আই আই টি গুৱাহাটীত অহা ১০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱর্তন অনুষ্ঠিত হ‘ব। আজি অভিৱৰ্তনৰ আয়োজক সমিতিয়ে সংবাদ মেলযোগে এই বিষয়ে সদৰি কৰে। এই অভিবৰ্তনত দেশৰ কমেও ৩৩খন বিশ্ববিদ্যালয়ৰ এহেজাৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ লগতে ৬০টাৰো অধিক ষ্টার্ট-আপ কোম্পানীয়ে অংশগ্ৰহণ কৰিব। ১০ অক্টোবৰৰ সন্ধিয়া উদ্বোধনী অনুষ্ঠানৰ পাছতেই কর্মশালা অনুষ্ঠিত হ‘ব। এই কর্মশালাত চাৰি শতাধিক গৱেষকে তেওঁলোকৰ গৱেষণা পত্র পাঠ কৰিব বুলি আয়োজকসকলে প্রকাশ কৰে।
Assamese | October 7, 2025 7:44 PM | IIT
অহা ১০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱর্তন