October 8, 2025 6:20 PM

views 81

১০ অক্টোবৰৰ পৰা আই আই টি গুৱাহাটীত ৩ দিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন

আই আই টি গুৱাহাটীত অহা ১০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন অনুষ্ঠিত হ'ব। অভিৱৰ্তনৰ আয়োজক সমিতিয়ে প্ৰকাশ কৰা মতে এই অভিৱৰ্তনত দেশৰ কমেও ৩৩ খন বিশ্ববিদ্যালয়ৰ এহেজাৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ লগতে ৬০টাৰো অধিক ষ্টার্টআপ কোম্পানীয়ে অংশগ্ৰহণ কৰিব। ১০ অক্টোবৰৰ সন্ধিয়া উদ্বোধনী অনুষ্ঠানৰ পাছতেই কৰ্মশালা অনুষ্ঠিত হ'ব। এই কর্মশালাত ৪ শতাধিক গৱেষকে তেওঁলোকৰ গৱেষণা পত্ৰ পাঠ কৰিব।

October 7, 2025 7:44 PM

views 69

অহা ১০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱর্তন

আই আই টি গুৱাহাটীত অহা ১০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱর্তন অনুষ্ঠিত হ'ব। আজি অভিৱৰ্তনৰ আয়োজক সমিতিয়ে সংবাদ মেলযোগে এই বিষয়ে সদৰি কৰে। এই অভিবৰ্তনত দেশৰ কমেও ৩৩খন বিশ্ববিদ্যালয়ৰ এহেজাৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ লগতে ৬০টাৰো অধিক ষ্টার্ট-আপ কোম্পানীয়ে অংশগ্ৰহণ কৰিব। ১০ অক্টোবৰৰ সন্ধিয়া উদ্বোধনী অনুষ্ঠানৰ পাছতেই কর্মশালা অনুষ্ঠিত হ'ব। এই কর্মশালাত চাৰি শতাধিক গৱেষকে তেওঁলোকৰ গৱেষণা পত্র পাঠ কৰিব বুলি আয়োজকসকলে প্রকাশ কৰে।

July 24, 2025 6:37 PM

views 75

আই আই টি গুৱাহাটীৰ গৱেষক দলৰ বাম্বুচা টুল্ডা নামৰ বাঁহৰ বিশেষ প্রজাতি ব্যৱহাৰেৰে পৰিৱেশ অনুকুল কম্পোজিত মেটেৰিয়েল অর্থাৎ সংমিশ্রিত পদার্থ প্রস্তুত

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ গৱেষকৰ এটা দলে বাম্বুচা টুল্ডা নামৰ বাঁহৰ এটা বিশেষ প্রজাতি ব্যৱহাৰ কৰি পৰিৱেশ অনুকুল কম্পোজিত মেটেৰিয়েল অর্থাৎ সংমিশ্রিত পদার্থ প্রস্তুত কৰিছে। উত্তৰ-পূব ভাৰতৰ আৰ্দ্ৰ আৰু উষ্ণ পৰিৱেশত দ্ৰুতগতিত বৃদ্ধি পোৱা বাঁহৰ প্ৰজাতিটো জৈৱ বিঘ্নিত পলিমাৰৰ সৈতে সংযোগ কৰি এই সংমিশ্রিত পদাৰ্থবিধ তৈয়াৰ কৰা হৈছে। উচ্চ শক্তিসম্পন্ন আৰু তাপৰ স্থিতাযুক্ত এই নতুনকৈ আৱিষ্কৃত পদাৰ্থবিধ কমকৈ আর্দ্রতা শোষণ কৰাৰ লগতে উৎপাদন ব্যয় কম হোৱাৰ কাৰণে সাধাৰণ প্লাষ্টিকৰ বিকল...

July 15, 2025 12:40 PM

views 74

হাইলাকান্দিত কালি এটা সৌৰ প্ৰকল্প আৰু ঔষধী গছৰ খেতি আঁচনি মুকলি

আই আই টি, গুৱাহাটী আৰু শ্ৰীকিষাণ সাৰদা মহাবিদ্যালয়ৰ উদ্যোগত হাইলাকান্দিত কালি এটা সৌৰ প্ৰকল্প আৰু ঔষধী গছৰ খেতি আঁচনি মুকলি কৰা হয়। মহাবিদ্যালয়খনত স্থাপন কৰা ৫০ কিলোৱাট ক্ষমতাসম্পন্ন সৌৰ প্ৰকল্প জিলাখনৰ অতিৰিক্ত আয়ুক্ত দীপামালা গোৱালা, আই আই টি গুৱাহাটীৰ অধ্যাপক সিদ্ধাৰ্থ সিং আৰু এইচ ডি এফ চি বেংকৰ মুৰববী অসীম দাসে উদ্বোধন কৰে। বেংকটোৰ কৰ্প'ৰেট সামাজিক দায়ৱদ্ধতা আঁচনিৰ অধীনত এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে। প্ৰকল্পৰ লগতে ঔষধী গছৰ খেতিও কৰাৰ বাবে আঁচনি লোৱা হৈছে। আই আই টি গুৱাহাটী আৰু এইচ ডি এফ ...

July 12, 2025 8:38 PM

views 61

কাইলৈ আই আই টি গুৱাহাটীৰ ২৭ সংখ্যক সমাৱৰ্তন

আই আই টি গুৱাহাটীৰ কাইলৈ ২৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হ'ব। সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমেৰিকাৰ ক্লেনচন বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু কম্পিউটাৰ অভিযন্তা বিভাগৰ দি হাউচাৰ বেংকছৰ অধ্যাপক ড° ৰাজেন্দ্ৰ সিং আৰু সন্মানীয় অতিথি হিচাপে ইণ্ডিয়ান নেচনেল একাডেমী অৱ ইঞ্জিনিয়াৰিংছৰ অধ্যক্ষ জে দি পাটিল উপস্থিত থাকিব। আই আই টি গুৱাহাটীৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া সমাৱৰ্তনত এইবেলি মুঠ ২ হেজাৰ ৯৩ গৰাকীক ডিগ্রী প্রদান কৰা হ'ব। শিক্ষা প্ৰতিষ্ঠানখনত ১৯৯৯ চনৰ সমাৱৰ্তন তথা ২৬ বছৰৰ পিছত ...

February 12, 2025 8:17 PM

views 75

সমগ্ৰ শিক্ষা অসম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম বিজ্ঞান আৰু গণিত অলিম্পিয়াডৰ আয়োজন

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি শিক্ষাৰ্থীসকলৰ সামগ্রিক শিক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ শিক্ষা অসম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম বিজ্ঞান আৰু গণিত অলিম্পিয়াডৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ২,৫০০ ৰো অধিক বিদ্যালয়ৰ ১ লাখ ৭৫ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই অলিম্পিয়াডত ভাগ লোৱাৰ সুযোগ লাভ কৰিব। ইয়াৰ বাবে অহা সপ্তাহত অনলাইন যোগে ২টা অনুশীলনমূলক পৰীক্ষা অনুষ্ঠিত হ'ব। ৫টা ভাষাত জিলা পৰ্যায়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব।

January 30, 2025 1:48 PM

views 83

আই আই টি গুৱাহাটী আৰু মীৰাক্লাছ অৰ্থটেকৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

জৈৱ চিকিৎসা অভিযান্ত্ৰিক ব্যৱস্থাপনাক আগুৱাই লৈ যোৱাৰ লগতে চিকিৎসা সঁজুলি খণ্ডৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে আই আই টি গুৱাহাটী আৰু মীৰাক্লাছ অৰ্থটেকৰ মাজৰ কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত উপস্থিত থাকি আই আই টি গুৱাহাটীৰ সঞ্চালক দেবেন্দ্ৰ জলিহালে কয়, যে আই আই টি গুৱাহাটীয়ে সমাজ তথা দেশৰ প্ৰযুক্তিগত উন্নয়নৰ বাবে সদায় কাম কৰি আহিছে।

January 29, 2025 12:45 PM

views 54

জীৱিত কোষ আৰু পৰিৱেশত থকা ক্ষতিকাৰক ধাতুসমূহ চিনাক্তকৰণৰ অভিনৱ পদ্ধতি উদ্ভাৱন আই আই টি গুৱাহাটীৰ

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গৱেষকৰ এটা দলে জীৱিত কোষ আৰু পৰিৱেশত থকা ক্ষতিকাৰক ধাতুসমূহ চিনাক্তকৰণৰ এটা অভিনৱ পদ্ধতি উদ্ভাৱন কৰিছে। পদার্থ বিজ্ঞানৰ গৱেষক-অধ্যাপক সৈকত ভৌমিকৰ নেতৃত্বত মানৱ কোষত থকা পাৰাৰ দৰে বিষাক্ত ধাতু চিনাক্তকৰণৰ লগতে জৈৱিক ব্যৱস্থাত ধাতুজনিত বিষক্রিয়া ধৰা পেলোৱা সন্দৰ্ভত গৱেষণা কৰা হয়। মানুহৰ চুলিতকৈ প্ৰায় ১ লাখ গুণ সৰু নেন’স্ফটিকৰ সৈতে ধাতুৰ বিক্ৰিয়াৰ বিষয়ে কৰা গৱেষণাত ধাতুসমূহে জীৱিত মানৱ কোষত দূষিত খাদ্য, পানী বা শ্বাস-প্ৰশ্বাসৰ জৰিয়তে ঘটিব পৰা সংস্...

January 20, 2025 1:12 PM

views 58

আই আই টি গুৱাহাটীত পেন আই আই টি ৱৰ্ল্ড অব্ টেকন’লজি মিট ২০২৫ শীৰ্ষক অনুষ্ঠান

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটীত কাইলৈ পেন আই আই টি ৱৰ্ল্ড অব্ টেকন'লজি মিট ২০২৫ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিষ্ঠানটোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত হ'বলগীয়া প্ৰযুক্তি বিদ্যা সম্পৰ্কীয় এই সন্মিলনখন কাইলৈ পুৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড° ৰবি এছ কোটাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গুৱাহাটী প্ৰেছ ক্লাবত কালি আয়োজিত এখন সংবাদ মেলত আই আই টি গুৱাহাটীৰ একাংশ বিষয়ববীয়াই এই কথা জানিবলৈ দি কয়, যে কাইলৈৰ এই অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ প্রতিষ্ঠাপক সঞ্চালক অধ্য...

January 3, 2025 12:23 PM

views 63

স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ উদ্ভাৱনীমূলক হাইড্ৰজেল প্ৰস্তুত আই আই টি, গুৱাহাটীৰ গৱেষকৰ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটী আৰু কলকাতাৰ বসু প্ৰতিষ্ঠানৰ এটা গৱেষক দলে স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে উদ্ভাৱনীমূলক হাইড্ৰজেল প্ৰস্তুত কৰি উলিয়াইছে। এই উদ্ভাৱনীমূলক হাইড্রজেল ভিত্তিক চিকিৎসাৰ সহায়ত টিউমাৰৰ স্থানলৈ পোনপটীয়াকৈ কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধ প্ৰেৰণ কৰিব পৰা যাব। ইয়াৰ ফলত কৰ্কট ৰোগৰ গতানুগতিক চিকিৎসাৰ সৈতে জড়িত পাৰ্শ্বক্ৰিয়া বহু পৰিমাণে হ্ৰাস পাব। এই গৱেষণা তথ্যসমূহ ৰয়েল ছ'চাইটী অব কেমেষ্টিৰ গৱেষণা হৰাইজনত প্ৰকাশ পাইছে। গৱেষণাপত্ৰখনৰ সহ লেখক হৈছে দেৱপ্ৰতীম দা...