May 25, 2024 6:06 PM

views 90

অহা ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইতে গৰম আৰু আৰ্দ্ৰতা সর্বোচ্চ তাপমাত্রা স্বাভাৱিকতকৈ ৫ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছৰ অধিক হোৱাৰ সম্ভাৱনা

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে অহা ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইতে গৰম আৰু আৰ্দ্ৰতা বেছি হোৱাৰ লগতে সর্বোচ্চ তাপমাত্রা স্বাভাৱিকতকৈ ৫ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছৰ অধিক হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত দুই এঠাইত গ্ৰীষ্ম প্রবাহৰ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে।

May 18, 2024 10:38 PM

views 54

সম্ভাৱ্য দুৰ্যোগ নিবাৰণৰ বাবে বিভিন্ন জিলাত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কেতবোৰ কাৰ্যপন্থা গ্ৰহণ

ৰাজ্যৰ বিভিন্ন জিলাত দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ আইনৰ অধীনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণসমূহে সম্ভাৱ্য দুৰ্যোগ নিবাৰণৰ বাবে কেতবোৰ কাৰ্যপন্থা হাতত লৈছে। এই উপলক্ষে কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত ছাট্টাৱানে মহানগৰীত ভূমিস্খলন আৰু কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰাৰ লগতে দুৰ্যোগৰ সময়ত হোৱা প্ৰাণহানি ৰোধ কৰাৰ বাবে মহানগৰীখনৰ পাহাৰীয়া অঞ্চলসমূহৰ লগতে জলাশয় আৰু নিম্ন অঞ্চলসমূহত বাৰিষাৰ কালছোৱাত খনন কাৰ্য নকৰিবলৈ নিৰ্দেশ দিছে। যোৰহাটতো জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা দুর্যোগ ব্যৱস্থাপনা প্...

May 18, 2024 10:13 PM

views 82

একাদশ শ্ৰেণীৰ নামভৰ্তিৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ জাননী

◊ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া চলি থকাৰ পৰিপ্ৰেক্ষিতত এখন গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। এই অনুসাৰে শিক্ষা সংসদে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ নামভর্তি প্রক্রিয়া নির্দিষ্ট দৰ্পন পোৰ্টেলৰ যোগেৰে সম্পন্ন কৰিবলৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে দর্পন পোৰ্টেলত পঞ্জীয়নভুক্ত নোহোৱা কিছু শিক্ষানুষ্ঠানে নিজাববীয়াকৈ অফলাইন প্ৰক্ৰিয়াৰে শিক্ষাৰ্থীৰ নামভৰ্তি কৰি থকাৰ ঘটনা দৃষ্টিগোচৰ হোৱাৰ পাছতে শিক্ষা সংসদে ছাত্র-ছাত্ৰী আৰু অভিভাৱকসক...

May 18, 2024 10:48 PM

views 78

আই পি এলঃ বৰ্ষাপাৰাত টি-২০ খেলৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ টি-২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়তৰ সুবিধা হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নি নিৰ্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসাৰে কাইলৈ দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নম্বৰ ৰাষ্ট্ৰ...

May 18, 2024 10:03 PM

views 93

আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস

♦ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হৈছে। বাক্সা জিলাৰ শালবাৰীত এই উপলক্ষে শালবাৰী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত এলানি কাৰ্যসূচী পালন কৰা হয়৷ শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সভাপতি ডম্বৰুধৰ বসুমতাৰীয়ে পতাকা উত্তোলন কৰাৰ পাছতেই নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ সভাপতি উমেশ দৈমাৰীয়ে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন আৰু পুস্পাঞ্জলি অর্পন কৰে। অনুষ্ঠানত শালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ, শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অ...

May 18, 2024 10:06 PM

views 67

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে অনলাইনৰ জৰিয়তেহে আবেদন কৰিব লাগিব

♦উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তেহে আবেদন জনাব পাৰিব। এই সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এখন অধিসূচনা অনুসৰি উত্তৰ বহী পুনৰীক্ষণ কৰিবলৈ বিচৰা পৰীক্ষাৰ্থীসকলে অহা ২২ মে'ৰ বিয়লি ৫ বজা পর্যন্ত ahsec.assam.gov.inত অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ বাবে পৰীক্ষাৰ্থীসকলে মাছুলো অনলাইনযোগে আদায় কৰিব লাগিব।

May 18, 2024 10:56 PM

views 79

কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছেঃ অৰ্জুন ৰাম মেঘৱাল

♦ কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি গুৱাহাটীত প্ৰকাশ কৰে। মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ আই আই টি গুৱাহাটীত আয়োজিত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ শীৰ্ষক সন্মিলনত দিয়া ভাষণত তেঁও এইদৰে কয়। তেওঁ লগতে ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি কয় যে, এনে ধ...

May 17, 2024 7:53 PM

views 77

বিশিষ্ট চিন্তাবিদ ড° হীৰেণ গোহাঁইক পৰাগ কুমাৰ দাস সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান

গুৱাহাটীত আজি আয়োজিত এটা অনুষ্ঠানত ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ড° হীৰেণ গোহাঁইক পৰাগ কুমাৰ দাস সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। পৰাগ কুমাৰ দাসৰ মৃত্যু বার্ষিকী উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত ড° গোহাঁইক এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত প্রবীণ অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য, গল্পকাৰ অপূৰ্ব কুমাৰ শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত মনোৰম গগৈয়ে পৰাগ কুমাৰ দাসৰ জীৱন সন্দৰ্ভত আলোকপাত কৰে।

May 17, 2024 5:26 PM

views 89

প্রাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ চিকিৎ‍সাধীন অৱস্থাত দেহাৱসান

সম গণ পৰিষদৰ প্ৰাক্তন সভাপতি, বর্ষীয়ান ৰাজনীতিবিদ, প্রাক্তন শিক্ষা মন্ত্ৰী, ৰঙিয়াৰ তিনিবাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ আজি পুৱা চিকিৎ‍সাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। যোৱা ১৩ মে'ত সংকটজনক অৱস্থাত ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল। প্রাক্তন মন্ত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালকৰ নেতৃত্বত এদল চ...

May 14, 2024 8:50 PM

views 60

গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজৰ খেলখনৰ বাবে যাৱতীয় প্রস্তুতি সম্পূর্ণ

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজত হ'বলগীয়া খেলখনৰ বাবে যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ হৈছে। পাঞ্জাব কিংছৰ দলটো দেওবাৰে গুৱাহাটীলৈ অহাৰ বিপৰীতে ৰাজস্থান ৰয়েলছ কালি বিয়লি গুৱাহাটীত আহি উপস্থিত হয়। আজি দুয়োটা দলেই বর্ষাপাৰাৰ ষ্টেডিয়ামত অনুশীলন কৰাৰ পাছত ৰাজস্থান ৰয়েলছৰ দলটোৱে এখন সংবাদ মেলত অংশ লয়। গুৱাহাটীত হ'বলগীয়া দুয়োখন খেলৰ বাবে অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে।