আই আই টি, গুৱাহাটী আৰু শ্ৰীকিষাণ সাৰদা মহাবিদ্যালয়ৰ উদ্যোগত হাইলাকান্দিত কালি এটা সৌৰ প্ৰকল্প আৰু ঔষধী গছৰ খেতি আঁচনি মুকলি কৰা হয়। মহাবিদ্যালয়খনত স্থাপন কৰা ৫০ কিলোৱাট ক্ষমতাসম্পন্ন সৌৰ প্ৰকল্প জিলাখনৰ অতিৰিক্ত আয়ুক্ত দীপামালা গোৱালা, আই আই টি গুৱাহাটীৰ অধ্যাপক সিদ্ধাৰ্থ সিং আৰু এইচ ডি এফ চি বেংকৰ মুৰববী অসীম দাসে উদ্বোধন কৰে। বেংকটোৰ কৰ্প’ৰেট সামাজিক দায়ৱদ্ধতা আঁচনিৰ অধীনত এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে। প্ৰকল্পৰ লগতে ঔষধী গছৰ খেতিও কৰাৰ বাবে আঁচনি লোৱা হৈছে। আই আই টি গুৱাহাটী আৰু এইচ ডি এফ চি বেংকে জিলাখনত ১৫ খন অনুৰূপ আঁচনি মুকলি কৰিব বুলি অধ্যাপক সিদ্ধাৰ্থ সিঙে প্ৰকাশ কৰে।
Assamese | July 15, 2025 12:40 PM | IIT
হাইলাকান্দিত কালি এটা সৌৰ প্ৰকল্প আৰু ঔষধী গছৰ খেতি আঁচনি মুকলি