মংগোলিয়াৰ উলানবাটাৰত অনুষ্ঠিত ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ দ্বাদশ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ আজি সামৰণি পৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব অমিতাভ প্ৰসাদ আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা বিভাগৰ যুটীয়া সচিব ব্রিগেডিয়াৰ জেনেৰেল গানখুয়াগ ডাবাগোডজে যুটীয়াভাৱে এই বৈঠকত অধ্যক্ষতা কৰে। মংগোলিয়াত ভাৰতৰ ৰাষ্ট্রদূত অতুল মালহাৰি গটছুৰভেও এই বৈঠকত অংশগ্রহণ কৰে। দুদিনীয়া বৈঠকৰ এই সময়ছোৱাত দুয়ো পক্ষই উভয় ৰাষ্ট্ৰৰ মাজৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে সন্তোষ ব্যক্ত কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন ৰাষ্ট্ৰই ভালেমান দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা পদক্ষেপৰ অগ্ৰগতি সম্পৰ্কে পর্যালোচনা কৰাৰ লগতে এই ক্ষেত্ৰসমূহত সহযোগিতা অধিক বৃদ্ধি কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। তেওঁলোকে সাম্প্ৰতিক ভূ-ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কেও মনোভাৱ বিনিময় কৰে।
Assamese | May 17, 2024 5:02 PM | 2th Joint Working Group meeting | Defence Ministers | India | India Govt. | Mongolia
ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ দ্বাদশ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ আজি সামৰণি