June 12, 2025 11:12 AM

views 62

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড০ সোনাল মানসিঙক চলিত বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান

● মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড০ সোনাল মানসিঙক আজি প্ৰদান কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ড০ মানসিঙক এই বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত থাকিব। বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ জৰিয়তে অসমত আধ্যা...

June 7, 2025 7:48 PM

views 58

কাইলৈৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা পুনৰ আৰম্ভ

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা কাইলৈৰ পৰা পুনৰ আৰম্ভ হব। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ তললৈ নামি অহাৰ পৰিপ্ৰেক্ষিতত অভ্যন্তৰীণ জল পৰিবহন বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে জলপৃষ্ঠ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে বিগত ৫ দিন গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ ৰাখিছিল ৷

June 2, 2025 9:21 PM

views 60

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে। আভ্যন্তৰীণ জন পৰিবহণ বিভাগে এটা নির্দেশ যোগে এই কথা প্ৰকাশ কৰিছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত এই সেৱা বন্ধ থাকিব। কামৰূপ জিলা প্ৰশাসনে এই সময়ছোৱাত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ উত্তৰ গুৱাহাটীলৈ চলাচল কৰা হ'ব বুলি প্ৰকাশ কৰিছে।

June 2, 2025 9:15 PM

views 86

শক্তিপীঠ কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত হ'ব। ২২ জুনৰ বিয়লি ২ বাজি ৫৬ মিনিচত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। আজি গুৱাহাটীৰ পল্টন বজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত ২৪ টা বিভাগৰ সৈতে অম্বুবাচী মহাযোগ সন্দৰ্ভত এখন প্রস্তুতি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত পর্যটন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশা...

June 1, 2025 1:29 PM

views 79

সন্ধিয়া ৭.৪৫ বজাত আকাশবাণী গুৱাহাটীৰ বৰষুণৰ এটা দিন শীৰ্ষক ‘সংবাদ চলন্তিকা’

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭.৪৫ বজাৰ সংবাদ চলন্তিকাত বৰষুণৰ এটা দিন শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত শুকুৰবাৰে গুৱাহাটী মহানগৰীত হোৱা অভূতপূৰ্ব নগৰীয়া বানৰ সময়ত সৃষ্টি হোৱা অচলাৱস্থা আৰু এই সময়ত মানৱীয় প্ৰমূল্য সম্পৰ্কত ছাত্র-ছাত্রী, অভিভাৱক, আৰক্ষী কৰ্মচাৰী আৰু সাংবাদিকৰ মতামত শুনিবলৈ পাব। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

May 24, 2025 7:25 PM

views 60

কাইলৈ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন কেন্দ্ৰৰ লগতে গুৱাহাটীৰ মুঠ ২৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। গুৱাহাটীৰ পৰীক্ষা কেন্দ্ৰসমূহত মুঠ ১০ হাজাৰ ৫৮৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষাকেন্দ্ৰৰ এশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী, পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত বিষয়া, আৰক্ষী, আৰু চৰকাৰ অথবা জিলা আয়ুক্তৰ কৰ্তৃত্বপ্রাপ্ত ল...

May 23, 2025 7:59 PM

views 55

অহা ২৫ মে’ত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা

 কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা অহা ২৫ মে'ত অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন কেন্দ্ৰৰ লগতে গুৱাহাটীৰ মুঠ ২৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। গুৱাহাটীৰ পৰীক্ষা কেন্দ্ৰসমূহত মুঠ ১০ হাজাৰ ৫৮৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষাকেন্দ্ৰৰ এশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী, পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত বিষয়া, আৰক্ষী, আৰু চৰকাৰ অথবা জিলা আয়ুক্তৰ কৰ্তৃত্বপ্...

May 23, 2025 6:39 PM

views 51

গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত সংবাদ পত্রিকাৰ সম্পাদক আৰু পর্যালোচক সন্মিলন অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰ্যালয়ৰ অধীনস্থ কেন্দ্ৰীয় আয়ুর্বেদ বিজ্ঞান গৱেষণা পৰিষদ CCRAS ৰ অন্তৰ্গত গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সংবাদ পত্রিকাৰ সম্পাদক আৰু পর্যালোচকসকলৰ এখন সন্মিলন অনুষ্ঠিত হৈছে। CCRAS ৰ সঞ্চালক প্ৰধান ৰবিনাৰায়ণ আচাৰ্যই আজি এই সন্মিলন আনুষ্ঠানিকভাৱে মুকলি কৰে। কাইলৈ সামৰণি পৰিবলগীয়া এই সন্মিলনত সমগ্ৰ দেশৰ বহু কেইগৰাকী মুখ্য সম্পাদক, সম্পাদক, সম্পাদনা সমিতিৰ সদস্য আৰু পৰ্যালোচকে অংশগ্ৰহণ কৰে।

April 9, 2025 12:48 AM

views 47

ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ আৰু ১৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই আজি গুৱাহাটীত ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ আৰু ১৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয়, যে আয়োগৰ এই অনুষ্ঠান কেৱল সংঘৰ আনুষ্ঠানিক সমাবেশেই নহয়, বৰঞ্চ ভাৰতীয় গণতন্ত্ৰৰ স্বচ্ছ সংস্কৃতিৰ গুৰুত্বপূৰ্ণ উদযাপন। ২০০৫ চনত প্ৰৱৰ্তন কৰা তথ্য জনাৰ অধিকাৰ আইনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে এই আইনখনে স্বচ্ছতাক ৰক্ষা কৰাৰ লগতে দুর্নীতি হ্ৰাস কৰা প্ৰশাসনিক সেৱা আগবঢ়োৱা আৰু দায়বদ্ধতা সুনিশ্চিত ক...

April 2, 2025 8:58 PM

views 86

অসম ৰাজ্যিক নির্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা

অসম ৰাজ্যিক নির্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগে কৈছে যে ৰাজ্যখনত ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যিক নির্বাচন আয়ুক্ত অলোক কুমাৰে আজি গুৱাহাটীত এখন সংবাদ মেলত কয় যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ষষ্ঠ অনুসূচীৰ এলেকাসমূহৰ বাহিৰে বাকী ঠাইসমূহত নির্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে। ষষ্ঠ অনুসূচীৰ এলেকাসমূহত এই নির্বাচন অনুষ্ঠিত নহয়। প্রথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাৰ জিলাসমূহত আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমৰ জিলাসমূহত ভোট...