January 18, 2026 9:19 PM

views 61

এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত নিউজিলেণ্ডৰ ভাৰতক জয়ৰ বাবে ৩৩৮ ৰানৰ লক্ষ্য নির্ধাৰণ

ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত নিউজিলেণ্ডে ভাৰতক জয়ৰ বাবে ৩৩৮ ৰানৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। টছত হাবিৰ প্ৰথমে বেট ধৰা নিউজিলেণ্ডে নির্ধাৰিত অ'ভাৰত ৮ টা উইকেট হেৰুৱাই ৩৩৭ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ডেৰিল মিচেল আৰু প্লেন ফিলিপ্‌প্সছে শতক অর্জন কৰে। ডেৰিল মিচেলে ১৩৭ আৰু ফিলিপছে ১০৬ ৰান কৰি আউট হয়। উইল য়ঙে ৩০ আৰু মাইকেল ব্ৰেছৱেলে ২৮ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ অর্শদীপ সিং আৰু হর্ষিত ৰানাই তিনিটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে এই বাতৰি ...

January 15, 2026 10:30 AM

views 48

ডেৰিল মিটছেলৰ ১৩১ ৰানৰ ইনিংছৰ সহায়ত নিউজিলেণ্ডৰ ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত সমতা স্থাপন

ডেৰিল মিটছেলৰ ১৩১ ৰানৰ ইনিংছৰ সহায়ত সহজ জয়ৰে নিউজিলেণ্ডে ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত সমতা স্থাপন কৰিছে। ৰাজকোটত যোৱানিশা অনুষ্ঠিত তিনিখনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত আলহী দলটো ৭ উইকেটত জয়লাভ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰিবলৈ আমন্ত্রণ লাভ কৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেট ২৮৪ ৰান কৰিছিল। কে এল ৰাহুলে সৰ্বাধিক ১১২ ৰান কৰি আউট নোহোৱাকৈ থাকে। অধিনায়ক শুভমন গিলে ৫৬ ৰান কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে ৪৭ অভাৰ আৰু ৩টা বলত ডেবিল মিটছেলৰ শতকীয় ইনিংছৰ লগতে উইল ইয়ঙৰ ৮৭ ৰানৰ সহায়ত তিনিটা উই...