ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত নিউজিলেণ্ডে ভাৰতক জয়ৰ বাবে ৩৩৮ ৰানৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। টছত হাবিৰ প্ৰথমে বেট ধৰা নিউজিলেণ্ডে নির্ধাৰিত অ’ভাৰত ৮ টা উইকেট হেৰুৱাই ৩৩৭ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ডেৰিল মিচেল আৰু প্লেন ফিলিপ্প্সছে শতক অর্জন কৰে। ডেৰিল মিচেলে ১৩৭ আৰু ফিলিপছে ১০৬ ৰান কৰি আউট হয়। উইল য়ঙে ৩০ আৰু মাইকেল ব্ৰেছৱেলে ২৮ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ অর্শদীপ সিং আৰু হর্ষিত ৰানাই তিনিটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে এই বাতৰি যুগুতোৱাৰ পৰলৈকে ৪৪ অভাৰত ৮টা উইকেট হেৰুৱাই ২৭৮ ৰাণ সংগ্ৰহ কৰিছে।
Assamese | January 18, 2026 9:19 PM | India-New Zeeland Cricket Series
এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত নিউজিলেণ্ডৰ ভাৰতক জয়ৰ বাবে ৩৩৮ ৰানৰ লক্ষ্য নির্ধাৰণ