December 18, 2024 10:44 AM

views 75

অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে বতৰ ফৰকাল হৈ থাকিব

বতৰৰ বতৰা– বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে বতৰ ফৰকাল হৈ থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৬.৫ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১১.৪ ডিগ্রী ছেলছিয়াছ। আজি গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১১ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ডাঠ কুঁৱলী পৰাৰ স...

December 13, 2024 6:26 PM

views 52

বৰাগাঁৱত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযানত ৭ জন অভিযুক্তক আটক

গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনা সন্দৰ্ভত আজি পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই ৭ জন অভিযুক্তক আটক কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই প্ৰকাশ কৰা অনুসৰি ৫ দিন পূর্বে বৰাগাঁৱৰ দূৰ্গা মন্দিৰ প্ৰাংগনত ১৮ বছৰৰ পৰা ২৩ বছৰ বয়সীয়া এই বিকৃত মানসিকতাৰ যুৱককেইজনে ৰাস চাই উভতি অহা এগৰাকী যুৱতীক দলবদ্ধভাৱে ধৰ্ষণ কৰে আৰু এই দৃশ্য ম'বাইল ফোনত আবদ্ধ কৰে। এগৰাকী সাংবাদিকে এই আপত্তিজনক ভিডিঅ' গড়চূক আৰক্ষীক জমা দিয়াৰ পাছত গড়চুক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ূৰজিৎ গগৈৰ নেতৃত্বত এটা দলে...

December 11, 2024 12:48 PM

views 67

বতৰৰ বতৰাঃ গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব

বতৰৰ বতৰাঃ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অহা ২৪ ঘণ্টাৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ৰাজ্যত পুৱা আৰু নিশাৰ ভাগত কুঁৱলী পৰাৰ সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৪.৪ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৪.৮ ডিগ্রী ছেলছিয়াছ। আজি গুৱাহাটীৰ তাপমাত্রা সৰ্বোচ্চ ২৬ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বতৰ ...

December 10, 2024 9:17 PM

views 56

শিলপুখুৰীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লোক জাগৰণ মঞ্চৰ অসম শাখাৰ প্ৰতিবাদ

বাংলাদেশৰ সংখ্যালঘু হিন্দু আৰু অন্যান্য ধৰ্মীয় লোকৰ ওপৰত অব্যাহত থকা উৎপীড়ন সোনকালে বন্ধ কৰাৰ দাবী উত্থাপন কৰি আজি গুৱাহাটীৰ শিলপুখুৰীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লোক জাগৰণ মঞ্চৰ অসম শাখাই প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছলৈ বুলি দিয়া এখন স্মাৰক পত্ৰ মঞ্চৰ কৰ্মকৰ্তাসকলে সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনৰ হাতত অৰ্পণ কৰে। স্মাৰক পত্ৰখনত বাংলাদেশত হিন্দু আৰু আন ধৰ্মীয় সংখ্যালঘু সকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰা...

December 5, 2024 9:07 PM

views 50

মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড আন্তর্জাতিক বেডমিণ্টনত ভাৰতৰ এম তৰুণ পুৰুষ শাখাত আৰু কে সাত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰ মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

গুৱাহাটীত অনুষ্ঠিত মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ এম তৰুণে পুৰুষৰ শাখাত আৰু কে সাত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰৰ মিক্সড ডাবলছৰ যুটীটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলি থকা প্রতিযোগিতাখনত আজি অনুষ্ঠিত প্ৰি- কোৱাৰ্টাৰ ফাইনেলত তৰুণে ২৪-২২, ১৫–২১, ২১-১৩ৰ ব্যৱধানত শীৰ্ষ বাছনিৰ ভাৰতীয় শ্বাটলাৰ প্ৰিয়াংশু ৰাজাৱাটক পৰাস্ত কৰে। তেওঁৰ লগতে ভাৰতীয় খেলুৱৈ সতীশ কুমাৰ, ৰবি ৰবি আৰু আয়ুস চেত্তীয়ে পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰ...

December 4, 2024 12:24 PM

views 63

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানত আয়োজিত দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ সামৰণি

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান অর্থাৎ আই আই টিত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই ভাষণ দিয়ে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, যে এই মহোৎসৱে বিজ্ঞানক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয়, যে ৰাজ্যখনৰ প্ৰতিটো উন্নয়ন খণ্ডক সামৰি ২১৯টা বিজ্ঞান কেন্দ্ৰ স্থাপনৰ পাছত এতিয়া প্ৰতিখন জিলাতে বিজ্ঞান কেন্দ্ৰ স্থাপনৰ ব্য...

November 29, 2024 8:42 PM

views 60

অসম অভিযান্ত্রীক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা আৰু কাৰিকৰী শিক্ষা বিভাগৰ প্ৰাক্তন সঞ্চালক প্রদীপ গোস্বামীৰ দেহাৱসান

আজাৰা নিবাসী অসম অভিযান্ত্রীক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা আৰু কাৰিকৰী শিক্ষা বিভাগৰ প্ৰাক্তন সঞ্চালক প্রদীপ গোস্বামীৰ আজি বিয়লি হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।

November 29, 2024 8:37 PM

views 54

৩ ডিচেম্বৰৰ পৰা গুৱাহাটী মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হ’ব

সৰুসজাই ক্রীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত অহা ৩ ডিচেম্বৰৰ পৰা গুৱাহাটী মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাখনত ভাৰতৰ লগতে ২৩ খন দেশৰ মুঠ ৪৬১ গৰাকী শ্বাটলাৰে অংশগ্ৰহণ কৰিব। ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্রমাগত দ্বিতীয়বাৰৰ বাবে এই প্রতিযোগিতা আয়োজনৰ সুযোগ লাভ কৰিছে।

November 20, 2024 8:48 PM

views 53

২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে ‘অসম গ্রন্থমেলা’ অনুষ্ঠিত হ’ব

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্রন্থমেলা অনুষ্ঠিত হ'ব। প্রকাশন প্রতিষ্ঠান তথা অন্যান্য বিপণীৰ বাবে ইতিমধ্যে আবেদন পত্ৰ মুকলি কৰা হৈছে। গুৱাহাটীৰ বামুণীমৈদামত থকা অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয় তথা পাণবজাৰৰ যশৱন্ত পথৰ সৰস্বতী মার্কেটত থকা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ কাৰ্যালয় আৰু www.publicationboardassam.com ৱেবছাইটৰ পৰা আবেদন সংগ্ৰহ কৰিব ...

November 2, 2024 7:13 PM

views 70

কুলদা কুমাৰ ভট্টাচাৰ্যলৈ গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রথিতযশা শিল্পী, অভিনেতা, পৰিচালক আৰু নাট্যকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যলৈ আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছত বিশিষ্ট অভিনেতা- পৰিচালকজনৰ ইচ্ছা অনুযায়ী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত তেওঁৰ দেহ দান কৰা হয়। চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ হৈ মহাবিদ্যালয়খনৰ অধ্যক্ষই মৰ্যাদা সহকাৰে মৰণোত্তৰ দেহ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ভট্টাচাৰ্যই ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে ২০১০ চনত আৰু ২০২২ চনত চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্য...