সম গণ পৰিষদৰ প্ৰাক্তন সভাপতি, বর্ষীয়ান ৰাজনীতিবিদ, প্রাক্তন শিক্ষা মন্ত্ৰী, ৰঙিয়াৰ তিনিবাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ আজি পুৱা চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। যোৱা ১৩ মে’ত সংকটজনক অৱস্থাত ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল। প্রাক্তন মন্ত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালকৰ নেতৃত্বত এদল চিকিৎসা বিশেষজ্ঞৰে বিশেষ বোর্ড গঠন কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছিল যদিও আজি পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
Assamese | May 17, 2024 5:26 PM | AKASHVANI GUWAHATI NEWS | Assam | Guwahati
প্রাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ চিকিৎসাধীন অৱস্থাত দেহাৱসান