৰে। চিকিৎসালয়ত সমবেত লোকসকলক উচ্চ ৰক্তচাপ সন্দৰ্ভত সজাগ কৰিবলৈ প্ৰয়াস চলোৱা হয়।
Assamese | May 17, 2024 6:54 PM | India | World Hypertension Day
দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন