নিউজিলেণ্ডৰ বিৰুদ্ধে আজি মাউন্ট মাওনগনুইৰ বে অ’ভেলত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন খেলত ভাৰতে ২২ ৰানত জয়লাভ কৰে। এই জয়েৰে ভাৰতে পাঁচখনীয়া এদিনীয়া ক্রিকেট শৃংখলা ৩-১ৰ ব্যৱধানত দখল কৰে। শৃংখলাৰ চতুৰ্থ এদিনীয়াখন বৰষুণৰ বাবে পৰিত্যক্ত হয়।
উল্লেখযোগ্য যে আজিৰ খেলখনত ২১০ ৰানৰ জয়ৰ লক্ষ্যৰে খেলি নিউজিলেণ্ড ১৮৭ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। ঘৰুৱা দলটোৰ হৈ নিক কেলি আৰু মিচেল ছেণ্টনাৰে ২৪ ৰানকৈ কৰাৰ বিপৰীতে বাকী বেটাৰসকল ব্যর্থ হয়। বলিঙত ভাৰতৰ হৈ অশ্বদীপ সিঙে তিনিটা তথা মহম্মদ ছিৰাজ আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰা ভাৰতে ৪২ অভাৰ এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২০৯ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অক্ষৰ পেটেল আৰু ঈষাণ কিষাণে ৪৬ ৰানকৈ বৰঙণি আগবঢ়ায়। দর্শনীয় বলিং প্রদর্শন কৰা অশ্বদীপে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। ভাৰতীয় বেগী বলাৰ গুৰনুৰ ব্ৰাৰ শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।