ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি শিক্ষাৰ্থীসকলৰ সামগ্রিক শিক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ শিক্ষা অসম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম বিজ্ঞান আৰু গণিত অলিম্পিয়াডৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ২,৫০০ ৰো অধিক বিদ্যালয়ৰ ১ লাখ ৭৫ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই অলিম্পিয়াডত ভাগ লোৱাৰ সুযোগ লাভ কৰিব। ইয়াৰ বাবে অহা সপ্তাহত অনলাইন যোগে ২টা অনুশীলনমূলক পৰীক্ষা অনুষ্ঠিত হ‘ব। ৫টা ভাষাত জিলা পৰ্যায়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ‘ব।
Assamese | February 12, 2025 8:17 PM | Guwahati | IIT
সমগ্ৰ শিক্ষা অসম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম বিজ্ঞান আৰু গণিত অলিম্পিয়াডৰ আয়োজন