ডেৰিল মিটছেলৰ ১৩১ ৰানৰ ইনিংছৰ সহায়ত সহজ জয়ৰে নিউজিলেণ্ডে ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত সমতা স্থাপন কৰিছে। ৰাজকোটত যোৱানিশা অনুষ্ঠিত তিনিখনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত আলহী দলটো ৭ উইকেটত জয়লাভ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰিবলৈ আমন্ত্রণ লাভ কৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেট ২৮৪ ৰান কৰিছিল। কে এল ৰাহুলে সৰ্বাধিক ১১২ ৰান কৰি আউট নোহোৱাকৈ থাকে। অধিনায়ক শুভমন গিলে ৫৬ ৰান কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে ৪৭ অভাৰ আৰু ৩টা বলত ডেবিল মিটছেলৰ শতকীয় ইনিংছৰ লগতে উইল ইয়ঙৰ ৮৭ ৰানৰ সহায়ত তিনিটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। মিটছেলক প্লেয়াৰ অৱ দা মেচ নির্বাচিত কৰা হয়। শৃংখলাৰ চূড়ান্ত খেলখন অহা ১৮ তাৰিখে ইন্দোৰত অনুষ্ঠিত হ’ব।
Assamese | January 15, 2026 10:30 AM | India-New Zeeland Cricket Series
ডেৰিল মিটছেলৰ ১৩১ ৰানৰ ইনিংছৰ সহায়ত নিউজিলেণ্ডৰ ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত সমতা স্থাপন